Active and Strong Legislator: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষ, শক্তিশালী বিধায়ক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ কৰ্মদক্ষ, শক্তিশালী বিধায়ক
শীৰ্ষ বিধায়কৰ দ্বিতীয় স্থানত মন্ত্ৰী পীয়ুষ হাজৰিকা
বিগত ৫ বছৰৰ সমীক্ষা অনুসৰি প্ৰতিবেদন

DD TIMES গুৱাহাটী, ২ মাৰ্চঃ ৰাজ্যিক বিজেপিৰ শেহতীয়া এক সমীক্ষা অনুসৰি, বিগত পাঁচ বছৰত ৰাজ্যৰ আটাইতকৈ বেছি উন্নয়ন হোৱা দহটা বিধানসভা সমষ্টি আৰু বিধায়কসকলৰ তালিকা প্ৰকাশ কৰিছে। (Active and Strong Legislator)
এই সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টি উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে বিকশিত অসমৰ (ASSAM) আৰম্ভণি মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ পৰাই আৰম্ভ হৈছে।
সমষ্টিটোত এই সময়ছোৱাত (AIIMS)ৰ দৰে দেশৰ অগ্ৰণী স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান, বিশ্বমানৰ গুৱাহাটীৰ নতুন টাৰ্মিনেল, আৰু ফাঁচীবজাৰ উত্তৰপাৰ সংযোগী গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং, আইআইটি (IIT), ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয় লগতে সামগ্ৰিকভাৱে সমষ্টিটোত ৰাস্তা-ঘাট, শিক্ষা, পানী যোগান, চিকিৎসা ব্যৱস্থাকে ধৰি সকলোতে যথেষ্ট উন্নয়ন হয় ৰাজ্যৰে সৰ্বশ্ৰেষ্ঠ সমষ্টি হিচাপে জালুকবাৰীক গঢ়ি তোলা হৈছে।
দ্বিতীয় স্থানত থকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ জাগীৰোড সমষ্টিতো বিগত পাঁচ বছৰত উল্লেখনীয় উন্নয়ন হৈছে।
ইয়াৰ ভিতৰত উল্লেখযোগ্য টাটা ছেমি কণ্ডাক্টৰকে (Tata Semi Conductor) ধৰি নতুন ষ্টেডিয়াম, নতুন আন্তঃগাঁথনি, ৰাস্তা-ঘাট, শিক্ষা, স্বাস্থ্যৰ সকলো দিশতে যথেষ্ট উন্নয়ন সম্ভৱ হৈছে জাগীৰোড সমষ্টিত।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিনত নলবাৰী সমষ্টিতো বিকাশৰ নতুন গতি লাভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ হৈছে।
সমষ্টিটোত নতুন ষ্টেডিয়াম, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, ৰাস্তা-ঘাট, শিক্ষা-স্বাস্থ্যৰ সকলোতে যথেষ্ট উন্নয়ন সম্ভৱ হৈছে।
মন্ত্ৰী অশোক সিংহালৰ ঢেকীয়াজুলি সমষ্টি, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পলাশবাৰী, ৰঞ্জিত কুমাৰ দাসৰ বজালী সমষ্টি, বিমল বৰাৰ টিংখাং সমষ্টি, মন্ত্ৰী কৌশিক ৰায়ৰ লক্ষীপুৰ সমষ্টি, আৰু তৰংগ গগৈৰ নাহৰকটীয়া সমষ্টিতো বিগত পাঁচ বছৰত নতুন আন্তঃগাঁথনিকে ধৰি নতুন ষ্টেডিয়াম, নতুন মহাবিদ্যালয়, চিকিৎসা, শিক্ষা, আৰু পথ যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন দেখা পোৱা গৈছে।
এই সকলোৰে ভিতৰত বিশেষকৈ বিগত পাঁচটা বছৰত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পলাশবাৰী সমষ্টিত উত্তৰ পূৱৰ দ্বিতীয়খন আইআইএম (IIM) স্থাপন, আয়ুৰ্বেদিক কলেজ, আজিম প্ৰেমজি ইউনিভাৰ্চিটি, আৰু কিডনী ৰোগীৰ বিনামূলীয়া ডায়লাইছিছ চেণ্টাৰ স্থাপন হোৱাটো ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে।

