অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AAP AND NATIONAL: ৰাষ্ট্ৰীয় পৰ্যায়ত জুবিন গাৰ্গলৈ ন্যায়ৰ দাবী উত্থাপন আপৰ নেতা অৰবিন্দ কেজৰীৱালৰ

Spread the love

ৰাষ্ট্ৰীয় পৰ্যায়ত জুবিন গাৰ্গলৈ ন্যায়ৰ দাবী উত্থাপন অৰবিন্দ কেজৰীৱালঃ জুবিন গাৰ্গলৈ ন্যায়হে প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ অৰবিন্দ কেজৰীৱাল

DD TIMES গুৱাহাটী, ১৭ অক্টোবৰঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা আজি প্ৰায় এমাহেই হ’ল৷ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লেহেমীয়া হ’ব ধৰিছে৷

অসম আৰক্ষীয়েও চাৰ্জছীট দাখিলৰ বাবে ৩ মাহৰ সময় লৈছে৷ অগণন জুবিন প্ৰেমী কেৱল সামাজিক মাধ্যমতে নহয়, ৰাজপথলৈও ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি৷ বুধবাৰে ১ মিলিয়ন পাৰ কৰিছে প্ৰিয় শিল্পী গৰাকীৰ ন্যায় বিচাৰি কৰা হেচটেগ আন্দোলনেও (#JusticeForZubeenGarg). শেহতীয়াকৈ আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰীৱালেও এক্স আৰু ফেচবুকত এই হেচটেগ ব্যৱহাৰ কৰি মহান শিল্পী গৰাকীৰ নিৰপেক্ষ আৰু ক্ষিপ্ৰতৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াৰ দাবী কৰিছে৷

জুবিন গাৰ্গলৈ ন্যায়হে প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে কেজৰীৱালে৷ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে আমাৰ মৰমৰ জুবিনদালৈ উচিত ন্যায় নিশ্চিত কৰিবলৈ হ’লে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় হেঁচাৰ বহু প্ৰয়োজন৷

জাতি-দল-ধৰ্ম-সংগঠন নিৰ্বিশেষে সকলোৱে একজোঁট হৈ জুবিন গাৰ্গৰ ন্যায় দাবী তীব্ৰতৰ কৰিবলৈ আহ্বান কৰিছে ডা° ভবেন চৌধুৰীয়ে৷

উল্লেখযোগ্য যে প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুৰ তদন্তত ইন্টাৰপ’লক সাঙুৰি ল’বলৈ প্ৰথমতেই দাবী উত্থাপন কৰিছিল ডা° চৌধুৰীয়ে৷ কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল, পোনপটীয়া কথাৰে সময়ক সহযোগ কৰা আৰু শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ বজাই ৰাখিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপৰ উঃপূঃৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে “জুবিনদাৰ সপোনবোৰ আমি জীয়াই ৰাখিব লাগিব৷

আমি শান্তি আৰু একতাৰে আগবাঢ়িব লাগিব৷” জুবিন গাৰ্গৰ মৃত্যুৰ ফাষ্ট ট্ৰেক ন্যায়িক প্ৰক্ৰিয়াৰ দাবী কৰিছে শৰ্মাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!