একবিংশ শতিকাৰ সমাজ-অৰ্থনৈতিক প্ৰেক্ষাপটত মাৰ্টিনাৰ পৰা পাণ্ডা ৰাজনীতিলৈ
গ্ৰন্থবাৰ্তাত লিখিছে মানস প্ৰতিম দত্তই
একবিংশ শতিকাৰ অসমীয়া সমাজ-অৰ্থনৈতিক জীৱনৰ জটিলতা, সপোন, সংগ্ৰাম আৰু পৰিৱৰ্তনৰ ছবিখনৰ বহুতো অকথিত আৰু লোকচক্ষুৰ অদূৰৰ অলিখিত কাহিনী সময়ৰ সোঁতত প্ৰবাহিত হৈ আছে। একবিংশ শতিকা হৈছে বিশ্বায়ন, প্ৰযুক্তিৰ অগ্ৰগতি, সাংস্কৃতিক সংমিশ্ৰণ, আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ দ্বাৰা গঢ় লৈ উঠা এখন জটিল আৰু প্ৰগতিশীল সমাজ ব্যৱস্থা।

এই সমাজ অতীতৰ পৰা উত্তৰাধিকাৰসূত্ৰে পোৱা পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ ফলত গঢ় লৈ উঠিছে য’ত সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, আৰু ৰাজনৈতিক দিশবোৰে নিত্য নতুন ৰূপ লাভ কৰিছে। এনে সমাজ আৰু ঘটনা-পৰিঘটনাৰ নিৰ্মোহ বিশ্লেষণ আৰু অভিজ্ঞতাৰ সৰল বৰ্ণনাৰ বাস্তৱ চিত্ৰ তুলি ধৰা হৈছে জিতেন কলিতাৰ ‘মার্টিনাক ৰেকেটখন দিয়া নহ’ল’ নামৰ গ্ৰন্থখনত। গ্ৰন্থখনৰ মূল বিষয়বস্তু হ’ল জীৱনৰ বিচিত্ৰতা আৰু মানৱীয় স্থিতিস্থাপকতাৰ উদযাপন।
গ্ৰন্থখনত ব্যক্তিগত স্মৃতিৰ পৰা আৰম্ভ কৰি বিশ্বৰাজনীতি আৰু সমাজৰ সূক্ষ্ম সমস্যালৈকে বিস্তাৰিত গ্ৰন্থত ৩৪টা প্ৰবন্ধ সংকলিত হৈছে। লেখকৰ অনুপম বৰ্ণনাশৈলী, ব্যতিক্ৰমী কাহিনী আৰু সহজ-সৰল ভাষাৰ ব্যৱহাৰে এই গ্ৰন্থক এক অনন্য ৰূপ প্ৰদান কৰিছে।
গ্ৰন্থখনৰ বিষয়বস্তুৰ বৈচিত্ৰ্যতা মন কৰিবলগীয়া— টেনিছৰ কিংবদন্তি মাৰ্টিনা নাভ্ৰাটিলোভাৰ জয়যাত্ৰাৰ আৰু লেখকৰ জীৱনত মাৰ্টিনাৰ জীৱনে পেলোৱা প্ৰভাৱৰ পৰা আৰম্ভ কৰি চীনৰ “পাণ্ডা কূটনীতি”ৰ ৰাজনৈতিক ইতিহাস, শিক্ষা ব্যৱস্থাৰ নৈতিক সংকটলৈ প্ৰতিটো প্ৰবন্ধই এক গভীৰ “দস্তাবেজ,” যিয়ে সমসাময়িক ভিন্ন ক্ষেত্ৰৰ গভীৰ সত্য উন্মোচন কৰিছে।
২১ শতিকাৰ অসমত অৰ্থনৈতিক পৰিৱৰ্তন দ্ৰুতগতিত হৈছে—গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন, চাকৰিৰ অভাৱ, ক’ভিডৰ প্ৰভাৱ আৰু গোলকীকৰণৰ। এই গ্ৰন্থত এইবোৰক সুন্দৰকৈ ফুটি উঠিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতত প্ৰায় দুই কোটি দম্পতী অনুৰ্বৰতাৰ সমস্যাত ভুগি আছে, যিটো অৰ্থনৈতিক ব্যয় আৰু সামাজিক চাপৰ সৈতেও পোনপটীয়াকৈ জড়িত। এই তথ্য আৰু লেখকৰ ব্যক্তিগত জীৱনৰ কথাৰে আৰম্ভ হৈছে ‘মাৰ্টিনাক ৰেকেটখন দিয়া নহ’ল’ নামৰ প্ৰবন্ধটো।
পূৰ্বৰ চেকশ্ল’ভাকিয়াত জন্মগ্ৰহণ কৰা আৰু পাছত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰা মাৰ্টিনা আছিল মহিলা টেনিছৰ একচ্ছত্ৰী সাম্ৰাজ্ঞী। তেওঁৰ ১৬৭টা খিতাপ আৰু ৫৯টা গ্ৰেণ্ড শ্লাম জয়ী হোৱাৰ ৰেকৰ্ড আছে। দুবাৰকৈ কৰ্কট ৰোগৰ সন্মুখীন হোৱাৰ পাছতো অদম্য মানসিক শক্তিৰে তেওঁ পুনৰ ৰোগমুক্ত হয়। খেলজগতৰ অনিয়ম আৰু মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে তেওঁৰ স্পষ্ট মতামতৰ বাবেও তেওঁ সুপৰিচিত।
লেখকে শৈশৱৰ স্মৃতিৰ কথা উনুকিয়াই লিখিছে, তেওঁ কিদৰে এখন কিতাপৰ দোকানত স্প’ৰ্টছ ৱৰ্ল্ড আলোচনীৰ মাৰ্টিনাৰ ছবি দেখি মুগ্ধ হৈ তেওঁৰ খেল ৰেডিঅ’ আৰু টিভিৰ জৰিয়তে অনুসৰণ কৰিবলৈ প্ৰেৰণা দিছিল। তেওঁ ইমানেই মুগ্ধ হৈছিল যে ভৱিষ্যতে তেখেতৰ ছোৱালী সন্তান হ’লে মাৰ্টিনা ৰাখিব বুলি স্থিৰ কৰিছিল।
কিন্তু লেখকে নিজৰ অনুৰ্বৰতাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰিছে। কৃত্ৰিম গৰ্ভসঞ্চাৰণৰ ব্যয়বহুল প্ৰক্ৰিয়া আৰু সামাজিক চাপে এই দম্পতীসকলৰ জীৱনক জটিল কৰি তোলে। লেখকে এজন বন্ধুৰ কাহিনী বৰ্ণনা কৰিছে, যিয়ে সন্তানহীনতাৰ বাবে পৰিয়ালৰ পৰা কেৱল উপহাসেই নহয় সম্পত্তিৰ গোচৰ পৰ্যন্ত সন্মুখীন হ’বলগীয়া হৈছিল।
লেখকৰ ছোৱালী নোহোৱাৰ বাবে মাৰ্টিনা নামৰ সপোন পূৰণ নহ’ল, কিন্তু তেওঁৰ কোনো আক্ষেপ নাই। তেওঁ কল্পনা কৰে যে ক’ৰবাত এগৰাকী কন্যাই টেনিছ ৰেকেট হাতত লৈ উম্বলডনৰ সপোন দেখি অনুশীলন কৰি আছে।
অক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ থকা স্বত্বেও অসমত ইয়াৰ প্ৰভাৱ বহু কমপৰিমানে দেখা গৈছে। ‘এখন ৰেম্প আৰু কেইটামান সপোন’ত লেখকে ফেশ্বন ৰেম্পৰ সৈতে অক্ষম ব্যক্তিৰ ৰেম্পৰ তুলনা কৰি বাস্তৱ সমস্যাসমূহ মুকলিকৈ প্ৰকাশ কৰিছে। আমেৰিকাত এগৰাকী অক্ষম মহিলাই ভৰিৰে লিফ্টৰ বুটাম টিপা আৰু বিদ্যুৎ বিকাশ গগৈ নামৰ এজন হুইলচেয়াৰত থকা ছাত্ৰই বিভন্ন সমস্যা অতিক্ৰমি পি এইছ ডি লাভ কৰি ইছৰোৰ বিজ্ঞানী হৈ চন্দ্ৰযান অভিযানত অৰিহণা যোগোৱাৰ ইতিবাচক কাহিনীয়ে পাঠকক নতুন দৃষ্টিভংগীৰে সমাজখনক চাবলৈ শিকাইছে।
ক’ভিডৰ সময়ৰ প্ৰভাৱ ফুটি উঠিছে “শেষ শ্ৰদ্ধা”ত ফুটি উঠিছে। মহামাৰীৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষতিক স্পৰ্শ কৰি লেখকৰ মধ্যপ্ৰদেশৰ বন্ধু সঞ্জয় খান্নাৰ পিতৃ-মাতৃৰ মৃত্যুৰ কাহিনী বৰ্ণনা কৰিছে। মহামাৰী কালত মধ্যপ্ৰদেশৰ আমলাৰ পৰা গুৱাহাটীল আহি তেওঁলোকে মৃত্যুবৰণ কৰিছিল।
এজন বন্ধুৰ পিতৃৰ ক’ভিডত মৃত্যুৰ পাছত শ্মশানৰ জটিল প্ৰক্ৰিয়া আৰু এগৰাকী অধ্যাপকৰ মাতৃৰ মৃত্যুৰ সময়ত পৰিয়ালৰ উদাসীনতাৰ কথাও উল্লেখ কৰিছে। ক’ভিডে জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগী দিয়াৰ লগতে মৃত্যুৰ প্ৰতি সন্মান আৰু জীৱিতসকলৰ প্ৰতি দায়িত্বশীলতাৰ বিষয়ে এক নতুন বাট দেখুওৱাৰ কথা নিটোল ৰূপত তুলি ধৰিছে।
“চাকৰি নথকা মাতৃৰ দুখ আৰু দুচামুচ জীৰাগুড়ি”ত মাতৃৰ অৰ্থনৈতিক স্বাধীনতাৰ আকাংক্ষা আৰু গৃহিণীৰ অৱদানৰ অবমূল্যায়নক চিত্ৰিত কৰা হৈছে। মহিলা সৱলীকৰণৰ প্ৰসংগত লেখকে মাতৃৰ পৰা লাভ কৰা শিক্ষা সামাজিক পৰিৱৰ্তনক নতুন দৃষ্টিভংগীৰে তুলি ধৰিছে।
“এটি চিগাৰেটৰ টিনে সূচনা কৰা পাণ্ডা কূটনীতি”ত চীন-আমেৰিকাৰ কূটনৈতিক সম্পৰ্কৰ জৰিয়তে ২১শ শতিকাৰ আন্তৰ্জাতিক অৰ্থনীতিক উপস্থাপন কৰিছে।১৯৭২ চনত নিক্সনৰ চীন ভ্ৰমণৰ সময়ত প্ৰথম মহিলা পেট নিক্সনে পাণ্ডাৰ ছবি থকা চিগাৰেটৰ টিন দেখি প্ৰশংসা কৰাত চীনে পাণ্ডা উপহাৰ দিয়ে, যিয়ে পাণ্ডা কূটনীতিৰ সূচনা কৰে।
পাছলৈ এই উপহাৰ “ঋণ”ত পৰিণত হয়, য’ত চীনে বছৰি মিলিয়ন ডলাৰৰ লাভৰ লগতে বাণিজ্যিক সুবিধা আদায় কৰে। সম্পৰ্কৰ অৱনতিৰ সৈতে পাণ্ডাসকলক চীনে ঘূৰাই লৈ যায়। ২০২৩ত শেষ পাণ্ডাক চীনলৈ প্ৰত্যাৱৰ্তন কৰা হয়। এই কূটনীতিৰ ভৱিষ্যৎ দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল।
আনহাতে “লেক টাহুৰ দিনলিপি: বনজুইৰ পম খেদি”ত জলবায়ু পৰিৱৰ্তন আৰু বনজুইৰ প্ৰভাৱক অসমৰ সৈতে তুলনা কৰি পৰিৱেশ-অৰ্থনৈতিক সংকটক তুলি ধৰা হৈছে।
চেকনীৰ আগত বিদ্যা, সঁচাকৈয়েনে?
এই প্ৰবন্ধত ভাৰতৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন প্ৰাথমিক বিদ্যালয়ত ঘটা এটা ঘটনাৰ কথা উল্লেখ কৰা হৈছে, য’ত পাঁচ বছৰীয়া এজন শিশুক গোল-গাপ্পা খোৱাৰ অপৰাধত প্ৰধান শিক্ষকে মূৰ তললৈ কৰি শূন্যত ওলোমাই শাস্তি দিছিল।
এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰা হয়। লেখকে এই ঘটনাৰ জৰিয়তে “চেকনীৰ আগত বিদ্যা” বুলি প্ৰচলিত ধাৰণাটোক সমালোচনা কৰিছে, যিয়ে শাৰীৰিক শাস্তিক ন্যায্যতা দিয়ে। তেওঁ ধনজিত আৰু ধৰিত্ৰী নামৰ দুজন ব্যক্তিৰ শৈশৱৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে, য’ত শিক্ষকৰ শাৰীৰিক শাস্তিৰ ফলত তেওঁলোকৰ মানসিক আঘাত পাইছিল।
ধনজিতে স্কুলত কোব খাই দু:স্বপ্ন দেখিছিল আৰু মানসিকভাৱে বিপর্যস্ত হৈছিল, আনহাতে ধৰিত্ৰীয়েও বেতৰ কোবৰ ফলত শাৰীৰিক আৰু মানসিক কষ্ট পাইছিল।
লেখকে আমেৰিকাৰ যশ্বুৱা ৱাটছনৰ উদাহৰণ দি দেখুৱাইছে যে শাৰীৰিক শাস্তিৰ সমস্যা কেৱল ভাৰততে নহয়, উন্নত দেশতো বিদ্যমান। যশ্বুৱাই স্কুলত বেতৰ কোব খাই মানসিক আৰু শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল, যাৰ ফলত তেওঁৰ পৰিয়ালো আৰ্থিকভাৱে বিপর্যস্ত হৈছিল।
লেখকে উল্লেখ কৰিছে যে ভাৰতত ২০১০ চনৰ পৰা শাৰীৰিক শাস্তি নিষিদ্ধ হৈছে, তথাপি ৫০%ৰো অধিক ছাত্ৰ-ছাত্ৰী এতিয়াও এনে শাস্তিৰ সন্মুখীন হয়। তেওঁ শিক্ষকৰ শিশু মনস্তত্ত্ব সম্পৰ্কীয় অজ্ঞতাক এই সমস্যাৰ মূল কাৰণ বুলি চিহ্নিত কৰিছে আৰু শাৰীৰিক শাস্তিৰ পৰিৱৰ্তে বিকল্প পদ্ধতিৰে শৃংখলা বজাই ৰখাৰ পোষকতা কৰিছে।
‘আমাৰ শিক্ষাব্যৱস্থাত নপতা ফুকনৰ দৌৰাত্ম্য’ নামৰ লেখাত লেখকে অসমৰ শিক্ষাব্যৱস্থাত বিদ্যমান দুৰ্নীতি আৰু অদক্ষতাৰ কথা বৰ্ণনা কৰিছে, যাক তেওঁ “নপতা ফুকনৰ দৌৰাত্ম্য” বুলি অভিহিত কৰিছে। তেওঁ চৰকাৰী কাৰ্যালয়ত উৎকোচৰ প্ৰচলনৰ কথা উল্লেখ কৰি, বিশেষকৈ এটা অফিচৰ অভিজ্ঞতাৰ কথা কৈছে, য’ত কলেজৰ নিযুক্তি আৰু পদোন্নতিৰ কাম উৎকোচ অবিহনে সম্পন্ন নহয়।
লেখকে নিজৰ প্ৰৱক্তা পদৰ অনুমোদনৰ বাবে সন্মুখীন হোৱা অৱস্থাৰ কথা বৰ্ণনা কৰিছে, য’ত ফাইল হেৰুৱা বা কাম পিছুৱাৰ দৰে ঘটনা সাধাৰণ হৈ পৰে। তেওঁ এটা ঘটনাৰ কথাও উল্লেখ কৰিছে, য’ত অসম বন্ধৰ দিনা ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰম শেষ কৰিবলৈ ক্লাছ লোৱাৰ বাবে কিছুসংখ্যক নেতাই তেওঁক বাধা প্ৰদান কৰি শ্ৰেণীকোঠা লণ্ডভণ্ড পৰ্যন্ত কৰিছিল।
লেখকে আঙুলিয়াই দিছে যে শিক্ষক আৰু অভিভাৱকৰ সচেতনতাৰ অভাৱত এই প্ৰভাৱ অব্যাহত আছে, যাৰ ফলত শিক্ষাৰ অধিকাৰ প্ৰহসনত পৰিণত হৈছে। তেওঁ শিক্ষকসকলক পাঠদানৰ প্ৰতি অধিক মনোযোগী হ’বলৈ আৰু এনে ব্যৱস্থাৰ কবলৰ পৰা শিক্ষাব্যৱস্থাক মুক্ত কৰাৰ আহ্বান জনাইছে।
‘শিকাৰুৰ অৱক্ষয়: পৰিৱৰ্তিত মানসিকতাৰ দুটা দশক’ত লেখকে শেহতীয়া দুই দশকত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ মানসিকতাৰ পৰিৱৰ্তন আৰু ইয়াৰ ফলত শিক্ষাব্যৱস্থাত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ কথা বৰ্ণনা কৰিছে। লেখকে ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ আৰু আত্মহত্যাৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে সমাজ, অভিভাৱক আৰু শিক্ষাৰ্থীৰ অতিমাত্ৰা প্ৰত্যাশা আৰু বজাৰমুখী শিক্ষাৰ প্ৰতি আকৰ্ষণক দায়ী কৰিছে।
নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যপুথি অধ্যয়নৰ প্ৰতি অনীহা, তাৎক্ষণিক সমাধানৰ প্ৰতি আগ্ৰহ আৰু বিশ্লেষণাত্মক দক্ষতাৰ হ্ৰাস দেখা গৈছে। ইয়াৰ কাৰণ হিচাপে তেওঁ ক’চিং-নিৰ্ভৰ শিক্ষা আৰু ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰক চিহ্নিত কৰিছে।
লেখকৰ সাহসী বিশ্লেষণত পি এইচ ডিৰ অপপ্ৰয়োগ (“গছত লগা পি এইচ ডি আৰু ফোঁপযহী ড° বোৰ”)ক ব্যংগ কৰি শিক্ষাৰ প্ৰকৃত উদ্দেশ্যক সোঁৱৰাই দিয়া হৈছে। ইয়াত অসমৰ শিক্ষা ব্যৱস্থাত উৎকোচ, হস্তক্ষেপ আৰু মানদণ্ডৰ হ্ৰাসক অৰ্থনৈতিক অসমতাৰ সৈতে যোঁজা হৈছে।
অথ পি এইচ ডি সংবাদ ১: মই কোন চিনি পোৱা নাই? নামৰ লেখাটোতো লেখকে পি এইচ ডি ডিগ্ৰীধাৰীসকলৰ “ড°” খিতাপৰ প্ৰতি অত্যধিক আকৰ্ষণ আৰু ইয়াৰ অপপ্ৰয়োগৰ বিষয়ে ব্যংগাত্মকভাৱে আলোচনা কৰিছে। লেখাটোৰ মূল কাহিনী এজন গৱেষক ছাত্ৰ নগেনৰ অভিজ্ঞতাৰ ওপৰত। নগেন আৰু তেওঁৰ বন্ধু খগেনে কেন্দুগুৰি গাঁৱৰ ৰাস মহোৎসৱৰ নিমন্ত্ৰণ জনাবলৈ অমৃত সাগৰ বৰুৱা নামৰ এজন প্ৰফেছৰৰ ঘৰলৈ যায়।
দীঘলীয়া যাত্ৰাৰ পিছত ঘৰ পাই তেওঁলোকে কলিং বেল বজোৱাত এজন ভদ্ৰলোক ওলাই আহিছিল। কিন্তু তেওঁৰ নামৰ আগত “ড°” সম্বোধন নকৰাৰ বাবে তেওঁ নগেন আৰু খগেনক তাচ্ছিল্য কৰি কয় যে তেওঁ অমৃত সাগৰ বৰুৱা নহয়। পিছত নগেনে জানিব পাৰে যে এনে ঘটনা অস্বাভাৱিক নহয়। বহু পি এইচ ডি ধাৰী “ড°” খিতাপক অহৈতুক গৌৰৱৰ বিষয় হিচাপে লয়, যাৰ ফলত শিক্ষাৰ প্ৰকৃত উদ্দেশ্য আৰু মান হ্ৰাস পায়।
লিখকে এই মনোভাৱক সমালোচনা কৰি কয় যে প্ৰকৃত শিক্ষা আৰু জ্ঞানে মানুহক নম্ৰ কৰা উচিত, কিন্তু এইসকলৰ আচৰণ তাৰ বিপৰীত। তেওঁ সংস্কৃত উক্তি “দেৱা না জানন্তি, কুত্ৰাপি মনুষ্যা” উল্লেখ কৰি এই ফোঁপযহী মনোভাৱৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে।
লেখকে তেখেতৰ লেখাসমূহৰ আৰম্ভণিৰ পটভূমিৰ বিষয়ে উল্লেখ কৰি লিখিছে-
ক’ৰ’নাদেৱীৰ আবির্ভাবে অপ্রত্যাশিতভাবে এই অভাজনলৈ লেখক হোৱাৰ সুযোগ আনি দিলে। ক’ভিডে থিতাপি হোৱাৰ পাছত এই মুলুকত পাঠকতকৈ লেখকৰ সংখ্যাগৰিষ্ঠতা অৰ্জনৰ ঢৌত অৰিহণা যোগোৱা নতুন লেখকৰ মিছিলত ময়ো চামিল হ’লোঁ। ইমানদিনে মোৰ লেখা-মেলা মূলতঃ বিভিন্ন জার্ণালত ইংৰাজীতে লিখা বৈজ্ঞানিক গবেষণামূলক প্রবন্ধতে সীমাবদ্ধ আছিল।
স্কুল এবাৰ পাছত প্ৰথমবাৰৰ বাবে অসমীয়া লেখনৰ মোৰ এই প্ৰয়াস কেইগৰাকীমান সুহৃদৰ নিস্বার্থ সহায় অবিহনে আছিল প্রায় অসম্ভব। এই ক্ষেত্রত পোনতেই নাম ল’ব লাগিব ম’বাইল আৰু কম্পিউটাৰত অসমীয়া ভাষাৰ টাইপিং সুচল কৰাত অগ্রণী ভূমিকা লোৱা লাচিত কী-ব’ৰ্ডৰ সহ-প্রতিষ্ঠাপক কনিষ্ঠ ভাতৃসম মৃদুল কুমাৰ শৰ্মাৰ। তেওঁৰ বাবেই প্রকৃত অর্থত কী-ব’ৰ্ডত আঙুলি ঘঁহি অসমীয়াত লিখা-মেলা কৰাৰ দৰে দুরূহ কাৰ্য্য মোৰ বাবে সম্ভৱপৰ হৈ উঠিল।
জুকাৰবাৰ্গৰ বদান্যত ফেচবুকত চিনাকি হোৱা ধেমাজিৰ দুজন পুত্ৰসম উদীয়মান যুবকে দিয়া তাগিদাই এই প্রক্রিয়াক অধিক ত্বৰান্বিত কৰি তুলিছিল।
তেওঁলোক হ’ল পৰিৱেশ সংৰক্ষণৰ বাবে অহৰহ যুঁজ দি অহা একাধাৰে প্রকৃতিপ্রেমী, করি, শিশু সাহিত্যিক, পেছাত শিক্ষক মানস প্রতিম দত্ত আৰু অভিযন্তা, কবি সঞ্জীব গোহাঁই। তেওঁলোকৰ তাগিদাতে আৰম্ভ কৰা প্ৰকল্প এটা পাছলৈ পৰিবর্ধিত ৰূপত বাতৰি কাকতত প্রকাশিত মোৰ প্রথম লেখা হিচাপে পৰিগণিত হয়। ক’ভিডৰ সময়ত সৃষ্ট সেই লেখাটো মৃদুল শৰ্মাৰ পৰামৰ্শ অনুযায়ী নিয়মীয়া বাৰ্তা কাকতৰ (তেতিয়াৰ) সহ-সম্পাদক মণিকংকণা দাসৰ ওচৰলৈ লেখাটো ই-মেইল যোগে প্ৰেৰণ কৰিছিলোঁ।
তাৰ তিনি-চাৰিদিনৰ পাছতেই শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ সম্পাদনাত প্রকাশিত কাকতখনৰ সম্পাদকীয় পৃষ্ঠাত প্রায় অসম্পাদিত ৰূপতেই মোৰ লেখাটোৱে স্থান লাভ কৰে। লেখক ৰূপে আত্মপ্রকাশত এই ঘটনাটোৰ গুৰুত্ব মোৰ বাবে আছিল অপৰিসীম, আত্মবিশ্বাস গঠনৰ এক নিশ্চিত অনুঘটক।
ভিন্ন বিষয়বস্তুৰ মনোৰম বৰ্ণনা আৰু ব্যতিক্ৰম কথনশৈলীৰ কাহিনীৰে লেখাবোৰক সোণত সোৱগা চৰাইছে। জিতেন কলিতাৰ লেখনীৰ সৌন্দৰ্য্য লুকাই আছে তেওঁৰ ঘৰুৱা শব্দৰ ব্যৱহাৰ, ৰসবোধ আৰু ব্যতিক্ৰমী শিৰোনামত—যেনে “কুকুৰ ৰখীয়া আৰু অন্যান্য চিন্তা” বা “সা” বোৰ কেনি হেৰাল?” আদি।
এইবোৰে পাঠকক হাঁহিবলৈ আৰু চিন্তা কৰিবলৈ বাধ্য কৰিব। গ্ৰন্থখনে অসমীয়া জীৱনৰ সামাজিক-অৰ্থনৈতিক দিশক কেৱল সমালোচনা কৰা নাই বৰঞ্চ আশাৰ বাট দেখুৱাব পৰা সমাধানৰ দুৱাৰ খুলি দিছে। সংগ্ৰামৰ মাজতো জীৱন আশ্চৰ্য্যময়, আৰু পৰিৱৰ্তন সম্ভাৱনাৰ কথাই কয় গ্ৰন্থখনে।
গ্ৰন্থখন প্ৰকাশ কৰিছে মণিকূট প্ৰকাশনে।