অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOK REVIEW: ৰজনীকান্ত বৰদলৈৰ কবিতাত নৈ আৰু জীৱনৰ বাৰিষা-খৰালি

Spread the love

ৰজনীকান্ত বৰদলৈৰ কবিতাত নৈ আৰু জীৱনৰ বাৰিষা-খৰালি

DD TIMESত গ্ৰন্থ সমালোচনা ৰজীৱ বৰাৰ

পৃথিৱীত হম’চেপিয়েঞ্জৰ বিকাশৰ ইতিহাসত নৈৰ ভূমিকা অনস্বীকার্য। প্ৰচুৰ আৰু বিস্তৃত হ’লেও সাগৰীয় পানীয়ে পিয়াহ নপলায়। কৃষিজীৱী সভ্যতাত নৈ মানুহৰ আই-বোপাই। কেৱল কৃষিজীৱিয়েইনে? মানৱ সভ্যতাৰ স্তৰে স্তৰে বিকাশৰ সূত্ৰত নৈৰ ভূমিকা আওকাণ কৰা নাযায়। লক্ষ্য কৰিলে দেখা পাওঁ যে মিঠা পানীৰ লোভতে আধুনিক কালতো নৈৰ পাৰতে পৃথিৱীৰ বহু নগৰ-চহৰ নিৰ্মাণ কৰা হৈছে। নৈ আৰু নৈৰ গুণ বখানি পৃথিৱীৰ অনেক কবিয়ে বহুতো স্মৰণীয় কবিতা ৰচনা কৰিছে। নদীহীনতাই সৃষ্টি কৰা মৰুভূমিত এটোপাল পানীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হোৱা ব্যথাই অনন্তকালজুৰি সাহিত্যৰ মাজেদিও লেখক-পাঠকৰ চকুলো বোৱাই আহিছে।

আমাৰ জাতীয় কবি-গীতিকাৰ হিচাপে অভিহিত কৰিব পৰা সুধাকণ্ঠ ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰৰ আৱহমান ছন্দায়িত গতিক ভঙা-গঢ়াৰ খেলৰ মাজেদিও জাতীয় জীৱনৰ মিলন তীৰ্থৰ প্রতীকৰূপে সূচিত কৰিছে। এডমাণ্ড স্পেনছাৰে Prothalamion’ত ছন্দায়িত টেমছৰ গতি প্রবাহক ‘Sweet Thames, run softly till I end my song’ বুলি ভাবনাৰ আনন্দ নির্যাসৰ ভিন্ন অনুভূতি পৰিব্যপ্ত নোহোৱালৈকে গতিময়তা ৰক্ষা কৰিবলৈ আহ্বান জনাছে। ইংৰাজ ৰমন্যাসিক কবি কলৰিজে ‘Sonnet: To the River Otter ‘শীর্ষক কবিতাত শৈশৱ-কৈশোৰৰ সংগী নৈখনৰ বন্দনা কৰিছে।

লেংষ্টন হিউজে ‘The Negro Speaks of Rivers’ কবিতাত ইউফ্রেটিছ, কংগো, নীল, মিছিছিপি আদি নৈৰ মানুহৰ জীৱন সমৃদ্ধ কৰা গুৰুত্ব দোহাৰি লিখিছে-

‘I’ve known rivers:

I’ve known rivers ancient as the world/

and older than the

flow of human blood in human veins.

My soul has grown deep like the rivers.’

মানৱ প্ৰৱাহতকৈয়ো নৈৰ প্ৰবাহ পুৰাতন। পুৰতান তাৰ ছন্দ। অৱশ্যে মানুহৰ বাবে অতি চিনাকি নৈৰ প্রবাহিত ছন্দও হঠাতে আচহুৱা হয়। হয় অচিনাকি। ঠিক ভূপেন হাজৰিকাই গোৱা আমাৰ অতিকে চিনাকি গীতটোৰ অন্তর্নিহিত অৰ্থৰ দৰে- ‘লুইতৰ বলিয়া বান তই ক’লৈনো ঢাপলি মেলিছ/হিৰ হিৰ শৱদে কালৰূপ ধৰিলৈ কাকনো বাৰে বাৰে খেদিছ’ৰ নিচিনা। ৰূপকীয় তাৎপৰ্যৰ বিচাৰত গীতৰ কথাংশই আন অর্থ নির্দেশিলেও নৈপৰীয়াক নৈয়ে কৰা উপদ্ৰৱৰ ফলত উদ্ভূত যন্ত্রণা ভুক্তভোগীয়েহে বাস্তৱিকতে উপলব্ধি কৰিব পাৰে। এই যাতনা নিৰাপদ স্থানত বাস কৰা পর্যটক চকু আৰু নদী-দ্বীপত বাস কৰা ভুক্তভোগীৰ উপলব্ধিৰ মাজত বাস্তৱিকতেই ব্যৱচ্ছেদ থাকিব।

কবি ৰজনীকান্ত বৰদলৈয়েও মাজুলী নামৰ বিশ্ব প্রসিদ্ধ নদীদ্বীপটোত গজি-মজি লাভ কৰা বাস্তৱিক অভিজ্ঞতা আৰু ইতিহাস বোধনৰ পৰা আহৰিত অভিজ্ঞতাক কামত খটুৱাই ‘সোৱণশিৰি’ত নদীকেন্দ্রিক কাব্য-চিন্তাৰ ওৰা ধৰিছে। তাত মূল উপলক্ষ নৈখন পানী-ধেমালিৰে কেৱল উপকৰণ নহয়, উদ্বাস্তু মানুহৰো যাতনাৰ মূল। আৰু দ্বীপটোৰ ক্ৰমান্বয়ে ক্ষীয়মাণ ভূগোলৰো পৰিচায়ক। উল্লেখনীয় যে সোৱণশিৰি-খেৰকটীয়া-লুইত-
ব্রহ্মপুত্ৰখন ইয়াত কাব্য-চেতনাৰ আধাৰ হ’লেও কবিৰ অভিব্যক্তিয়ে নির্বিশেষ ভাৱে নদীমাতৃকা ঠাইৰ মানুহৰ অৱস্থা তুলি ধৰিছে।

পুথিখনিৰ বাটকটীয়া কবিতাটোতে ফুটি উঠিছে কবি অভিপ্রায়-

‘উখল মাখল চৌ
নল বিৰিণাৰ ঘাট

পিয়াহত পানী খাই মেলি দিয়া পালতৰা

সাঁতুৰি-নাদুৰি পাৰ হৈ নৈ ধেমালি
গছে-গছে ওলমি থকা হেঙুলীয়া…

চাঁতকৈ…
চাঁতকৈ আহি টানি লৈ যায় চকুৰ পলকতে এডাঠ আলতীয়া

অকাল বোধনৰ উজান-ভাটি নৈয়ে নৈয়ে বুৰ যায় জৰৌৰৌৱা পঁজা

নিজানৰ বাটত ভৰপক উচুপনি
হুৰ-হুকৈ খহে সোণালী পথাৰ

হাতৰ মুঠিত নিথৰ গৰখীয়া বাঁহী’ (নৈ পাৰৰ সাধু)
কবিগুৰু ৰবীন্দ্রনাথে ‘পৃথিৱী’ কবিতাত ‘ডানহাতে পূর্ণ কৰ সুধা/বাম হাতে চূর্ণ কৰ পাত্র’ বুলি প্রকৃতিৰ সৃষ্টি আৰু ধ্বংসৰ যি দুতৰপীয়া বৰ্ণনা দাঙি ধৰিছে সেয়া আৱহমান কালৰ পৰা প্ৰকৃতিয়ে মানুহক সোঁৱৰাই আহিছে। সৌন্দর্যশালী প্রকৃতিৰ প্ৰতিৰূপ ধ্বংসলীলাৰ মানুহ প্রায়ে অসহায় দর্শক বা ভুক্তভোগী। মাজুলীকো প্রকৃতিয়ে সেউজ-সুন্দৰতাৰে মোহনীয় নকৰাকৈ ৰখা নাই। সৰিয়হৰ সৌন্দৰ্যত বুৰ মাৰা মানুহে সাময়িক ভাৱে পাহৰি থাকে পানীত বুৰ মাৰিবলগীয়া হোৱাৰ দুর্দশা। সেয়া প্রায়ে আকস্মাতে নৈয়ে সোঁৱৰায়, বুজায় আৰু বুজি উঠাৰ আগতে বান-খহনীয়াত বহুলোক উদ্বাস্তু হৈ যায়। এয়া নদীয়াল দশা। এই দশাৰ নিয়ন্তৰ পুনৰাবৃত্তি ঘটি থাকে।

মানুহৰ তেনে দশা, তেনে সমস্যা সমাধানৰ বাবে শাসকীয় প্রচেষ্টাও নিৰন্তৰ চলি থাকে। সমাধান নহয়। প্রচেষ্টাহে চলি থাকে। হয়তো এয়া প্ৰতিৰোধৰ নামত চলি থকা মুনাফা লাভৰ অংক। নহ’লেনো নিৰন্তৰ প্ৰতিৰোধৰ নামত প্রতিৰোধ চলি থাকেনে? ফল সৰহক্ষেত্রতে শূন্য।

প্রকৃতি আৰু মানুহৰ সংগ্ৰামৰ মাজত প্রকৃতিৰ জয় অনিবার্য যদিও প্রতিৰোধৰ বাটত থকা সুৰুঙাবোৰ কবিৰ বাবে অদৃশ্য নহয়- সেয়া শ্লেষাত্মক ভাৱে ওলাই পৰা বিধৰ ‘মাতমৰাত… বালিৰ বান্ধ’ বুলি কবিয়ে কওঁতেই উজাৰি লুকুৱা ভাৱে ব্যঞ্জিত হৈছে- বালিৰ বান্ধেৰে নৈ ভেটিব নোৱাৰি।

তাৰ আন এক ইংগিত এয়ে যে এই কথা জানিও নিৰন্তৰ ভাৱে বালিৰে নৈ ভেটাৰ যত্ন কৰি অহা হৈছে।

‘দুখত ওপত্তি আছে গাঁওবোৰ শোকৰ চকুপানী টুকি

বানত উটিছে আজি নৈপৰীয়া আঁচলৰ মৃন্ময়ী সপোন…

উজনিত বান, নামনিত বান
মাতমৰাত ছিগিছে বালিৰ বান্ধ’

‘বান’ কবিতাত নদী-সৃষ্ট দুর্যোগৰ বৰ্ণনাৰ অন্তত পোহৰৰূপী যি সুদিনৰ আকাংক্ষা কৰা হৈছে সেয়াও যে কোনো বাস্তৱিক পৰিকল্পনাৰে সাধিত হ’ব এই লৈ যেন কবিৰ সন্দেহ আছে। তেওঁ বুজি উঠিছে তেনে যদি কিবা সাধিত হয়, সেয়াও যেন সম্ভৱ হ’ব অদৃষ্টৰ দ্বাৰাহে।

হয়তো সেয়ে কবিৰ বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ বাসনাও হয়তো অদৃষ্টবাদী হৈছে-

‘হে আকাশ, আমাক পোহৰৰ বাট দিয়া
অলপ পোহৰ
পোহৰ আমাৰ জীৱন
পোহৰ আমাৰ সাধনা, প্রতিশ্রুতি

পোহৰ আমাৰ কাংখিত জীৱনৰ চিৰায়তী স্তৱক।’ (বান)

তেওঁৰ প্ৰায়বাৰ কবিতা প্রকৃতি নিৰ্ভৰ। গ্রাম্য প্রকৃতিৰ কোলাত- সেউজ-সমৃদ্ধ পথাৰ আৰু জাৰণিৰ সৈতে আশৈশৱ গঢ়ি তোলা সম্পর্কৰ বাটতে এই নির্ভৰশীলতাই ওৰা ধৰিছে। খৰালি দিনত প্রকৃতিয়ে উজাৰি দিয়া সৌন্দর্যত মাজুলী সমৃদ্ধ হয়। সেয়া কেৱল সৰিয়হ-সমৃদ্ধিয়েই নহয়।

ভোগালী বুলি থকা প্রসিদ্ধিটোৰো উহ-

‘ক’ৰবাত সৰিয়হ ফুলিছে
শুৱনি নৈৰ পাৰত সোণাৰু পথাৰ

কেনেনো ৰং আৰু হাঁহিৰে উচ্ছাস যৌৱন ভৰপূৰ

বাৰে বাৰে আমনি কৰিছেহি কিনো অনিন্দ্য সুন্দৰ ঐনিতমৰ সুৰ…’ (সৰিয়হ ফুলৰ গান)

মাজুলীৰ জনগাঁঠনিত মিচিং জনগোষ্ঠীৰেই সংখ্যাধিক্য। তেওঁলোকৰ সাংস্কৃতিক উপকৰণেৰে অসমৰ সংস্কৃতি সমৃদ্ধ হৈছে।

সেয়ে কবিয়েও দ্বীপটোৰ আর্থ-সামাজিক আৰু সাংস্কৃতিক প্রসংগবোৰ তুলি ধৰিবলৈ যাওঁতে মিচিং জনগোষ্ঠীয় প্রসংগকো এলাগী কৰা নাই।

‘সেউজীয়া উশাহ এটাৰ স’তে
বাৰীৰ ঢাপৰ কেতেকী গোন্ধ
আমোল মোলাই মোৰ বুকুলৈকে শিপাই’ (বাৰীৰ ঢাপৰ কেতেকীৰ গোন্ধ)

সমকাল চেৰায়ো সাহিত্য হয়। সেয়া অতীতমুখী বা ভৱিষ্যত সন্ধানী, তাত লেখকজনৰ বর্তমানটো বৰ্তাই ৰখা সম্ভৱ নহয়। ৰোলা বার্থে যদিও লেখকৰ মৃত্যু ঘোষণা কৰি থৈছে তথাপিও আমি লেখাত লেখকক বিচাৰি হাবাথুৰি খাওঁ-সমকালৰ প্রতি তেওঁৰ মনোযোগ বা বিষোদ্গাৰৰ খতিয়ান লওঁ।

কবিৰ সমকাল হিচাপে বিংশ শতিকাৰ নব্বৈ বা শেষ দশকৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ ধামখুমীয়া আওকাণ কৰাটো তেওঁৰ বাবে সম্ভৱ হোৱা নাই-

‘তেজৰ ধাৰত বয় স্বাধীনতাৰ গান
বেলিৰ দুচকুত উৰে বিজয় নিচান

আছেনে কুশলে
শব্দৰ আলি দোমোজাত
পোহৰৰ বাট হৈ
স্বদেশৰ মান

মাটি আৰু মানুহৰ ঐক্যতান’ (ভালপোৱা)

প্রকৃতিৰ ধ্বংসলীলা বা নৈৰ খামখেয়ালিৰ বাবে মূলতঃ মানুহৰ ধ্বসাত্মক কার্যকলাপেই দায়ী। ক্রমান্বয়ে টুটি অহা অৰণ্য, বাঢ়ি অহা মহানগৰ, ধ্বংসপ্রায় জৈৱ-বৈচিত্ৰ্যৰ দুখদায়ী অনুভৱ কিছু কবিতাৰ সহগ হৈছে। জগত প্রদূষিত হোৱাৰ কাৰণ বা ধ্বংসযজ্ঞৰ মূল কাৰক কবিৰ কথাৰে ‘মানুহৰ মগজুৰ প্ৰদূষণ’।

ফল হৈছে এনে-

‘অৰণ্যৰ সাজ নাই
অৰণ্যৰ মাত নাই
অৰণ্যৰ সুৰ নাই
আনকি অৰণ্য থকাৰ প্রমাণো নাই
অৰণ্য এনেকৈয়ে হেৰায়।’

পৰিৱেশ সচেতক গ্রেটা থুনবার্গৰ নিচিনাকৈ বিশ্ব সমুদায়ৰ নীতি নির্ধাৰক বা ভিন্ন ৰাষ্ট্ৰৰ প্রশাসকসকলক পৰিৱেশ ধ্বংসকামী কামৰ বাবে ‘হাও ডেয়াৰ ইউ’ বুলি হুমকি নিদিলেও কবিৰ এনে চিন্তাই পৰিৱেশতন্ত্র বিনষ্ট হোৱাৰ আশংকাকে তুলি ধৰিছে। ‘দ্ৰুম দহন পৰ্বৰ পিছত’ কবিতাত বনানীকৰণৰ গুৰুত্ব দোহৰা হৈছে।

চকুলো টুকি টুকি আঁঠু লৈ মহাজনৰ এৰেহা খোৱা মানুহৰ মৰ্মব্যথাও কবিয়ে দেখিছে। ভোক আৰু ভোগৰ নিমিলা সমীকৰণত ওলমি থাকে দ্বীপটোৰ অর্থনীতি।

মৎস্যজীৱিৰ দুর্দশা তুলি ধৰি কবিয়ে লিখিছে-

টুলুং ভুটুংকৈ
মনৰ বেগেত এটা
মাছ লৈ উজাই

… … …

কাতিমহীয়া বেলি
কলমলনিৰ জুই

নজহা-নপমা এই
লঘোণীয়া বেহা।’ (মাছুৱৈ)

বিষয় আৰু চিন্তাৰ সমৃদ্ধি থকাৰ পিছতো তেওঁৰ কবিতাবোৰত প্ৰকৰণগত দুৰ্বলতা পৰিলক্ষিত হয়। কোনো কোনো ঠাইত কেৱল বর্ণনাধর্মীতাই প্রাধান্য লভিছে। আৱেগৰ পোনপটীয়া প্রকাশে পাঠকৰ বাবে স্পেচ এৰি থৈ নোযোৱাত কবিতাৰ আৱেদন ক্ষণিকৰ উপলব্ধিতে মাৰ গৈছে। তেনে কবিতা পঢ়ুৱৈৰ মনলৈ উপলব্ধিৰ দূৰণিবটীয়া ছাঁ হৈ বোৱাৰ অৱকাশো নোহোৱা হৈছে। কবিতাবোৰত বানৰ যিবোৰ ভয়াবহ পৰিস্থিতি তুলি ধৰা হৈছে সিবোৰ প্ৰায়ে ডকুমেন্টেশ্যনৰ অনুৰূপ হৈছে। তাত মর্মমূলৰ উপলব্ধি ব্যঞ্জিত হ’ব পৰাকৈ কাব্য-ভাষাই লগ দিয়া নাই।


পঢ়ুৱৈ হিচাপে আগবঢ়োৱা এই দুআষাৰত বৰদলৈৰ কবিতাত প্ৰভাৱৰ ভূত বিচৰাৰ প্ৰৱণতা নাই। প্ৰায় তৰুণ কবিয়ে কাব্য ৰচনাৰ প্ৰাৰম্ভিক কালত কোনো কবিক ৰোল মডেল হিচাপে নল’লেও যিটো পৰিমণ্ডলত থাকি কবিতা ৰচনা কৰে তাত প্ৰভাৱশালীজনৰ প্ৰতি সততে অনুৰক্ত হয়।

ৰজনীকান্ত বৰদলৈয়েও কবিতাৰ ৰচনাৰ বেলিকা অগ্ৰজৰ সৃষ্টিৰ পৰা প্ৰেৰণা আহৰণ কৰিছে। কিন্তু তাৰ মাজতো আপোন অস্তিত্বৰ অনুসন্ধানত ব্ৰতী হৈছে। আশা কৰিছোঁ তেওঁৰ কাব্য-চর্চাই অসমীয়া কবিতাৰ জগতত নিজাকৈ এটা চাপ ৰাখিবলৈ সমৰ্থ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!