SRI KRISHNA RASHLEELA: বতাহত বিষাদ বাঁহীৰ সুৰ-যমুনাৰ বালিত ৰাধাৰ নূপুৰ-আকাশত পূৰ্ণিমাৰ জোন ভৰপূৰ…
বতাহত বিষাদ বাঁহীৰ সুৰ-যমুনাৰ বালিত ৰাধাৰ নূপুৰ-আকাশত পূৰ্ণিমাৰ জোন ভৰপূৰ…
গাঁৱে-নগৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ মধু আলোড়ন
DD TIMESত লিখিছে সত্যজিৎ শইকীয়াই

যমুনাৰ বালিত কি বাঁহী বাজে? জোনাক এধাৰি বৈ অহা নদীৰ জলধাৰা কাৰ চকুলো হৈ আহে? মধুৰ মুৰুলিৰে গোপীকাবল্লভ কৃষ্ণৰ মায়াত বন্দী হাজাৰ গোপীৰ সুখৰ
সময় দুখ-বেদনাৰ বোৱতী নৈ এখনলৈ পর্যবসিত হোৱাৰ কাহিনীয়ে কাৰ বুকু ভাঙে? বতাহত বিষাদ বাঁহীৰ সুৰ… যমুনাৰ বালিত ৰাধা আৰু সংগীবৃন্দৰ নূপুৰৰ ৰুণজুন ৰুণজুন… আকাশত সৌৱা পূৰ্ণিমাৰ জোন ভৰপুৰ!
বিষাদৰ মাজতো মাজুলীৰ পৰা ভাহি আহিছে গোপীসকলৰ আকুল আহ্বান- ‘আহা হে সখীসৱ যাওঁ বৃন্দাবনে/মাতিছে প্ৰাণৰ কানাই…’ মাজুলীৰ পৰা যেন সমগ্ৰ ৰাজ্যতে প্রতিধ্বনিত হৈছে বৃন্দাবনৰ মধুৰ মুৰুলি টান- বৃন্দাবনে বনে ফুৰে নাৰায়ণে অ’ কানায়ে ময়ূৰৰ পাখি…। এক আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে ৰাজ্য।

শ্রীকৃষ্ণৰ লীলা, অশুভ শক্তিৰ নিধন আৰু ভগৱৎ প্ৰেমৰ অমলিন প্ৰকাশৰ এই উছৱ অসমীয়াৰ পৰিচয়। জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে ৰাসলীলাৰ অপূৰ্ব পৰিৱেশ। বিষাদৰ বাঁহীৰ সুৰ এটাই যেন উছৱৰ মধু আলোড়নকো আবৰি আছে।
‘গীতৰ ঈশ্বৰ’ৰ অবৰ্তমানক সাবটি দিশহাৰা হ’ব খোজা মানুহবোৰৰ মাজৰ পৰা হঠাৎ আঁতৰি গৈছে ‘বাঁহী সুন্দৰ’। কেইটামান দিনৰ আগতে ৰেডিঅ’ত সেই আপোন আপোন মিঠা মাতযাৰ হেৰাল। কি যে এক বিষাদৰ ঋতুৰ সাক্ষী হৈছে অগণিত জনতা! ৰাস মণ্ডপ, ৰাস মঞ্চৰ কাষত সৌৱা জুবিনদাৰ মিচিকিয়া হাঁহি। ধূপ, চাকি জ্বলাই সকলোৱে স্মৰণ কৰিছে, চকুলো টুকিছে। জুবিনময় অসমত শ্রীকৃষ্ণৰ বন্দনা নহয় যেন দুজনকৈ ভগৱানৰ আৰাধনাহে। ইফালে বাঁহীৰে জগত জিনা, অসম উজলোৱা দীপক শৰ্মাক আজি তেওঁৰ অন্যতম প্রিয় গীত- ‘শিলে শিলে থেকা খালে নিজৰাৰে পানী’ পৰিৱেশনেৰে বিদায় দিছে বাঁহীৰ প্ৰেমিকসকলে। সেয়াও যেন যমুনাৰ বালিত ৰাধা আৰু গোপীসকলৰ বিৰহ-বিলাপৰ প্রতীক!
কাইলৈ ৰাস পূর্ণিমা। পূৰ্ণিমাৰ জোন বাটচ’ৰালৈ আজিয়েই ওলাইছে। কাৰণ গোপীসকল কানাইৰ কাষলৈ যাবলৈ উদগ্রীব- ‘আহা সখীহে বৃন্দাবনে যাওঁ/গোকুলৰে শ্রীকৃষ্ণক নয়ন ভৰি চাওঁ/ শৰত কালৰ ৰাতি অতি বিতোপন/ ৰাসক্রীড়া কৰিতে কৃষষ্ণৰ ভৈলা মন/ আহা সখীহে…’ শ্রীকৃষ্ণৰ মুৰুলীৰ মাতত হীৰুদাৰ ‘গাভিনী ধান’ৰ বুকু! হেমন্ত বৰ বিষাদৰ ঋতু।
কিন্তু ‘সুগন্ধি পখিলা’ৰ কবিয়ে কল্পনাও কৰা নাছিল তেওঁ আঁকা ‘বিষাদৰ ঋতু’ৰ ছবিখন আৰু বিষাদৰ কৰি তুলিব তেওঁৰেই প্রিয় শিল্পীৰ বিদায়ে। গাভিনী ধানৰ বুকু কঁপোৱা ঋতুরে কঁপাই তুলিছে প্রতিগৰাকী লোকৰে বুকু! হেমন্তক বিষাদ বৈভৱেৰে গধুৰ কৰি তুলিলে তিনি শিল্পীৰ মৃত্যুৱে। জুবিন গার্গ, চৈয়দ ছাদুল্লা আৰু দীপক শর্মা।
এটা জাতিৰ বাবে ইয়াতকৈও বেদনাৰ ঋতু এটা আহিব পাৰেনে? যি ঋতুরে পূৰ্ণিমাৰ ৰাতিৰ উছৱৰ মধু আলোড়নকো বিৰহ-বেদনাৰ বালিচৰত গজি উঠা কেক্টাছলৈ ৰূপান্তৰিত কৰিব পাৰে? কিন্তু এয়েতো সময়। দুখ-বিৰহ-প্রত্যাহ্বান নেওচি অসমীয়াই আগবাঢ়িব লাগিব। কাৰণ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা-ভাষী-ধর্ম-বৰ্ণৰ সমদল এটাক শ্রীশ্রী কৃষ্ণৰ ৰাসলীলাৰে আধ্যাত্মিক ধ্যান-ধাৰণা আৰু ভগৱৎ প্ৰেমৰ পৰিমণ্ডলৰ মাজেৰে আগবঢ়াই লৈ যাব লাগিব সম্প্ৰীতিৰ সাঁকোডালেদি, সন্তর্পণে।
সেয়ে হয়তু বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজা নিজা ভাষাতো ৰাসলীলা উদ্যাপন কৰিছে। এটকা মহন্তৰ থলী মাজুলীৰ দেউৰী জনগোষ্ঠীয়ে আয়োজন কৰা দেউৰী ভাষাৰ ৰাস চাবলৈ আজি ঢাপলি মেলিছে দেশ-বিদেশৰ পৰ্যটক। মাজুলী, হাফলুটিং, চাৰিং, ঢুলীয়াপাৰ, দিখৌমুখ, ডিব্ৰুগড়, লখিমপুৰ সকলো ঠাইতেই হিলদল ভাঙি ৰাইজ আহিছে।
মাজুলীৰত দেউৰী ভাষাত গুৰুজনাৰ “কেলিগোপাল”
মাজুলীৰ প্রতিটো নামঘৰ, প্ৰতিখন সত্ৰ তথা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ বিৰচিত ‘কেলিগোপাল’ অংকীয়া নাটৰ আধাৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হৈছে।
ৰাসলীলাই মাজুলীক দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিছে। সত্ৰনগৰীখনৰ প্রতিটো প্রান্তত এনেদৰে মহাৰাসৰ আয়োজনৰ সমান্তৰালকৈ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লুইতপৰীয়া গাঁও পঞ্চায়তৰ পুৰণা জোনাকী হাইস্কুল খেলপথাৰত মাজুলীৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলৰ মাতৃভাষাত আজি প্ৰদৰ্শন কৰা হৈছে মহাপুৰুষজনাৰ বিৰচিত অংকীয়া নাট ‘কেলিগোপাল’ৰ অনুবাদ সংস্কৰণৰ ৰাসলীলা।
উল্লেখ কৰিব পাৰি যে অসমত অন্যতম বৃহৎ জনগোষ্ঠী হিচাপে দেউৰী জনগোষ্ঠী পৰিচিত যদিও দৈউৰী ভাষাটো অসমৰ ভিতৰতে তৃতীয়টো সংকটাপন্ন ভাষা হিচাপে চর্চিত হৈছে। এনে প্রেক্ষাপটতে দেউৰী ভাষাত উজনি মাজুলী সাংস্কৃতিক ঐক্যমঞ্চই মহাপুৰুষজনাৰ অংকীয়া নাটখন অনুবাদ সংস্কৰণৰ যোগেদি শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্রদর্শন কৰা কাৰ্যই দেউৰী ভাষা-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
উল্লেখ্য যে মূল ব্ৰজাৱলী ভাষাৰ কেলিগোপাল নাটখন দেউৰী ভাষালৈ অনুবাদ কৰিছে দেউৰী ভাষা-সাহিত্যৰ প্রথিতযশা পণ্ডিত, শিল্পী পেঞ্চনাৰ তথা গীতিকাৰ বিদ্যাধৰ দেউৰীয়ে। নাটখনৰ নিৰ্দেশক সুশীল কুমাৰ দেউৰী। উজনি মাজুলী সাংস্কৃতিক ঐক্যমঞ্চৰ প্ৰধান সম্পাদক জয়প্রকাশ ভূঞাই কয়- আজি দেউৰী ভাষাত শ্রীশ্রী কৃষ্ণৰ ৰাসলীলাত ১৪৭ গৰাকীতকৈও বিভিন্ন জাতি-জনগোষ্ঠীৰ অভিনেতা-অভিনেত্রীয়ে অংশগ্ৰহণ কৰিছে।
মূলতঃ অঞ্চলটোৰ কলিতা, নেপালী, বিহাৰী, মিচিং, আহোম আদি সকলো সম্প্ৰদায়ৰ লোকে ইয়াত অংশগ্রহণ কৰিছে। দেউৰী ভাষাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মঞ্চস্থ মাজুলীত প্ৰথমবাৰৰ বাবে কৰি সকলো জাতি-জনগোষ্ঠী মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰতি আকৰ্ষিত হ’ব বুলিও আশা প্রকাশ কৰিছে সাধাৰণ সম্পাদক জয়প্রকাশ ভূঞাই।
আনহাতে, দেউৰী সাহিত্য সভাৰ সভাপতি ষড়ানন দেউৰীয়ে কয় যে দেউৰী ভাষাটো অসমৰ ভিতৰতে তৃতীয়টো অবিলুপ্তিৰ পথত থকা বৃহৎ ভাষা।
সত্র সংস্কৃতিৰ পীঠস্থানৰ দৰে অসমীয়া জাতীয় সত্তাৰ প্রাণকেন্দ্ৰত দেউৰী ভাষাত ৰাসলীলা প্ৰদৰ্শনৰ প্ৰস্তুতিটো খুবেই প্রশংসনীয় কথা আৰু ইয়াৰ জৰিয়তে সম্প্রতি বিপদাপন্ন হৈ থকা দেউৰী ভাষাটো সংৰক্ষণ আৰু প্ৰসাৰৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি। উল্লেখ কৰিব পাৰি যে উজনি মাজুলী সাংস্কৃতিক ঐক্যমঞ্চই তিনিদিনীয়াকৈ ৰাসলীলা উদ্যাপন কৰিছে।

