অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZEBEEN’S LOVE: মৰমৰ জুবিন… জুবিনৰ মৰম…

Spread the love

মৰমৰ জুবিন… জুবিনৰ মৰম…

DD TIMESত লিখিছে কিৰণ বড়োৱে

১৯৮৯ৰ কোনোবা এটা দিনত প্ৰথম জুবিনৰ লগত দেখা হৈছিল। ভাইটি এজনে চিনাকি কৰাই দিছিল এয়া জুবিন খুব ধুনীয়া গীতাৰ বজায়, ক্ষীণ মিন দীঘল চুলিৰে এটা মৰম লগা ল’ৰা বি বৰুৱা ত পঢ়ি আছে সিমানেই চিনাকি পৰ্ব।

মই ইতিমধ্যে গুৱাহাটী এৰিছিলোৱেই। বৈবাহিক সুত্ৰে লক্ষীমপুৰৰ বোৱাৰী, পতিদেৱৰ কৰ্মসূত্ৰে কাৰ্বি আংলং, মাৰ্ঘেৰিটা আদি বিভিন্ন জেগাত ঘূৰি ফুৰোতে ফুৰোঁতে বিহুৱে পৰৱে ষ্টেজত মাজে মাজে দুই এটা গান গোৱা হয়। মই গায়িকা নহয় কিন্তু গান গাই ভাল পাওঁ।

তেতিয়া জুবিনৰ নাম খুব চৰ্চা হয়, নতুন গানৰ কেছেট ৰিলিজ হ’লেই কিনি আনি গাবলৈ চেষ্টা কৰো। অকলশৰীয়া মূহুৰ্তবোৰত অকল গানেই শুনি সময়বোৰ পাৰ কৰিছিলোঁ।

৮৯/৯০ দশক পাৰ হৈ সন্তানৰ মাক হ’লো, সংসাৰৰ ব্যস্ততা বাঢ়ি গ’ল; গান গাবলে পাহৰিয়ে গৈছিলো । ইতিমধ্যে লক্ষীমপুৰ লৈ ঘূৰি আহি স্থায়ী ভাৱে থাকিব লৈছিলো।

হঠাতে ২০০২ চনৰ ফেব্ৰুৱাৰী ২ তাৰিখৰ কোনোবা এটা আবেলিত মোক গান গোৱাৰ বাবে আমন্ত্ৰণ আহিল, “বৌ ,আপুনি গান গাব লাগিব। জুবিন গাৰ্গ আহিব, তেখেতৰ অনুষ্ঠান পৰিবেশনৰ আগত আমি স্হানীয় শিল্পী ৰাখিছোঁ। আপুনিও গাব লাগিব।”

মই গান গাম বুলি একেআষাৰে ক’ব পৰা নাছিলোঁ। তাকো জুবিন গাৰ্গৰ ফাংচনত! মই তেওঁলোকক চাৰৰ পৰা‌ অনুমতিটো লৈ দিব ক’লো। এতিয়া গাম কি? বহু ভাবি-চিন্তি তেতিয়াৰ দিনৰ জনপ্ৰিয় মনজোৎস্না মহন্তৰ ‘পকা ধানৰ মাজে মাজে’ কেছেটৰ গান চাৰিটা বাচি ল’লো ।

‘হয়েৰা জেতুকি বাই চুলিবোৰ পকালি দাতবোৰ সৰালি..।’ মাত্ৰ এদিনৰ অনুশীলন। আজিও মনত পৰিলে মন আনন্দেৰে ভৰি পৰে । কাৰণ মই যেতিয়া ষ্টেজত উঠিছিলো জুবিন আহি ষ্টেজৰ সন্মুখৰ চেয়াৰত বহি একান্ত মনে গান শুনিছিল। নামি অহাৰ পিছত মোক কৈছিল, “বাইদেউ, ভাল হৈছে ।”

মনটো ভৰি গৈছিল। ভাল হৈছে নে নাই নাজানো, কিন্তু তেখেতৰ কথাকেইটাই মোক বহুত শান্তি দিছিল। সেইদিনটোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। জংকীৰ সৈতে জুবিন– দুয়ো ষ্টেজ গৰম কৰি তুলিছিল, তাতে আকৌ ৰহণ দিছিল খগেন গগৈ ডাঙৰীয়াই। তেতিয়াৰ দিনত মোবাইলৰ ব্যৱহাৰ নাছিল, ছেলফি উঠাৰ প্ৰশ্নই নাহে।

পিছদিনা মই আৰু পৰিয়াল বৰ্গ মঙ্গলদৈলৈ আহিবলগীয়া হেতুকে সোনকালে ঘৰলৈ উভতিছিলো । ৩ ফেব্ৰুৱাৰীত আমি প্ৰায় ৯মান বজাত লক্ষীমপুৰৰ পৰা মঙলদৈ অভিমুখে ৰাওনা হৈছিলোঁ।

বিশ্বনাথ চাৰিআলি পাৰ হওঁতে শুনিলো সেই ভয়ানক দুৰ্ঘটনা, য’ত জংকী বৰঠাকুৰ এই সংসাৰ এৰি গুচি গৈছিল। ভাৰাক্ৰান্ত মন লৈ মঙলদৈ পাইছিলো ।
ইতিমধ্যে ২০০৩ চনত পুনৰ ময়ো গুৱাহাটীলৈ একেবাৰে গুচি আহিছিলো।

কটন হোষ্টেল পাৰ হৈ সেই চুকটোতে প্ৰায়ে দেখা গৈছিল যে জুবিনে স্নুকাৰ/বিলিয়াৰ্ড/পুল কিবা খেলিবলৈ আহে । ইমান তেলেন্টেড এটা ল’ৰা কোনো অহংকাৰ নাই— সাধাৰণ সাজপাৰ, মৰম লাগি যায়।মাতবোল কৰা নহয়েই।

২০০৫ পৰা ময়ো ভীষণ ব্যস্ত! আকৌ হঠাতে ২০১৬ চনত নৰ্থ ইষ্ট ফেষ্টিভেলত লগ পাওঁ। ২০১৭ চনত ৰঙালীত তেখেতে আগেভাগে মাত দিলে, “বাইদেউ ভালে আছে ?” ভাল লাগিল, তেখেতে যে পাহৰি যোৱা নাই! এইবাৰ গানৰ জৰিয়তে নহয়, হস্ততাঁত শিল্পৰ জৰিয়তে পুনৰ লগ হ’লো একেখন মঞ্চতে আমি।

মোৰ আফচোছ থাকি গ’ল মই সজ্জা কৰা কাপোৰ পিন্ধাব নাপালোঁ। টংলা, মঙলদৈ তেখেতৰ প্ৰিয় স্হান । ভাবি ভাল লাগে এই সৰু সৰু জেগাৰ মানুহবোৰক তেওঁ ইমান আপোন কৰি পেলালে যাক কেতিয়াও পাহৰিব পৰা নেযায়।

জানো শিল্পীৰ কেতিয়াও মৃত্যু নহয় জনমে জনমে তেওঁ আমাৰ মাজত থাকিব। ২০২৩ চনতো আমি একেখন ফ্লাইটতে বেংককলৈ যাত্ৰা কৰিছিলোঁ।

এয়াৰ প’ৰ্টত যেতিয়া লগ পাওঁ মোৰ প্ৰথম প্ৰশ্নটো আছিল, “তুমি আহিলা, গা ভাল পাইছা জানো !” মিচিকিয়াই হাহিটো মাৰিছিল। পিছদিনা সঁচাকৈ অসুস্থ হৈ পৰিছিল। অনুষ্ঠান পৰিবেশন কৰিব পৰা নাছিল। মোৰ এনেকুৱা লাগিছিল— ময়েই জুবিনৰ চোৱা-চিতা কৰিম নেকি!

জুবিন গাৰ্গ আজি নাই আমাৰ মাজত। কোনোদিনে ঘূৰি নাহে সেই কথাটো সমগ্ৰ অসমতে মানি ল’ব পৰা নাই। হয়তো সাত-জনম পাৰ হ’লেও দ্বিতীয় জুবিনৰ জন্ম নহয়৷ জুবিন গাৰ্গে অসমৰ সংগীত জগতত এটা বৈপ্লৱিক পৰিবৰ্তন আনিলে।

সংগীতৰ ধাৰাক এক নতুন মাত্ৰা দি অসমীয়া সংগীতক আৰু এধাপ ওপৰলৈ লৈ মানুহৰ হৃদয় জোকাৰি যোৱা শব্দচয়নেৰে সহজে মনত ৰৈ যোৱাকৈ সৃষ্টি কৰা জুবিন ঋৰ গীত সংগীত প্ৰধান।

জুবিন গাৰ্গ অসমৰ প্ৰথম ৰকষ্টাৰ । তেখেতে ৪০ৰো অধিক ভাষা আৰু উপভাষাত ৩৮ হাজাৰৰো অধিক গীত গাইছিল। সংগীতৰ ক্ষেত্ৰৰ জনপ্ৰিয়তাৰ বাহিৰেও তেখেত এজন সমাজসেৱী হিচাপেও আৰ্তজনৰ ওচৰত থিয় দিছিল।

তেওঁৰ কাম কাজ আৰু প্ৰতিভাই অসমৰ জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। পাৰ্চী ভাষাত জুবিন নামৰ অৰ্থ ই হৈছে সৰ্বোত্তম । সঁচাকৈয়ে তেওঁ সৰ্বোৎকৃষ্ট। বৰেণ্য শিল্পীগৰাকী লৈ শতসহস্ৰ প্ৰণাম।

(কিৰণ বড়ো এগৰাকী সমাজসেৱিকা)


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!