CHUTIA: ঢকুৱাখনাৰ কাঠগাঁৱত চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত লখিমী সবাহ পালন
ঢকুৱাখনাৰ কাঠগাঁৱত চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত লখিমী সবাহ পালনঃ সাতামপুৰুষীয়া পৰম্পৰাৰে পানী তুলি-শস্য লক্ষ্মী,মৎস্য লক্ষ্মী সংগ্ৰহঃ গাঁৱলৈ লক্ষ্মী বন্দনাৰে লখিমী আইক আদৰণি

DD TIMES ঢকুৱাখনা, ৬ অক্টোবৰঃ “লক্ষ্মী আইৰ দীঘলি চুলি এ…, আনিছোঁ দোলাতে তুলি এ…” – আজি ধন-ঐশ্বৰ্যৰ অধিস্থাত্ৰী দেৱী লক্ষ্মীৰ পূজা।

প্ৰতিজন লোকেই আজি ধন-সম্পদৰ গৰাকী হ’বৰ বাবে আৰাধনা কৰিছে আই লখিমী(লক্ষ্মী)ক।অসমৰ অন্যতম থলগিৰি জনগোষ্ঠী চুতীয়া সকলৰ অতীজৰ পৰম্পৰাগত ‘মিনোচি সবাহ’ অৰ্থাৎ লখিমী সবাহ(লক্ষ্মী পূজা) আজি দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনাৰ কাঠগাঁৱৰ নামঘৰত পালন কৰা হয়।

উল্লেখ্য যে ১৮ শ শতিকাতে স্থাপিত হোৱা মৰনৈ বেবেজীয়া অঞ্চলৰ এখন পুৰণি গাওঁ কাঠগাঁৱৰত অতীজৰ পৰাই চুতীয়া জনগোষ্ঠীৰ সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি লক্ষ্মী পূৰ্ণিমাৰ দিনা লখিমী সবাহ পালন কৰি অহা হৈছে।
অসমৰ এক অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী চুতীয়াসকলৰ পুৰণি পৰম্পৰামতে এই লখিমী সবাহ পালন কৰে ঘৰৰ গৃহিনী আইসকলে।

কাঠগাঁও নামঘৰত আয়োজন কৰা এই লখিমী সবাহৰ পৰম্পৰাগত কাৰ্যসূচী অনুসৰি পুৱা নামঘৰত লখিমী আইৰ নামত শৰাই প্ৰতিস্থাৰ পিচতে লক্ষ্মী আইৰ নাম গাই আইসকলে। ইয়াৰ পিছতে ধন-সম্পত্তিৰ মায়া-মোহ কি !
তাক নুবুজা পাঁচটি একে সমবয়সৰ এওঁৱা ল’ৰা-ছোৱালীক চুতীয়াৰ পৰম্পৰাত সাজ পিন্ধাই এটা আঠুৱাৰ ভিতৰত সোমোৱাই আঁৰ কৰি লৈ আইসকলে লক্ষ্মী আইৰ বন্দনা গীত গাই সমদল কৰি গাঁৱৰ পূৱ দিশৰ বিলৰ পৰা পানী তুলিবলৈ যায়।

এইদৰে যাওঁতে-আঠুৱাৰ তলৰ এগৰাকী ছোৱালীয়ে আমদালি, এওঁৱা সুতা মেৰিওৱাএটি লুটা,আৰু এখন কটাৰী লয় হাতত।

আন এগৰাকী ছোৱালীয়ে এখন জাকৈ লয়। ল’ৰা দুজনে এখন কলপতুৱাৰ দোলা ভাৰ বৈ লৈ যায় লখিমী আইক গাঁৱলৈ আদৰি আনিবলৈ।
এগৰাকী ছোৱালীয়ে এটা দোনৰীত ধান,মাহ আদি শস্যৰ গুটি আৰু গুৱাপান,বন্তি কলপাত আদি লৈ যায়।বিলৰ কাষত গৈ পায় পাৰতে এখিলা আগলি কলপাত দি লখিমী আইলৈ গুৱাপান,দক্ষিণা আগ কৰি এগছি বন্তি জ্বলাই।
শস্যৰ গুটিখিনি তাৰ কাষতে ৰাখি লক্ষ্মী আইক প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে লুটা নিয়া এওঁৱা ছোৱালীজনীয়ে প্ৰথমে পানীলৈ নামি কটাৰীৰে পানী কাটি লুটাত ভৰাই লয়;এচলু পানী সকলো আইৰ গালৈ ছতিয়াই দিয়ে।ইফালে এচলু পানী নিজেই খায় বামলৈ উঠে।ইয়াৰ পিছতেই জাকৈ লৈ যোৱা ছোৱালীজনীয়ে বিলৰ মা
পৰা মৎস্য লক্ষ্মী সংগ্ৰহ কৰে জাকৈ মাৰি। জাকৈত উঠা মৎস্য লক্ষ্মী আৰু শস্য লক্ষ্মী দোলাত উঠাই লয় এওঁৱা লৰা দুটাই।
তাৰ পিছত সকলো পুনৰ আগৰ দৰেই আঠুৱাৰ ভিতৰত সোমাই গাঁৱৰ নামঘৰলৈ ওভতি যায়।এইদৰে যাওঁতে আইসকলে লক্ষ্মী আইৰ গীত গাই উৰুলি দি দি যায়।নামঘৰৰ বাটচ’ৰাতে এখন পীৰা পাৰি পানীৰ ঘটি লৈ গাঁৱৰ আইসকলে লখিমী আইক আদৰি আৰু তেওঁৰ প্ৰসাদৰ ভাৰ লৈ যোৱা আঁঠুৱাতলৰ এওঁৱা লৰা-ছোৱালীসকলক চৰণ ধুৱাই সেৱা জনাই আদৰি নিয়ে নামঘৰৰ ভিতৰলৈ।
নামঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত আইসকলে এই এওঁৱা লৰা-ছোৱালীসকলক লৈ নামঘৰৰ চৌহদত তিনিপক ঘূৰি লখিমী আইৰ সম্পদ পূৱ দিশলৈ আগলি কলপাতত ৰাখে। ইয়াৰ পিছতেই লখিমী আইৰ নাম গাই শৰাই ভাঙি আইসকলে প্ৰসাদ বিতৰণ কৰে।লখিমী আইৰ প্ৰসাদৰূপে শস্য আৰু মৎস্যৰ একো একোটা ভাগ ঘৰে প্ৰতি নিবলৈ দিয়া হয়।
এই প্ৰসাদ নি প্ৰতিঘৰ গৃহস্থৰ মুল মহিলাগৰাকীয়ে নিজৰ ঘৰৰ ভঁৰালত, গোহালিত বা বাকচৰ এটা চুকত টোপোলা কৰি সাঁচি ৰাখে। এইদৰে লক্ষ্মী আই(লখিমী সবাহ)ৰ প্ৰসাদ নি ঘৰত ৰাখিল; ঘৰত ধন-সম্পত্তিৰ অনাটন নহয় বুলি লোকবিশ্বাস আছে।

সেয়ে ঢকুৱাখনাৰ কাঠগাঁৱৰ লোকসকলে এতিয়াও প্ৰতিবছৰে লক্ষ্মী পূৰ্ণিমাৰ দিনা অতীজৰ পৰম্পৰা ৰক্ষা কৰি চুতীয়া জনগোষ্ঠীৰ নিজা নীতি-নিয়মৰ মাজেৰে দিনজোৰা কৈ লখিমী (লক্ষ্মীপূজা) সবাহ পালন কৰে নামঘৰত আধ্যাত্মিকভাৱে।