ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসঃ বন সংৰক্ষণৰ যুঁজ আৰু ত্যাগৰ স্মৃতি
লিখিছে মানস প্ৰতিম দত্তই

ভাৰতৰ প্ৰাকৃতিক সম্পদ বুলিলে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ কথাই মনলৈ আহে। এই সম্পদসমূহৰ সুৰক্ষাৰ বাবে অসংখ্য ব্যক্তিয়ে নিৰবিচ্চিন্নভাৱে সেৱা আগবঢ়াই থকাৰ লগতে বহুসময়ত চোৰাং-চিকাৰী অথবা দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিবলগীয়া হৈছে। সেয়েহে তেওঁলোকৰ সেৱা আৰু দায়িত্ববোধৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১১ ছেপ্তেম্বৰ তাৰিখে 'ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস' (National Forest Martyrs' Day) পালন কৰা হয়।
এই দিৱসে বনভূমিৰ সেৱাৰ বাবে আত্মবলিদান দিয়া শ্বহীদ সকলক সন্মান জনোৱাৰ লগতে বন সংৰক্ষণৰ প্ৰতি সমাজৰ সচেতনতা বৃদ্ধি কৰা আৰু পৰিৱেশ সুৰক্ষাৰ গুৰুত্বক তুলি ধৰাৰ উদ্যোগ লয়।
ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ ইতিহাস ভাৰতৰ পৰিৱেশ সংৰক্ষণৰ সৈতে সংপৃক্ত হৈ আছে। এই দিনটোৰ মূল পটভূমি হৈছে ১৭৩০ চনৰ ১১ ছেপ্তেম্বৰত সংঘটিত খেজৰলী নৰসংহাৰ। ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজৰলী গাঁৱত মহাৰাজা অভয় সিঙৰ সৈন্যই ৰাজপ্ৰসাদ নিৰ্মাণৰ বাবে খেজৰী গছ কটাৰ উদ্দেশ্যে আহিছিল। বিষ্ণৈই সম্প্ৰদায়ৰ নেতৃত্বত অমৃতা দেৱী বিষ্ণোইয়ে এই অভিযানৰ বিৰোধিতা কৰি গছক আলিঙ্গন কৰি ৰক্ষা কৰিবলৈ আগবাঢ়িছিল। ফলস্বৰূপে, তেওঁক আৰু তেওঁৰ সম্প্ৰদায়ৰ ৩৬২ জন লোকক (মুঠ ৩৬৩ জন) নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই ঘটনাই ভাৰতৰ পৰিৱেশ আন্দোলনৰ প্ৰথম উদাহৰণ হিচাপে পৰিচিত, যিয়ে পিছলৈ চিপকো আন্দোলনৰ দৰে অন্যান্য সংৰক্ষণ যুঁজক প্ৰেৰণা যোগাইছিল। এই ঐতিহাসিক ঘটনাৰ স্মৃতিত ২০১৩ চনৰ পৰা প্ৰতি বছৰৰ ১১ ছেপ্তেম্বৰ তাৰিখে বন শ্বহীদ দিৱস পালন কৰি অহা হৈছে।
ভাৰতৰ বিভিন্ন বনাঞ্চলত অবৈধ চিকাৰ, চোৰাং কাঠ আৰু ভূমি বেদখলৰ বিৰুদ্ধে যুঁজ দি বনকৰ্মীসকলে প্ৰায়ে প্ৰাণ হেৰুৱাবলগীয়া হয়।
ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ তাৎপৰ্য কেৱল স্মৃতিৰক্ষাত সীমিত নহয়; ই পৰিৱেশ সংৰক্ষণৰ এক বৃহৎ প্ৰসংগ হৈ পৰিছে। ভাৰতত প্ৰায় ২১.৭১% ভূমি বনাঞ্চলে আৱৰি আছে, যিয়ে জলবায়ু নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় সম্প্ৰদায়ৰ জীৱিকা নিশ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে।
কিন্তু অবৈধ কাঠ, কয়লা, চিকাৰ, খনন আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ভাবুকিয়ে এই সম্পদবোৰ বিপন্ন কৰি তুলিছে। এই দিনটোৱে এই ভয়াৱহতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্যোগ লয়।
সমগ্ৰ দেশজুৰি এই দিনটো বিভিন্ন ধৰণে পালন কৰা হয়। বন বিভাগ, ৰাষ্ট্ৰীয় উদ্যান আৰু শিক্ষানুষ্ঠানসমূহত অনুষ্ঠান আয়োজন কৰা হয়।
এনে অনুষ্ঠানসমূহত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। গছপুলজ ৰোপণ অভিযান, সজাগতা ৰেলী আৰু আকোচনা সত্ৰৰ জৰিয়তে জনসচেতনতা বৃদ্ধিৰ উদ্যোগ লোৱা হয়।
সম্প্ৰতি বন সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বৃদ্ধি পাইছে। প্ৰায় ১০০০ৰো অধিক বনকৰ্মীয়ে স্বাধীনতাৰ পিছত প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস হৈছে ত্যাগৰ এক স্মাৰক সৌধ, যিয়ে আমাক সোঁৱৰাই দিয়ে যে পৰিৱেশ সুৰক্ষা সামূহিক দায়িত্বৰ কথা।
অমৃতা দেৱী বিষ্ণৈইৰ দৰে শ্বহীদসকলৰ আদৰ্শ অনুসৰণ কৰি আমি এক সেউজ আৰু বহনক্ষম ভাৰত গঢ়ি তুলিব পাৰোঁ। এই দিনটোৱে কেৱল অতীতক স্মৰণ কৰাই নহয়, ভৱিষ্যতে পৰিৱেশৰ হকে যুঁজ দিয়াৰ বাবে প্ৰেৰণা যোগাবলৈ উৎসাহিত কৰিব। আহক, আমি সকলোৱে বন সংৰক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হওঁ।