অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

69,725CR: ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ ৬৯,৭২৫ কোটি টকাৰ পেকেজৰ অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে

Spread the love

মুঠ ২৪,৭৩৬ কোটি টকাৰ কৰ্পাছ পুঁজিৰে জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি (SBFAS) ৩১ মাৰ্চ, ২০৩৬লৈকে সম্প্ৰসাৰণ কৰা কৰা হৈছে

২০,০০০ কোটি টকাৰ সামুদ্ৰিক বিনিয়োগ পুঁজি আৰু ৫,০০০ কোটি টকাৰ সুতৰ উৎসাহ পুঁজিৰ সৈতে সামুদ্ৰিক উন্নয়ন পুঁজি অনুমোদিত হৈছে

১৯,৯৮৯ কোটি টকাৰ বাজেটযুক্ত জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিয়ে দেশীয় জাহাজ নিৰ্মাণ ক্ষমতা ৪.৫ মিলিয়ন গ্ৰছ টনলৈ সম্প্ৰসাৰণৰ লক্ষ্য ৰাখিছে

“স্বাধীন ভাৰতৰ ইতিহাসত সামুদ্ৰিক খণ্ডৰ বাবে সৰ্ববৃহৎ চৰকাৰী ব্যয়ে অমৃতকালৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচখন সামুদ্ৰিক দেশৰ ভিতৰত স্থান দিয়াৰ পথ প্ৰশস্ত কৰিব”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

DD TIMES দিল্লী, ২৫ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ ৬৯,৭২৫ কোটি টকাৰ এক বৃহৎ পেকেজৰ অনুমোদন জনোৱা হৈছে।

এই পেকেজে দেশীয় ক্ষমতা শক্তিশালী কৰা, দীৰ্ঘম্যাদী বিত্তীয় সাহায্য উন্নত কৰা, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড জাহাজ নিৰ্মাণ শ্বিপয়াৰ্ডৰ উন্নয়নৰ প্ৰসাৰ, প্ৰযুক্তিগত ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰা আৰু আইনী ব্যৱস্থা, কৰ ব্যৱস্থা আৰু নীতিগত সংস্কাৰৰ জৰিয়তে এক শক্তিশালী সামুদ্ৰিক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে চাৰিটা স্তম্ভৰ পদ্ধতি প্ৰৱৰ্তন কৰিছে।

এই পেকেজৰ অধীনত জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি (SBFAS) ৩১ মাৰ্চ, ২০৩৬লৈকে সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ বাবে থাকিব মুঠ ২৪,৭৩৬ কোটি টকাৰ কৰ্পাছ পুঁজি। এই আঁচনিৰ লক্ষ্য হৈছে ভাৰতত থলুৱাভাৱে জাহাজ নিৰ্মাণক উৎসাহিত কৰা আৰু ইয়াত শ্বিপ-ব্ৰেকিং ক্ৰেডিট নোটৰ বাবে ৪,০০১ কোটি টকাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা। এই পদক্ষেপসমূহৰ ৰূপায়ণৰ তদাৰক কৰাৰ বাবে ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ মিছন প্ৰতিষ্ঠা কৰা হ’ব।

ইয়াৰ উপৰি সামুদ্ৰিক উন্নয়ন পুঁজি (MDF)ৰ অনুমোদন জনোৱা হৈছে, যাৰ মুঠ কৰ্পাছ পুঁজি হৈছে ২৫,০০০ কোটি টকা। ই সামুদ্ৰিক খণ্ডটোৰ বাবে দীৰ্ঘম্যাদী বিত্তীয় সাহায্য প্ৰদান কৰিব। ইয়াত ভাৰত চৰকাৰৰ ৪৯% অংশীদাৰিত্বৰ সৈতে ২০,০০০ কোটি টকাৰ সামুদ্ৰিক বিনিয়োগ পুঁজি আৰু ৫,০০০ কোটি টকাৰ সুতৰ উৎসাহ পুঁজি অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি ১৯,৯৮৯ কোটি টকাৰ বাজেটেৰে ৰূপায়ণ কৰা হ’ব, যিয়ে দেশীয় জাহাজ নিৰ্মাণ ক্ষমতা বছৰি ৪.৫ মিলিয়ন গ্ৰছ টনলৈ সম্প্ৰসাৰণ, মেগা জাহাজ নিৰ্মাণ ক্লাষ্টাৰ বৃদ্ধি, আন্তঃগাঁথনি সম্প্ৰসাৰণ, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ অধীনত ভাৰত জাহাজ প্ৰযুক্তি কেন্দ্ৰ স্থাপন আৰু জাহাজ নিৰ্মাণ প্ৰকল্পৰ বাবে বীমা সকাহ প্ৰদানৰ লক্ষ্য ৰাখিছে।

মুঠ পেকেজটোৱে ৪.৫ মিলিয়ন গ্ৰছ টনৰ জাহাজ নিৰ্মাণ ক্ষমতা মুকলি কৰাৰ সম্ভাৱনা আছে, প্ৰায় ৩০ লাখ নিয়োগৰ সৃষ্টি কৰিব আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডত প্ৰায় ৪.৫ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব। ই ভাৰতৰ ভূ-ৰাজনৈতিক স্থিতিস্থাপকতা আৰু কৌশলগত আত্মনিৰ্ভৰশীলতাকো শক্তিশালী কৰিব, আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ অগ্ৰগতি সাধন কৰি ভাৰতক বিশ্বৰ জাহাজ পৰিবহণ আৰু জাহাজ নিৰ্মাণ খণ্ডত এক আগশাৰীৰ প্ৰতিযোগিতামূলক শক্তি হিচাপে স্থান দিয়াত সহায় কৰিব।

এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেবিনেটৰ দ্বাৰা অনুমোদিত এই গুৰুত্বপূৰ্ণ পেকেজে ভাৰতৰ সামুদ্ৰিক খণ্ডত এক সোণালী যুগৰ পুনৰুত্থানৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব। স্বাধীন ভাৰতৰ ইতিহাসত সামুদ্ৰিক খণ্ডৰ বাবে সৰ্ববৃহৎ চৰকাৰী ব্যয়ে অমৃতকালৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচখন সামুদ্ৰিক দেশৰ ভিতৰত স্থান দিয়াৰ পথ প্ৰশস্ত কৰিব। আজি সামুদ্ৰিক খণ্ডই ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে কাম কৰি আছে, যিয়ে দেশৰ ৯৫% বাণিজ্যৰ পৰিমাণ আৰু ৭০% মূল্য সঞ্চালিত কৰে।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!