3rd Indian Lighthouse Festival: বিশাখাপত্তনমত ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ শুভাৰম্ভণি
বিশাখাপত্তনমত ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ শুভাৰম্ভণি
ভেঙ্কাইয়া নাইডু আৰু সৰ্বানন্দ সোণোৱালে দুদিনীয়া লাইটহাউছ কাৰ্নিভেলৰ শুভ উদ্বোধন কৰে
লাইটহাউছসমূহ এতিয়া কেৱল জলপথক আলোকিত আৰু দিক্-দৰ্শন কৰাৰ বাবেই নহয়, বৰঞ্চ সংস্কৃতি, সম্প্ৰদায় আৰু সমৃদ্ধিৰ সজীৱ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছেঃ ভেঙ্কাইয়া নাইডু
লাইটহাউছ ফেষ্টিভেলে আকৰ্ষণীয় স্থানসমূহক পৰ্যটন আৰু উৎসৱৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছেঃ সৰ্বানন্দ সোণোৱাল
‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে কুচিপুড়িত বৰ্ণাঢ্য সাংস্কৃতিক নিবেদন
উত্তৰ-পূৰ্বাঞ্চলৰ লোকনৃত্যৰে মুখৰিত ভাৰতীয় লাইটহাউছ ফেষ্টিভেল

DD TIMES বিশাখাপত্তনম, ৯ জানুৱাৰী, ২০২৬ঃ ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেঙ্কাইয়া নাইডুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপত্তনমত ৩য় ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ শুভ উদ্বোধন কৰে।

এই দুদিনীয়া সাংস্কৃতিক মহোৎসৱত পৰম্পৰাগত খাদ্য, উৎসৱমুখৰ অনুষ্ঠান, নৃত্য আৰু নাটক প্ৰদৰ্শন, মত বিনিময় অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হৈছে।
শুভ উদ্বোধনী নিশাত বিশাখাপত্তনমৰ উপকূল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত হৈ পৰে। অনুষ্ঠানত কুচিপুড়ি নৃত্যানুষ্ঠানো প্ৰদৰ্শন কৰা হয়। তাৰপাছত ১৫০ বছৰীয়া ‘বন্দে মাতৰম’ৰ প্ৰতি শ্ৰদ্ধাসূচক অনুষ্ঠান পৰিৱেশন কৰা হয়।
লাইটহাউছ ফেষ্টিভেলে সৰ্বস্তৰৰ ৰাইজৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে, প্ৰায় ৩,৫০০ৰো অধিক দৰ্শকে সাংস্কৃতিক প্ৰদৰ্শনী আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেঙ্কাইয়া নাইডুৱে কয়, “লাইটহাউছসমূহক কেৱল জলপথৰ দিক্-দৰ্শক হিচাপেই নহয়, বৰঞ্চ সংস্কৃতি, পৰ্যটন আৰু সম্প্ৰদায়ৰ গৌৰৱৰ জীৱন্ত প্ৰাণকেন্দ্ৰ হিচাপে উজ্জীৱিত কৰা হৈছে। এই উৎসৱে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু উদযাপন কৰাৰ লগতে স্থানীয় জীৱিকা, যুৱক-যুৱতীৰ অংশগ্ৰহণ আৰু অৰ্থনৈতিক বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিব।”
উদ্বোধনী দিনৰ এটা মুখ্য আকৰ্ষণ হৈছে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা অহা ৪০ৰো অধিক আত্মসহায়ক গোটৰ বিপণী, য’ত স্থানীয় হস্তশিল্প, উপকূলীয় খাদ্য আৰু আদিবাসী সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে, যিয়ে সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু মহিলা-নেতৃত্বাধীন উদ্যোগক লাইটহাউছ পৰ্যটনৰ সৈতে জড়িত কৰি দেখুৱাইছে।
অনুষ্ঠানৰ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “বাতিঘৰসমূহ পৰ্যটন, সংস্কৃতি আৰু স্থানীয় উদ্যোগৰ সজীৱ প্ৰাণকেন্দ্ৰ হিচাপে উদ্ভাসিত হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল লক্ষ্য হৈছে উপকূলীয় সম্প্ৰদায়সমূহক সক্ৰিয়ভাৱে জড়িত কৰি লাইটহাউছবোৰক ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনৰ জীৱন্ত প্ৰতীক হিচাপে সংৰক্ষণ, সুৰক্ষিত আৰু প্ৰচাৰ-প্ৰসাৰ কৰা।
বাতিঘৰসমূহক পৰ্যটন আৰু উৎসৱৰ প্ৰাণকেন্দ্ৰ হিচাপে বিকশিত কৰি আমি এক শক্তিশালী অৰ্থনৈতিক বাতাৱৰণ সৃষ্টি কৰি আছোঁ — চাকৰিৰ সৃষ্টি, স্থানীয় ব্যৱসায়ক সমৰ্থন আৰু উপকূলীয় অঞ্চলত স্থায়ী অৰ্থনৈতিক বৃদ্ধিৰ নতুন সুযোগ মুকলি কৰা আৰু আমাৰ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত জলপথ পৰিবহণৰ সমান্তৰালকৈ পৰ্যটনক ত্বৰান্বিত কৰা।”
সাংস্কৃতিক সন্ধিয়াত উত্তৰ-পূব ভাৰতৰ বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এই মনোমোহা প্ৰদৰ্শনে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।
ইয়াৰ উপৰিও সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতীয় লাইটহাউছ ফেষ্টিভেলে ভাৰতীয় বিবিধ পৰম্পৰাক উদ্ভাসিত কৰি সমন্বয়ৰ বাৰ্তাও বহন কৰিছে। আনহাতে আলোকিত উপকূলত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে কুচিপুড়িৰে জনোৱা শ্ৰদ্ধাসূচক অনুষ্ঠানে আমাৰ ৰাষ্ট্ৰৰ আত্মাক ধৰি ৰাখিছে। ইয়াত ভাৰতৰ সাংস্কৃতিক আত্মা সমুদ্ৰৰ কাষত জীৱন্ত হৈ উঠিছে।”
উদ্বোধনী অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী কান্দুলা দুৰ্গেশ, সাংসদ মথুকুমিল্লি শ্ৰীভাৰত আৰু চি. এম. ৰমেশ, গ্ৰেটাৰ বিশাখাপত্তনম পৌৰ নিগমৰ মেয়ৰ, বিশাখাপত্তনমৰ বিধায়ক আৰু বিধান পৰিষদৰ সদস্য, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, ভাৰত চৰকাৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
৭,৫০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ উপকূল আৰু ২০৪টা লাইটহাউছ থকা ভাৰতে এই ঐতিহাসিক নৌ-প্ৰহৰীসমূহক সংস্কৃতি আৰু পৰ্যটনৰ সজীৱ গন্তব্যস্থান হিচাপে পুনৰুজ্জীৱিত কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘মন কী বাত’ত বাতিঘৰৰ পৰ্যটনৰ সম্ভাৱনাক ত্বৰান্বিত কৰাৰ বিষয়ে উল্লেখ কৰিছিল।
মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃতকাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ অধীনত ইতিমধ্যে ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ৭৫টা বাতিঘৰক আধুনিক পৰ্যটন সুবিধাৰে বিকশিত কৰা হৈছে, যাৰ ফলত দৰ্শকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে, চাকৰিৰ সৃষ্টি হৈছে আৰু উপকূলীয় সম্প্ৰদায়সমূহৰ মাজত অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ জাগ্ৰত হৈছে।

