KHAGARIJAN COLLEGE: পথ দু*ৰ্ঘ*ট*না*ত আ*হ*ত খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰী ৰৌচডানা বেগমৰ মৃ*ত্যু
পথ দুৰ্ঘটনাত আহত খাগৰিজান মহাবিদ্যালয়ৰ ছাত্ৰী ৰৌচডানা বেগমৰ মৃত্যুঃ শোকস্তদ্ধ আলিটাঙনী অঞ্চলঃ খাগৰিজান মহাবিদ্যালয়ত শোক সভা
DD TIMES নগাঁও, ১৬ অক্টোবৰঃ নগাঁও জিলাৰ আলিটাঙনীৰ নিবাসী আবুল কালাম আৰু ফাটেমা বেগমৰ কন্যা তথা ৰৌচদানা বেগমৰ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ মেডিকেল কলেজত মঙলবাৰে কৰুণ মৃত্যুৰ ঘটনাই খাগৰিজান মহাবিদ্যালয়ৰ লগতে গৃহ ভূমি আলিটাঙনীত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত খৱৰ অনুসৰি ১৩ অক্টোবৰত হোৱা এটা পথ দুৰ্ঘটনাত খাগৰিজান মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰ ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ পিছত গুৱাহাটীৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত আছিল যদিও পৰৱৰ্তী সময়ত মৃত্যুক আকোঁৱালি লয়।
ছাত্ৰীগৰাকীৰ মৃত্যুত অধ্যয়নৰত খাগৰিজান মহাবিদ্যালয়ত আজি এখনি শোকসভা অনুষ্ঠিত হয়। শোকসভাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গকো মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলৰ ফালৰ সমবেদনা জ্ঞাপন কৰে।

