অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

20th Foundation Day of Ganashakti: মিংমাং-গোগামুখত গণশক্তিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস

Spread the love

মিংমাং-গোগামুখত গণশক্তিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ আগন্তুক বিধানসভা নিৰ্বাচনত দিব নিজাববীয়াকৈ প্ৰাৰ্থিত্ব

DD TIMES গোগামুখ, ২০ নৱেম্বৰঃ অসমৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ ২০ সংখ্যা প্ৰতিষ্ঠা দিৱস আজি মিংমাং-গোগামুখত দিনজোৰ কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷

ধেমাজি জিলাৰ মিংমাঙৰ মিংমাংস্থিত দঃঞিঃ-পঃল লত্তাত গণশক্তিৰ মিংমাং শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা গণশক্তিৰ প্ৰতিষ্ঠা দিৱসত আজি পুৱা ৮ বজাত পতাকা উত্তোলন কৰাৰ পাছত ৯ বজাত স্মৃতি তৰ্পণ কৰা হয় ৷ ১০ বজাত গণশক্তিৰ কৰণীয় আৰু চৰকাৰী আঁচনিক ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত বক্তব্য ৰাখে যুৱ সমাজকৰ্মী ভানু পেগুৱে ৷

মিংমাং অঞ্চলৰ যুৱ নেতা তথা যুৱ সমাজকৰ্মী সঞ্জীৱ মিলিৰ তত্ববধানত আনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙীয়াই ৷

মুখ্য অতিথিৰ ভাষণত তেওঁ কয় যে, সন্মিলিত গণশক্তি অসম মূলতঃ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাক সামৰিহে প্ৰথমে গঠন কৰা হৈছিল ৷ কিন্তু গণশক্তিৰ নেতা-কৰ্মীসকলে সাধাৰণ জনগণক কৰা সন্মান আৰু বিশ্বাসে দলটোক বিশাল আকাৰৰ ৰূপ দিছে ৷

সম্প্ৰতি গণশক্তি দল তিনিচুকীয়া, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, ডিব্ৰুগড় আৰু বিশ্বনাথ জিলালৈ সম্প্ৰসাৰিত হৈছে ৷ গণশক্তি দলত যোগদান কৰিবলৈ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও যোগাযোগ কৰিছে ৷

আমি অচিৰেই বিভিন্ন জিলাত গণশক্তি দলত যোগদানৰ কাৰ্যসূচী আৰম্ভ কৰিম ৷ অৱশ্যে আজি জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী লৈছে আৰু জোনাইত আগতীয়াকৈ যোগদান পৰ্ব আৰম্ভ হৈছে ৷ তেওঁ লগতে কয়- সম্প্ৰতি গণশক্তি দলৰ নেতৃত্বত মিচিং  স্বায়ত্তশাসিত পৰিষদত চৰকাৰ চলি আছে ৷

পৰিষদৰ দ্বাৰা ৰূপায়িত উন্নয়নমূলক আঁচনিয়ে গণশক্তি দলক ৰাইজৰ আস্থাভাজন হোৱাত সহায় কৰিছে। পৰিষদৰ নিৰবছিন্ন উন্নয়নমূলক আঁচনিয়ে জনসাধাৰণৰ তৃণমূল পৰ্যায়লৈকে গতি কৰিছে ৷ ফলত গণশক্তিৰ শক্তি বৃদ্ধি পোৱাৰ লগতে গণশক্তিৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিছে ৷

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়- বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আমাৰ অংশীদাৰী দল ৷ আমি বিজেপি দলৰ লগত আলোচনা কৰি আগন্তুক বিধানসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছোঁ ৷ কিন্তু কোনটো বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব এই কথা বিৱৰি নক’লে যদিও সময়ত সকলোবোৰ কথা ৰাইজে অৱগত হ’ব বুলি তেওঁ দোহাৰে ৷

তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলানি উন্নয়নমূলক আঁচনিও উক্ত সভাতে দাঙি ধৰে ৷ সভাত উপস্থিত থাকি গীত পৰিৱেশন কৰাৰ  লগতে ভাষণ প্ৰদান কৰে অনাতাঁৰ শিল্পী তথা এম এম কেৰ জেষ্ঠ নেতা অৰুণ মৰাঙে ৷ সভাত উপস্থিত থাকে মিংমাং গাঁও পঞ্চায়তৰ সভাপতি গণেশ্বৰ দলে, গণশক্তিৰ মিংমাং পৰিষদীয় সমষ্টি সমিতিৰ তত্বাবধায়ক ভূপেন পেগুৰ লগতে গণশক্তিৰ স্থানীয় কৰ্মী-সদস্যসকলে ৷

একেদৰে গোগামুখতো আজি গণশক্তিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ গণশক্তিৰ গোগামুখ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে গণশক্তিৰ গোগামুখ শাখা সমিতিৰ সভাপতি পদ্ম দলেয়ে ৷

সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে এম এম কেৰ জেষ্ঠ নেতা ৰমাকান্ত পাইটে ৷ সভাত উপস্থিত থাকে মিচিং জাতীয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, গোগামুখ গাঁও পঞ্চায়তৰ সভাপতি পদ্মধৰ কামান,  গণশক্তিৰ জেষ্ঠ কৰ্মী জিতু ডেকা, মুকুট বসুমতাৰী, জিতু ডেকা, চিত্ৰৰঞ্জন চাংমাই, দেব দলে আদিয়ে ৷

একেদৰে ওখমাটি, কচুতলি, দিৰপাই-মহৰিকেম্প, লটাক, নাহৰবাৰী, মধ্যমিংমাং, জয়ৰামপুৰ, নলবাৰী, ভেবেলী, জীয়াধল আদিতো গণশক্তিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!