অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

2026 ELECTION: ২০২৬ৰ নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তুতি

Spread the love

২০২৬ৰ নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰস্তুতি
ৰাজীৱ ভৱনত দিল্লী বিস্ফোৰণত নিহতলৈ শ্ৰদ্ধাঞ্জলি

DD TIMES গুৱাহাটী, ১১ নৱেম্বৰঃ ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ৰাজীৱ ভৱনত আজি পুৱা ১০.৩০ বজাৰ পৰা নিশা পৰ্যন্ত কেবালানিও আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ সঞ্চালনাত আজি ৩খনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

পুৱাৰ ভাগত দিল্লী বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। লগতে, দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদকো ১৩৭ সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

ইয়াৰ পিছতে ২০২৬ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ইস্তাহাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠক পৰিচালনা কৰে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে।

ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টিএছ সিংদেওৰ উপস্থিতিত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইস্তাহাৰ সমিতিখনে প্ৰস্তুত কৰা খছৰা পৰ্যালোচনা কৰা হয়। ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যে প্ৰস্তুত কৰা ইস্তাহাৰৰ সবিশেষ সদনত দাঙি ধৰে।

উক্ত বৈঠকত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বলীন কুলী, ৰিপুন বৰা, আব্দুল খালেক, প্ৰাক্তন মন্ত্ৰী পৃথ্ৱী মাজিৰ উপৰিও নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক পৃথ্ৱীৰাজ সাথে, বিকাশ উপাধ্যায়, মনোজ চৌহান উপস্থিত থাকে।

পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হয় বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলক লৈ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত বিটিচি নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলৰ স্থিতি সন্দৰ্ভত বিস্তৃত আলোচনা হয়।

ইফালে, বিয়লিৰ ভাগত নিৰ্বাচন প্ৰস্তুতি সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এইখন সভাত নিৰ্বাচনী সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া, নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ ৰিপুন বৰা, নিৰ্বাচনী কেম্পেইন কমিটিৰ অধ্যক্ষ ভূপেন বৰা, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ লগতে তিনিজন কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰ এই বৈঠকত উপস্থিত থাকে।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচন প্ৰস্তুতি সন্দৰ্ভত অধ্যক্ষসকলৰ কামৰ খতিয়ান লোৱাৰ লগতে পৰামৰ্শৱলী পৰ্যালোচনা কৰে।

ইফালে, ১২ নৱেম্বৰ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠক অনুষ্ঠিত হ’ব। পুৱা ১০.৩০ বজাৰ পৰা এই বৈঠকখন অনুষ্ঠিত হ’ব।

একেদৰে, দিনটোৰ শেষৰফালে আবেলি ৪ বজাত কেবাটাও বিৰোধী ৰাজনৈতিক দলৰ সভাপতি তথা ৰাজ্যিক নেতৃত্বৰ লগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মত বিনিময় কৰি এক চাহমেলত অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!