অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

1942: মৃত্যু বাহিনীৰ নায়ক ‘৪২ৰ ছহিদ মনবৰ নাথক স্মৰণ

Spread the love

ছহিদৰ গৃহ ভূমি নগাঁৱৰ জামুগুৰিত স্মৃতিচাৰণৰ অনুষ্ঠান

ছহিদসকলৰ ত্যাগ আৰু আদর্শক মূল্যায়ন কৰি নতুন প্রজন্ম আগবাঢ়ি যাব লাগিবঃ ড° ৰমেশ নাথ

DD TIMES নগাঁও, ২০ ছেপ্টেম্বৰঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ‘থানা দখল’ কাৰ্যসূচীত থানাৰ পৰা ইংৰাজৰ পতাকা আঁতৰাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ সশস্ত্র ব্রিটিছ আৰক্ষীৰ গুলীত প্রাণ আহুতি দিয়া বীৰ যোদ্ধা, মৃত্যু বাহিনীৰ প্রথম নায়ক ছহিদ মনবৰ নাথৰ ৮৪ সংখ্যক স্মৃতি দিবস আজি ছহিদজনৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱর্তী জামুগুৰিত পালন কৰা হয়।

এই উপলক্ষে আজি ছহিদ মনবৰ নাথৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিৰ প্রাংগণত পুৱা পতাকা উত্তোলন কৰে বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভানেত্ৰী সুৰুয মনি বৰাই। তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

সমাজ কৰ্মী উৎপল বৰদলৈয়ে আত ধৰা অনুষ্ঠানটিত প্ৰবীন অনাতাঁৰ শিল্পী গম্ভীৰ নাথৰ মনবৰ নাথৰ বিষয়ে ৰচিত ‘এই বিশাল বিশ্বৰ’ সমবেত সংগীত টো পৰিবেশন কৰা হয়। পৰবৰ্তী অলপতে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰা ছহিদ মনবৰ নাথৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে বিশিষ্ট শিক্ষাবিদ তথা খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ চন্দ্ৰ নাথে।

ছহিদ জনাৰ প্ৰতিমূৰ্তিৰ পুস্পাঞ্জলি অৰ্পন কৰি বিশিষ্ট অতিথিৰ ভাষণত ড° ৰমেশ নাথে কয়- ‘নিজৰ প্রাণকো হেয় জ্ঞান কৰি ছহিদ মনবৰ নাথে ব্রিটিছৰ গুলী বুকু পাতি মৃত্যুক আঁকোৱালি লৈছিল। মনবৰ নাথৰ দৰে স্বাধীনতা আন্দোলনৰ ছহিদসকলৰ ত্যাগ আৰু আদর্শক মূল্যায়ন কৰি নতুন প্রজন্মই ছহিদৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব।লগতে তেওঁ কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ-বীৰাগংণা, ছহিদ সকলক পুনৰ আৱিষ্কাৰ কৰাৰ সময় আহি পৰিছে। লগতে তেওঁ বৰ্তমান ৰাজ্যৰ মূখ্যমন্ত্ৰী গৰাকীয়ে ছহিদসকলৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মানৰ শলাগ লয়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ৰাজ্যিক বঁটাপ্রাপ্ত শিক্ষক অনিল নাথ , অনাতাঁৰ শিল্পী গম্ভীৰ নাথ আৰু কেইবাজনো বক্তাই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ লগতে ছহিদ মনবৰ নাথৰ জীবন দর্শনৰ আলোকপাত কৰে। অনুষ্ঠানত নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ মহিলা কোষৰ নেত্ৰী ৰশ্মি দেৱী, জামুগুৰি আঞ্চলিকৰ নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল,সমাজ কৰ্মী ইন্দ্ৰেশ্বৰ ভূঞা, জ্ঞানজোতি নাথ, ৰাজীৱ নাথ, মাইনা বেজবৰা আৰু মহিলা সকল উপস্থিত থাকে ।

সন্ধিয়া বন্তি প্রজ্বলনেৰে ছহিদ দিৱস অনুষ্ঠানৰ সামৰণি পৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানতে কালি বিয়োগ ঘটা সংগীত জগতৰ উজ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ স্মৃতিত এখনি শোক-সভাৰ অনুষ্ঠিত কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অন্যহাতে, শ্বহীদ জনাৰ নামেৰে নামাংকিত শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়টো আজি অনুষ্টুপীয়াকৈ শ্বহীদ গৰাকীক স্মৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!