National School Games: ৰাষ্ট্ৰীয় স্কুল গেমছলৈ গোগামুখ ফুটবল একাডমীৰ তিনিগৰাকী খেলুৱৈ নিৰ্বাচিত
ৰাষ্ট্ৰীয় স্কুল গেমলৈ গোগামুখ ফুটবল একাডমীৰ তিনিগৰাকী খেলুৱৈঃ বিভিন্ন অনুষ্ঠান-ব্যক্তিৰ শুভেচ্ছা

DD TIMES গোগামুখ, ৩০ নৱেম্বৰঃ মধ্য প্ৰদেশৰ উমৰিয়াত ১-৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ১৪ বছৰ অনুৰ্ধ্বৰ অসম ফুটবল দলটো শনিবাৰে ৰাওনা হৈছে৷
অসম ফুটবল সন্হাই কালি ঘোষণা কৰা ১৮ জনীয়া খেলুৱৈৰ তালিকাত এইবাৰ ধেমাজি জিলাৰ পৰা ৰেকৰ্ড সংখ্যক তিনিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে তাকো কেৱল গোগামুখ ফুটবল একাডেমীৰ পৰা ৷
গোগামুখ ফুটবল একাডেমীখন অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৭ মাহৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু একাডেমীখনত প্ৰথম পৰ্যায়ত ২৫ গৰাকী খেলুৱৈক নাম ভৰ্ত্তি কৰা হৈছিল ৷
উক্ত ২৫গৰাকী খেলুৱৈক গোগামুখ মহাবিদ্যালয়ৰ অত্যাধুনিক খেলপথাৰত অনুশীলন কৰিবলৈ দিয়াৰ লগতে এখন আটক ধুনীয়া হোষ্টেলত ৰাখি বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে ৷
এই গোগামুখ ফুটবল একাডমীৰ পৰাই কম দিনৰ ভিতৰতে তিনিগৰাকীকৈ খেলুৱৈয়ে অসম দলত স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ পোৱাটো আনন্দ তথা গৌৰৱৰ দিশ হিচাপে চিহ্নিত হৈছে ৷
অসম দলত স্থান লাভ কৰা উদীয়মান খেলুৱৈসকল হৈছে প্ৰণৱ য়িৰাং, ধনসিং দৈমাৰী আৰু কৃষ্ণকান্ত বড়ো ৷ তিনিগৰাকী খেলুৱৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতি, টি এম পি কেৰ গোগামুখ আঞ্চলিক সমিতি, গোগামুখ এবছু, গোগামুখ স্প’ৰ্টছ একাডেমী, গোগামুখ ভলীবল একাডেমী, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোগামুখ ফুটবল একাডেমীৰ পৰামৰ্শ দাতা কমিটিৰ সভাপতি ড° দিলীপ কুমাৰ ঝা, গোগামুখ জীৱন-জীৱিকা গ্ৰাম্য সমল প্ৰতিষ্ঠানৰ সঞ্চালক চত্ৰ এছ মেদক, এম এ চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য অনিল পায়েং আদিয়ে ৷
সম্প্ৰতি গোগামুখ ফুটবল একাডেমীৰ প্ৰশিক্ষণৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু ফুটবল প্ৰশিক্ষক নীলোৎপল শইকীয়া ৷

