অসমঅসমীয়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ৰাইজৰ উছাহ লক্ষ্য কৰি হাগ্ৰামাই ক’লেঃ ৩ অক্টোবৰত আমি বিপিএফেই শপত ল’ম

Spread the love

প্ৰৱল বৰষুণৰ মাজত লোকাৰণ্য যমদুৱাৰত অনুষ্ঠিত বিপিএফৰ প্ৰচাৰ সভা

DD TIMES গোসাইগাঁও, ১৬ ছেপ্টেম্বৰঃ বিটিচি নিৰ্বাচনৰ এসপ্তাহ পূৰ্বে শৰাইবিল সমষ্টিত অনুষ্ঠিত বিপিএফৰ প্ৰচাৰ সভাত উপস্থিত ৰাইজৰ স্বতঃস্ফুৰ্ততা লক্ষ্য কৰি দলপতি তথা বিটিচিৰ প্ৰাক্তন চীফ্ হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাস বাঢ়িল গ’ল।

তেঁও হেলিকপ্টাৰ লৈ শৰাইবিলত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হয় প্ৰৱল বৰষুণ। কিন্তু এই বৰষুণৰ মাজতেই সভাত উপস্থিত হেজাৰ হেজাৰ ৰাইজৰ উছাহ লক্ষ্য কৰি হাগ্ৰামা মহিলাৰীয়ে সংক্ষিপ্ত ভাষণত উল্লেখ কৰে যে “শৰাইবিল সমষ্টিত বিপিএফৰ দূৰ্গ অক্ষত আছে আৰু এই সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ জয় যে নিশ্চিত সেয়া সভাত উপস্থিত ৰাইজে ষ্পষ্ট কৰি দিলে।

অকল শৰাইবিলতে নহয় বিটিচিৰ ৪০টা সমষ্টিৰ ৰাইজ প্ৰমোদ বড়োৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু বিপিএফৰ শাসন বিচাৰিছে। বিপিএফ নাহিলে যে বিটিচি সম্পূৰ্ণৰূপে ধ্বংস হ’ব সেয়া ৰাইজে বুজি পাইছে।প্ৰমোদ বড়োই ধনবল প্ৰয়োগ কৰি জাকজমকতাৰে যিমানেই প্ৰচাৰ নচলাওক কিয় ৰাইজ বিপিএফৰ লগত আছে।

বিপিএফৰ পৰা স্বাৰ্থপৰ সকল আঁতৰি গৈছে যদিও দলৰ নিষ্ঠাবান কৰ্মী সমৰ্থক সকল যে এতিয়াও বিপিএফৰ লগত আছে সেয়া আজিৰ সভাই প্ৰমান কৰি দিলে। প্ৰৱল বৰষুণৰ মাজত উপস্থিত হোৱা ৰাইজৰ প্ৰতি তেওঁ ধন্যবাদ জনাই কয় যে ২২ ছেপ্টেম্বৰত আপোনালোকে বিপিএফৰ প্ৰাৰ্থীক ভোট দিব আৰু ২৬ ছেপ্টেম্বৰত ঘোষিত ফলাফলত বিপিএফৰ জয় হ’ব।

৩ অক্টোবৰত অনুষ্ঠিত হ’ব বিপিএফৰ শপত গ্ৰহণ। সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছো।

হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাস প্ৰত্যক্ষ কৰি দলৰ নেতা কৰ্মীৰ লগতে প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীৰ মনোবল যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। উক্ত সভাত বিপিএফ দলৰ জ্যেষ্ঠ নেতা-নেত্ৰীৰ লগতে দহ সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!