অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

৭ ছেপ্টেম্বৰত কপাহেৰাত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতদেৱৰ জন্মোৎসৱৰ আয়োজন

Spread the love

সদৌ অসম সূত সন্মিলনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সূত সন্মিলনৰ সহযোগত জন্মোৎসৱ উদযাপনৰ আয়োজন

DD TIMES নগাঁও, ৫ ছেপ্টেম্বৰঃ সদৌ অসম সূত সন্মিলনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সূত সন্মিলনৰ সহযোগত অহা ০৭ ছেপ্টেম্বৰত মৰিগাঁওজিলাৰ কপাহেৰাৰ সোণাৰুগুৰি (পূৱ ভকতগাঁও)ত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতদেৱৰ জন্মোৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে৷

Oplus_131072

কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি ঘটিবলগা অনুষ্ঠানত বন্তি প্রজ্বলক ৰূপে উপস্থিত থাকিব ৰোহিত সূত । পৰৱৰ্তী ০৯ বজাত পতাকা উত্তোলন কৰিব সদৌ অঃ সুঃ সম্মিলনৰ সভাপতি দিলীপ বৰাই । ০৯.৩০ বজাত শ্ৰীশ্ৰী ৰোমহৰ্ষন সূতদেৱৰ প্ৰতিচ্ছবিত মাল্যার্পন । তর্পক প্রবীন চন্দ্র সূত । ১০ বজাত শৰাই স্থাপন কৰিব তুলেন সূতে ।

১০.৩০ বজাত নাম প্রসঙ্গ অনুষ্ঠানতৰ পৰিচালন কৰিব নামাচার্য্য শান্তিৰাম বৰদলৈ আৰু সঙ্গীবৃন্দই । পুৱা ১১.০০ বজাত ভাগৱত পাঠৰ উদ্বোধন কৰিব মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । পাঠাচার্য্য ৰূপে থাকিব প্রদিপ সাতনিয়া । দুপৰীয়া ০১ বজাত অনুষ্ঠিত হ’বলগা মুকলি সভাৰ সঞ্চালনা কৰিব সঃ অঃ সুঃ সঃৰ , সভাপতি দিলীপ বৰাই ।

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব সঃ অঃ সূঃ সঃৰ উপদেষ্টা সৰ্বেশ্বৰ বৰুৱা,যতীন্দ্ৰ নাথ বৰা,সঃ অঃ সুঃ সঃৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৰা,কাৰ্যকৰী সভাপতিত মহেন্দ্র ডেকা, আইন উপদেষ্টা হেমন্ত সূত,কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লাহেশ্বৰ বৰদলৈৰ লগতে আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকিব মৰিগাঁও জিলা পৰিষদৰ সদস্যা অৰ্চনা পাটৰ,চাবুকধৰা পঞ্চায়তৰ আঞ্চলিক সদস্য গোপেশ্বৰ বৰদলৈ, ভকতগাঁও গাঁও পঞ্চায়তৰ মন্ত্রী লাহন, ভকতগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী বর্ণালী ডেকা,ভকতগাঁও গাঁও পঞ্চায়তৰ উপ-সভাপতি বিদ্যুৎ বৰা, চাবুকধৰা গাঁও পঞ্চায়তৰ সভাপতি জিউমণি পাটৰকে ধৰি বহু বিশিষ্ট লোক।

উল্লেখ্য যে সমগ্ৰ কাৰ্যসূচীক সফল কৰি তুলিবলৈ সদৌ অসম সুত সন্মিলনৰ সমিতিৰ সভাপতি দিলীপ বৰা, সম্পাদক প্ৰদীপ কুমাৰ বৰা, মৰিগাঁও জিলা সমিতিৰ সভাপতি বাবুল বৰা আৰু সম্পাদক দ্বীপেন বৰাই অনুৰোধ জনাইছে ।

One thought on “৭ ছেপ্টেম্বৰত কপাহেৰাত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতদেৱৰ জন্মোৎসৱৰ আয়োজন

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!