ind vs sa test guwahati ticket: ৫ নৱেম্বৰৰ পৰা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক টেষ্টৰ টিকট বিক্ৰী
৫ নৱেম্বৰৰ পৰা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক টেষ্টৰ টিকট বিক্ৰী
DD TIMES গুৱাহাটী, ৪ নৱেম্বৰঃ অহা ২২-২৬ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজেৰে হবলগীয়া ঐতিহাসিক প্ৰথমখন টেষ্ট মেচৰ টিকট বিক্ৰী অহা ৫ নৱেম্বৰৰ পৰা লাইভ হ’ব বুলি অসম ক্ৰিকেট সন্থাই জনাইছে।

অনুৰাগীয়ে বুকমাইশ্ব’ (বিএমএছ)ৰ জৰিয়তে একচেটিয়াভাৱে টিকট বুকিং কৰি ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিব।
সফল বুকিং কৰাৰ পিছত গ্ৰাহকে এম-টিকট (ডিজিটেল টিকট) লাভ কৰিব, যাৰ জৰিয়তে ষ্টেডিয়ামত প্ৰৱেশৰ অভিজ্ঞতা সূচল হ’ব।

ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলৰ সৰ্বাধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ প্ৰতিদিনে টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে।
টিকটৰ হাৰ–
০০০ ছাত্ৰ-ছাত্ৰীৰ বাবেঃ ৫০ টকা আৰু
০০০ সাধাৰণ ষ্টেণ্ডতঃ ১০০ টকাৰ পৰা
গুৱাহাটীত হবলগীয়া এই প্ৰথম তথা ঐতিহাসিক টেষ্টখনৰ সাক্ষী হবলৈ অসম ক্ৰিকেট সন্থাই সমূহ ক্ৰিকেটপ্ৰেমীলৈ আমন্ত্ৰণ জনাইছে।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

