অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Mongoldait Aanond Utsah: ৩১ বছৰ বিজেপি দলৰ হৈ কাম কৰি লাভ কৰিলে প্ৰাৰ্থীত্ব

Spread the love

উৎসাহিত দৰং বিজেপি

প্ৰথমবাৰৰ বাবে মঙলদৈ সমষ্টিত মহিলা প্ৰাৰ্থী

DD TIMES মঙলদৈ, ১৯, মাৰ্চঃ ৩১ বছৰ বিজেপি দলৰ হৈ কাম কৰি নিলিমা দেৱীয়ে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থীত্ব লাভৰ খবৰে উৎসাহিত কৰিছে দৰং বিজেপিৰ কায্যকৰ্তাক।


১৯৯৫ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ দলৰ সাংগঠনিক কামৰ লগতে বিভিন্ন ধৰণৰ জিলা তথা ৰাজ্যিক পৰ্যায়ৰ দায়িত্ব লৈ দলটোক আগবঢ়ায় নিয়াৰ নিলীমা দেৱী প্ৰাৰ্থীত্ব লাভৰ খৱৰত উৎফলিত দলীয় কায্যকৰ্তা, বিগত ৩১টা বছৰ নিৰবিচ্ছিন্ন ভাৱে দলীয় কাম কৰি আজি সুখি নিলীমা দেৱী। মঙলদৈত আনন্দ উৎসাহ।

নিলীমা দেৱী বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কায্যকৰ্তা,১৯৯৫ চনৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ দলৰ বিভিন্ন পৰ্য্যায়ৰ কাম কাজৰ জৰিয়তে জিলা সভাপতি,অসম মহিলা আয়োগৰ উপাধ্যক্ষাৰ উপৰি দলীয় বহু বিষয় বাব সফলতাৰে সম্পন্ন কৰিছিল। বৰ্তমান নীলিমা দেৱীয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

উল্লেখযোগ্য মঙলদৈ সমষ্টিটো বিগত ৪৭ বছৰ ধৰি অনুসুচিত জাতীয় বাবে সংৰক্ষিত হৈ আছিল যদিও ২০২৫ৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত মঙলদৈ সমষ্টি সংৰক্ষণ মুক্ত হোৱাত পৰিপ্ৰেক্ষিতত এই বাৰ সাধাৰণ শ্ৰেণীৰ লোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে।শাসনাধিষ্ট বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি বহু কায্যকৰ্তাই আবেদন জনাইছিল যদিও শেষ মুহূৰ্ত্তত নিলীমা দেৱীয়ে প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম হয়।

আজি সমৰ্থক তথা ৰাইজৰ বিপুল উৎসাহৰ মাজত নিলিমা দেৱীয়ে কয় বহু বছৰ হ’ল ১৯৯৫ চনৰ পৰা দলৰ সাংগঠনিক কামৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ দায়িত্ব লৈ দলটোক আগবঢ়ায় নিয়াৰ কাৰনে দলীয় কায্যকৰ্তা সকলৰ সহযোগত দলটোক আগুৱাই লৈ গৈছো। দলীয় কায্যকৰ্তাসকলৰ চেষ্টা আৰু কষ্টৰ ফলত আজি কেন্দ্ৰত চৰকাৰ, ৰাজ্যত এখন সফল চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। ময়ো এগৰাকী দলীয় কায্যকৰ্তা হিচাপে পৰিচিত গতিকে দলে আজি যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই দলক ধন্যবাদ জনাইছোঁ।

দলে যি পৰিচয় আৰু সন্মান দিছে দলৰ ওচৰত চিৰ কৃতজ্ঞ । মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জনাব ই লাগিব আৰু মোৰ যি সকল দলীয় কায্যকৰ্তা , জেষ্ঠ কায্যকৰ্তা সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ।ৰাইজ আজি উৎসাহিত,ভাল লাগিছে ,দলত কষ্ট কৰি থকা ত্যাগ কৰা কায্যকৰ্তাক দলৰ কায্যকৰ্তাই বিচাৰে ।দলৰ বিশেষ কৈ দৰং জিলাৰ কায্যকৰ্তা সকল আজি উৎফলিত হোৱা দেখিছোঁ , তেওঁলোকৰ আনন্দিত মোক শান্তি প্ৰদান কৰিছে। মঙলদৈ সমষ্টিক মই যাতে আগবঢ়ায় নিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।নতুন ভোটাৰৰ লগতে জেষ্ঠ নাগৰিকৰ আৰ্শীবাদ বিচাৰে বিচাৰে নিলীমা দেৱীয়ে।

প্ৰায় ১৮জনকৈ দলীয় কাৰ্য কৰ্তাই দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনোৱা পিছত এগৰাকী মহিলা দলীয় কৰ্মীয়ে প্ৰাৰ্থীত্ব লাভৰ খৱৰে মঙলদৈৰ জনসাধাৰণৰ মাজত সৰৱ আলোচনা পৰিলক্ষিত হৈছে।প্ৰাৰ্থীত্ব ঘোষণা হোৱাৰ পিছতে বিজেপি প্ৰাৰ্থী গৰাকী জিলা বিজেপি কাৰ্য্যলত উপস্থিত হয়। কাৰ্যালয়ত জিলা বিজেপিৰ সভাপতি মুকুণ্ড ডেকা, উপ-সভাপতি তথা মঙলদৈ উন্নয়ন প্ৰাধিকাৰী প্ৰতাপ বৰদলৈৰ লগতে জিলা বিজেপিৰ কায্যাকৰ্তা সকলে নিলীমা দেৱীক শুভেচ্ছা জনায়।মঙলদৈ বিধানসভা সমষ্টিত পোন প্ৰথমবাৰৰ বাবে শাসনাধিষ্ট বিজেপি দলে মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়ে। উল্লেখযোগ্য যে ইতিমধ্যে কংগ্ৰেছ দলেও ৰিজুমনি তালুকদাৰক দলীয় প্ৰাৰ্থীত্ব দিয়ে। মুখ্যতঃ মহিলা প্ৰাৰ্থীৰ মাজতেই মঙলদৈত নিৰ্বাচনী যুঁজ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!