অসমঅসমীয়াআন্তর্জাতিককৃষিক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

১৮ ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা ভাৰোত্তোলন

Spread the love

প্ৰতিযোগিতা উদ্বোধন কৰিব সৰ্বানন্দ সোণোৱালে

DD TIMES গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ অসম ভাৰোত্তোলন সন্থাই চলিত ২০২৫ বৰ্ষৰ আন্তঃজিলা প্ৰতিযোগিতাখন তেজপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

সেই অনুসৰি অহা ১৮ ৰ পৰা ২১ ছেপ্টেম্বৰলৈ শোনিতপুৰ জিলা ভাৰোত্তোলন সন্থাই স্থানীয় হেম বৰুৱা ভৱনত ৫৩ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাখন আয়োজনৰ প্ৰস্তুতি কৰিছে৷

আয়োজকে অবগত কৰা অনুসৰি অহা ১৮ ছেপ্টেম্বৰত খেলুৱৈৰ অন্তিম পঞ্জিয়ন হোৱাৰ বিপৰীতে ১৯ ছেপ্টেম্বৰৰ পৰা প্ৰতিযোগিতাৰ খেল আৰম্ভ হ’ব৷

উক্তদিনাই অসম ভাৰোত্তোলন সন্থা লগতে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলিও কৰিব৷

ৰাজ্যৰ তাৰকা তথা নাবাগত ভাৰোত্তোলকে অংশ ল’বলগা চাৰিদিনীয়া প্ৰতিযোগিতাত ছিনিয়ৰ পুৰুষ-মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল’ৰা-ছোৱালী উভয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিব অসমৰ আন্তৰ্জাতিক ৰেফাৰী তথা অসম ভাৰোত্তোলন সন্থাৰ চি ই অ’ ভৱজ্যোতি গোস্বামীয়ে৷

আজি গোস্বামীয়ে জনোৱা অনুসৰি ছিনিয়ৰ পুৰুষ-মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল’ৰা-ছোৱালীৰ প্ৰতিটো শাখাতে আঠটাকৈ ওজন বিভাগত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷

যুৱ শাখাৰ বয়স ১৭ বছৰ অনূধ্বৰ্ তথা জুনিয়ৰ শাখাৰ বয়স ২০ বছৰ অনূধ্বৰ্৷ সেই অনুসৰি প্ৰতিযোগিতাত মুঠ ৪৮টা সোণৰ পদকৰ বাবে যুঁজ দিব ৰাজ্যৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় পেক্ষাপটত সফলতা লাভ কৰা ভাৰোত্তোলকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!