১৭ হেজাৰ শিক্ষাৰ্থীয়ে সমস্বৰত সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি গঢ়িলে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ
এক ঐতিহাসিক বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়াম
DD TIMES নগাঁও, ১২ ছেপ্টেম্বৰঃ এক ঐতিহাসিক বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়াম। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীৰ অমৰ সৃষ্টি কালজয়ী গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক মহৎ পদক্ষেপ গ্ৰহণ কৰে নগাঁও জিলা প্ৰশাসনে।

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ নুৰুল আমিন ষ্টেডিয়ামত জিলাখনৰ মুঠ ৬৩খন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ প্ৰায় ১৭ হেজাৰ শিক্ষাৰ্থীয়ে সমস্বৰত হাত চাপৰিৰে পৰিৱেশন কৰে সুধাকণ্ঠৰ চিৰসেউজ গীত ‘মানুহে মানুহৰ বাবে’।

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰি সমগ্র খেলপথাৰখনত এক দৃষ্টিনন্দন পৰিৱেশ গঢ়ি তোলে।

কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু প্ৰজ্ঞা পাৰমিতাই আঁত ধৰা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

আনহাতে, অনুষ্ঠানটিত উপস্থিত থাকি নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিশ্ববিশ্রুত জনতাৰ শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীতসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নগাঁও জিলা আয়ুক্তগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে জিলা আয়ুক্তগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

বিধায়ক শৰ্মাই সমাজৰ সকলোকে বিশেষকৈ নৱপ্ৰজন্মক সুধাকণ্ঠৰ যুগমীয়া সৃষ্টি গীতসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত এনেদৰে আগভাগ লবলৈ আহ্বান জনাই কয় যে আমাৰ ৰাজ্যবাসীৰ লগতে সমগ্র জিলবাসীৰ বাবে অতি গৌৰবময় ক্ষণ হিচাপে প্ৰতিষ্ঠিত হৈ আজিৰ এই অনুষ্ঠানে লাভ কৰিলে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত স্থান।

অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসেও অংশগ্ৰহণ কৰে৷ ইপিনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কলকাতা স্থিত কাৰ্যালয়ৰ বিষয়া সুনিতা কেডিয়াৰ নেতৃত্বত অহা পৰ্যবেক্ষৰ দলে সমগ্ৰ গীতৰ অনুষ্ঠানটো নিৰীক্ষন কৰি পৰিৱেশনৰ অন্তত বিষয়াগৰাকীয়ে অনুষ্ঠানটো ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ কথা ঘোষণা কৰে।

বিষয়াগৰাকীয়ে জিলা আয়ুক্তৰ হাতত অনুষ্ঠানটো ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্তিৰ প্ৰমানপত্ৰ অৰ্পণ কৰে।
উল্লেখ্য, এই গৌৰৱময় অনুষ্ঠানটি ৰাজ্যখনৰ বিশিষ্ট চাউণ্ড ইঞ্জিনীয়াৰ দিগন্ত শৰ্মাৰ তত্বাৱধানত পৰিচালিত হয়। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা, নগাঁও পৌৰসভাৰ উপ-সভাপতি সীমান্ত বৰা, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট অভিনেত্ৰী বীণা বাৰোৱতী, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলকে প্ৰমুখ্য কৰি বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, গণ্য মান্য ব্যক্তিসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
আনহাতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায়ী সংস্থা, স্বেচ্ছাসেৱী সংগঠনৰ বিষয়-ববীয়া, সংবাসেৱীসকল আৰু জিলাবাসী ৰাইজক নগাঁও জিলা প্ৰশাসনে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।