MISCELLANEOUS

হোজাই জিলা অসামৰিক চিকিৎসালয়ত ক্ৰীড়া দিৱস উদযাপন

Spread the love

DD TIMES

প্ৰথম গৰাকী অসম সন্তান হিচাপে আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনি দেশৰ লগতে অসমৰ নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হোৱাৰ বাবে ভাৰত চৰকাৰে ক্ৰীড়া সন্মান অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল ভোগেশ্বৰ বৰুৱাক।

Oplus_131072

নিজৰ প্ৰতিভা আৰু চেষ্টাৰ বলত ক্ৰীড়া জগতৰ এগৰাকী পথ প্ৰদৰ্শক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা প্ৰবীণ ক্ৰীড়াবিদ গৰাকীৰ জন্মদিনটোক সমগ্ৰ অসমতে ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

সমগ্ৰ অসমৰ সমান্তৰালকৈ হোজাই জিলাৰ অসামৰিক চিকিৎসালয়ৰ অধীনত জিলাখনৰ স্বাস্থ্য কৰ্মী সকলৰ মাজতো ক্ৰীড়া দিৱস উদযাপন কৰি প্ৰীতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উদযাপন সমিতিৰ সভাপতি তথা জিলা অসামৰিক চিকিৎসালয়, হোজাইৰ অধীক্ষক ডাঃ বাসুদেৱ মালাকৰে প্ৰতযোগিতাখন উদ্বোধন কৰি ভাষণ প্ৰদান কৰে।

অতিথি হিচাপে উপস্থিত থকা জিলা অসামৰিক চিকিৎসালয়, হোজাইৰ উপ:অধীক্ষক ডাঃ সুব্ৰত বনিকে ক্ৰীড়া দিৱসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে।

ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা এই ক্ৰীড়া প্ৰতিযোগিতা খনৰ মূল উদ্দেশ্য বাখ্যা কৰে উদযাপন সমিতিৰ সম্পাদক যুগল নাথে। হোজাই জিলাৰ প্ৰায় অধিকাংশ চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলে ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা এই প্ৰীতি প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰে।

লুডু আৰু কেৰম প্ৰতিযোগিতা দুখন সুন্দৰ আৰু নিয়াৰীয়কৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত উদ্যোক্তা সকলক সহযোগ আগবঢ়াই অপূৰ্ব বৰা, নৱ কুমাৰ দাস, নিৰ্বাণ দাস, ৰেকিবুদ্দিন আহমেদ, বেদান্ত ডেকা, সুজিত শৰ্মা আৰু অমৰজ্যোতি হৰোৱে।

একক শাখাত অনুষ্ঠিত হোৱা কেৰম প্ৰতিযোগিতাত সমগ্ৰ জিলাখনৰ পৰা প্ৰায় ৪০গৰাকী চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ একক শাখাত অনুষ্ঠিত হোৱা লুডু প্ৰতিযোগিতাতো পুৰুষ শাখাত প্ৰায় ৩৫ গৰাকী আৰু মহিলা শাখাত ৮ গৰাকী চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

লুডু প্ৰতিযোগিতাৰ পুৰুষ শাখাত প্ৰথম স্থান লাভ কৰে মহিদদুল হকে, দ্বিতীয় স্থান লাভ কৰে নিপজ্যোতি নাথে আৰু তৃতীয় স্থান লাভ কৰে সঞ্জীৱ চৰকাৰে। লুডু প্ৰতিযোগিতাৰ মহিলা শাখাত প্ৰথম স্থান লাভ কৰে চাউদা চালেমিনে আৰু দ্বিতীয় স্থান লাভ কৰে অঞ্জলি পানিকাই।

কেৰম প্ৰতিযোগিতাৰ একক শাখাত প্ৰথম স্থান লাভ কৰে জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ্মী ধীৰাজ ডেকাই, দ্বিতীয় স্থান লাভ কৰে যোগীজন ব্লকৰ চিকিৎসা কৰ্মী ৰিণ্টু কুমাৰ ৰয়ে আৰু তৃতীয় স্থান লাভ কৰে যোগীজন ব্লকৰ চিকিৎসকৰ্মী লবজিৎ ফুকনে।

প্ৰতিযোগিতাৰ অন্তত স্থান প্ৰাপ্ত প্ৰতিগৰাকী প্ৰতিযোগীকে জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বাসুদেৱ মালাকৰ আৰু উপ: অধীক্ষক ডাঃ সুব্ৰত বনিকৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতিদিনে ৰোগীৰ ব্যস্ত থকা চিকিৎসা কৰ্মী সকলে এই খেলৰ যোগেদি কিছু অবকাশ লাভ কৰাৰ বাবে আনন্দিত হয়।

ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰীতি প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰি প্ৰতিযোগিতা খন সফল্যমণ্ডিত কৰি তোলা বাবে জিলা খনৰ প্ৰতিগৰাকী চিকিৎসা কৰ্মীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে উদ্যোক্তা সমিতিৰ সম্পাদক যুগল নাথে।

পৰৱৰ্তী সময়তো যিকোনো অনুষ্ঠানতে চিকিৎসা কৰ্মী সকলক এনেদৰে সঁহাৰি লাভ প্ৰদান বাবে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!