অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

হাজাৰ হাজাৰ চুতীয়ালোকে জোঁৰ সমদলেৰে কপাঁলে ঢকুৱাখনা চহৰ

Spread the love

চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মামৰকপত্ৰ চাইছাৰ কেন্দ্ৰীয় সমিতিৰ

ঢকুৱাখনা, ৯ ছেপ্টেম্বৰঃ আজি সন্ধিয়া হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰে ঢকুৱাখনা চহৰৰ ৰাজপথ।

অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক ভৈয়াম জনজাতিৰূপে স্বীকৃতি দিয়া, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ব শাসন প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা কৰি আজি দহসহস্ৰাধিক লোকে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰাই চুতীয়া যুৱ সন্মিলন অসম(চাইছা)ৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকিয়নি প্ৰদান কৰি কয় যে-“আমাক এ,চি,ৰূমৰ আলোচনা নালাগে।আমাক জনজাতিকৰণ লাগে।ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ব শাসন লাগে।

দিল্লী আৰু দিচপুৰৰ নেতাসকলে যেতিয়ালৈকে আমাৰ দাবী মানি নলয়;তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব।আজি চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ বসতিস্থলৰ পৰাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা কৰিছোঁ।”


ইফালে চুতীয়া যুৱ সন্মিলন, অসম(চাইছা)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ হাজৰিকাই প্ৰতিবাদী জোঁৰ সমদলৰ শুভাৰম্ভ কৰি কয় যে-” চুতীয়াসকলে আজিৰ তাৰিখত ৰাজনীতিৰ খেলত বহুহাজাৰ ভোট দি কাৰোবাক জিকাব নোৱাৰিব পাৰোঁ; কিন্তু পোন্ধৰ/বিশ হাজাৰ ভোট কাঢ়ি জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহা নেতা-মন্ত্ৰীসকলক হৰুৱাব পাৰিম।”


যোৱা কেইবাদশকো ধৰি অসমৰ আদিম ভূমিপুত্র চুতীয়াসকলে জনগোষ্ঠীটোৰ ন্যায্য প্রাপ্য অধিকাৰৰ বাবে কেন্দ্ৰ, তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলন কৰি অহাৰ উপৰিও ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হৈ জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ আহ্বান জনাই আহিছে যদিও ৰজাঘৰে বিশেষ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে চুতীয়া জনগোষ্ঠীৰ লোকসকল।

সেয়ে আজি চুতীয়া যুৱ সন্মিলন, অসম’ৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন আৰু জনজাতিকৰণৰ দাবীত ঢকুৱাখনা সম জিলাখনৰ বিভিন্ন প্ৰান্তৰ চুতীয়া লোকসকল একত্ৰিত হৈ জোঁৰ সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।


উল্লেখ্য যে-চুতীয়া সকলৰ প্রধান দাবী জনজাতিকৰণ, উপগ্রহীয় স্বায়ত্ব শাসন, APSC আৰু বিভিন্ন বিশ্ববিদ্যালয়ত আসন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি আজিলৈকে পূৰণ নোহোৱাত আজি সন্ধিয়া ঢকুৱাখনা চহৰৰ মাজমজিয়াত- “জনজাতিকৰণ আমাৰ ন্যাৰ্য্য দাবী, চুতীয়াসকলক উপগ্ৰহীয় স্বায়ত্ব শাসন প্ৰদান কৰক, ন’ এছটি ন’ ৰেচ,চুতীয়া যুৱ সন্মিলন,অসম(CYSA) জিন্দাবাদ,অসম বিধান সভাত চুতীয়া জনগোষ্ঠীৰ লোকৰ আসন বৃদ্ধি কৰক,চুতীয়া আমি জনজাতি-জনজাতিকৰণ আমাৰ ন্যাৰ্য্য দাবী।…ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

ঢকুৱাখনা সাধনী ভৱনৰ সন্মুখৰ পৰা উলিওৱা এই জোঁৰ সমদল কাৰ্যসূচীক শ শ আৰক্ষী, চি,আৰ,পি,এফে তীব্র বাধা দিয়ে যদিও, চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এই বাধাকো কেৰেপ নকৰি ৩ কি:মি পথ অতিক্ৰম কৰি নিজৰ দাবী সাব্যস্ত কৰে।অসমৰ অন্যতম ভূমিপুত্র চুতীয়া সকল ঐতিহাসিক ভাৱে প্রাচীনতম জনগোষ্ঠী।

উত্তৰ-পূর্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যময় ভাষা,ধর্মীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদিৰে বৃহৎ বড়ো কছাৰীমুলীয় ঠালৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আদিম ভূমিপুত্র জনগোষ্ঠী হিচাপে স্বীকৃতিপ্রাপ্ত।

১৮৫২ চনৰ পৰা ১৯৬১ চনলৈকে ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়াসকলক জনজাতি বুলি চৰকাৰীভাৱে চিহ্নিত কৰা হৈছিল।

ভাৰতৰ বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ ডিস্ট্রিক্ট গেজেটৰ নথিত স্বাধীনতাৰ আগৰ আৰু পিছতো চুতীয়া সকলক জনজাতি হিচাপে চিহ্নিত কৰা আছে।

তদুপৰি গণশিল্পী বিষ্ণু প্রসাদ ৰাভাই ৰচনা কৰা “বড়ো জাতীয় সঙ্গীত’ত উল্লেখ আছে- ‘কছাৰী, ডিমাচা,মৰাণ,বড়ো ছুটিয়া, জলধা,ত্রিপুৰা,গাৰো,লালুং, হাজং, মেছ, মহলিয়া, ৰাভা, মদাই একেই ভাই।’

কিন্তু গুৰুত্বপূর্ণ কথা যে উপৰোক্ত সকলোবোৰ জনগোষ্ঠীয়েই জনজাতিৰ মৰ্যদা পালে যদিও জনজাতিকৰণৰ সম্পূর্ণ অর্হতা থকাৰ পিছতো ছুটিয়া (চুতীয়া) আৰু মৰাণক আজিলৈকে ৰাজ্য চৰকাৰে জনজাতিৰ ময্যাদা প্রদান কৰা নাই।

মিচিং বানে কেবাং,সদৌ অসম দেউৰী সম্মিলন,আৰু সদৌ অসম ট্রাইবেল সংঘইও চুতীয়া জনগোষ্ঠীক ভৈয়াম অনুসূচিত জনজাতিৰ স্বীকৃতি প্রদানত সম্মতি প্রদান কৰিছে।

অন্যহাতে ১৯৯৭ চনৰ কেন্দ্রীয় সংসদৰ বাছনি সমিতিখনে চুতীয়া জনগোষ্ঠীক অনুসূচিত (ভৈয়াম)জনজাতিত তালিকা ভুক্ত কৰাত অনুমোদন জনাইছিল।

চুতীয়া সকলৰ কিছু শাখা যেনে-দেউৰী চুতীয়া
(দেউৰী), মিৰি চুতীয়া (মিচিং) সকলক অসমৰ ভৈয়াম অনুসূচিত জাতিৰ তালিকাত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে। ১৯৩৫ চনত চাইমন কমিচনৰ প্ৰতিবেদনত চুতীয়া সকলক অনুসূচিত জাতি অন্তর্ভুক্ত কৰিব পৰা যায় বুলি উল্লেখ কৰিছিল।

তদুপৰি ১৯৮০ চনত তদানীন্তন প্রধান মন্ত্রী প্রয়াত ইন্দিৰা গান্ধীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক পত্ৰখনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্রতিবেদন বিচাৰিছিল।

সেইমর্মে অসম চৰকাৰে জনজাতি গৱেষণা প্রতিষ্ঠানৰ সঞ্চালকক প্রতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰৰ যোগেদি কেন্দ্রীয় চৰকাৰলৈ প্রতিবেদন প্রেৰণৰ নির্দেশনা দিছিল।

কিন্তু সেই প্রতিবেদনখনৰ কথাবোৰ জনজাতিকৰণৰ সপক্ষত থকাৰ পিছতো ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰিলে।

সেইয়ে আজি চুতীয়া যুৱ সন্মিলন,অসমৰ কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক নেতাৰ উপস্থিতিত ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত জিলাখনৰ কেইবাসহস্ৰাধিক চুতীয়ালোকে ঢকুৱাখনা চহৰৰ মাজেৰে জোঁৰ সমদল কৰি হুংকাৰ দিয়ে চৰকাৰক।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ‘চাইছা’ৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মোহন শইকীয়া, উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়া, সভাপতি কৌস্তভ কিশোৰ চুতীয়া,কাৰ্যকৰী সভাপতি কুশল ভৰালী, সাধাৰণ সম্পাদক পলাশ হাজৰিকা, কোষাধ্যক্ষ-মুকুট শইকীয়া, চাইছা’ৰ ঢকুৱাখনা জিলা সমিতিৰ-সভাপতি পুলিন(দিগন্ত) চুতীয়া,সাধাৰণ সম্পাদক-অজিৎ বৰুৱাকে ধৰি কেইবাখনো জিলা,আৰু আঞ্চলিক সমিতিৰ বিভিন্ন বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

প্ৰতিবাদৰ শেষত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ঢকুৱাখনা সম জিলা প্ৰশাসনৰ জড়িয়তে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!