অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামকৰণ

Spread the love

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত ৰাজ্যিক ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাক বিচাৰি উলিয়াই প্ৰশিক্ষণ প্ৰদানৰ আহ্বান মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ভোগেশ্বৰ বৰুৱাই দেখুৱাই যোৱা পথেৰে আগুৱাই অসমৰ নতুন প্ৰজন্মই ক্ৰীড়াৰ ক্ষেত্ৰখনত সবল খোজ পেলাইছেঃ মুখ্যমন্ত্ৰী ড° শৰ্মা

জীৱন্ত ব্যক্তিৰ নামত এটা অনুষ্ঠান উৎসৰ্গা কৰা ঘটনা অসমৰ ইতিহাসত প্ৰথমঃ মুখ্যমন্ত্ৰী

সুব্ৰত কাপ বিজয়ী বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলৰ প্ৰতিগৰাকী সদস্যাক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ দিব চৰকাৰে  

DD TIMES গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ প্ৰসিদ্ধ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি আয়োজিত ৰাজ্যিক ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই ৰাজ্যিক ক্ৰীড়া দিৱসৰ অনুষ্ঠানতে আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পক ‘অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প’ নামেৰে নামকৰণ কৰা হয়।

আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলৰ পদক বিজয়ীসকলক নিযুক্তি-পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাও প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা কৰাৰ উপৰি  ক্ৰীড়া পেঞ্চন আৰু খেল’ হ×ণ্ডিয়া ২০২৫ বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। তেওঁ এন চি চি কেডেটসকলক বীৰ চিলাৰায় বঁটা প্ৰদান কৰাৰ লগতে  ৰাজ্যিক এন এছ এছ বঁটা বিতৰণ কৰে৷

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠানত আই এ এছ অ’ ডাব্লিউ এ (প্ৰেৰণা)ই আগবঢ়োৱা  ৰিকাৰ্ভ ধনু-কাঁড় অসম ক্ৰীড়া প্ৰাধিকৰণক প্ৰদান কৰা হয়। তদুপৰি, মুখ্যমন্ত্ৰীয়ে ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জনায় আৰু খেল মহাৰণ বিষয়ক এখন গ্ৰন্থ উন্মোচন কৰে। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আজি এক ঐতিহাসিক দিন। তেওঁ কয় যে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপনৰ লগতে সৰুসজাই ক্ৰীড়া প্ৰকল্পক আজি কিম্বদন্তী ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ‘অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প’ হিচাপে নামকৰণ কৰা হৈছে।

অসম মাতৃৰ সুযোগ্য সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বহ× নাছিল তেনে সময়তে ১৯৬৬ চনত এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাদেৱে স্বৰ্ণ জয় কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰত সোণালী অধ্যায়ৰ সূচনা কৰিছিল। এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে দেখুৱাই যোৱা পথেৰে আগুৱাই আজি অসমৰ নতুন প্ৰজন্মই ক্ৰীড়াৰ ক্ষেত্ৰখনত সবল খোজ পেলাইছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, ‘অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস। এইগৰাকী মহান ক্ৰীড়াবিদৰ অনন্য কৃতী আৰু ৰাজ্যৰ ক্ৰীড়াজগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামকৰণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ।’

অসমত বহু প্ৰবাদপ্ৰতীম পুৰুষৰ জন্ম হৈছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱলৈ আমি  মৰণোত্তৰভাৱে সন্মান প্ৰদৰ্শন কৰিছোঁ। অসম চৰকাৰৰ ২০২৫ চনৰ ২৮ মে’ত অনুষ্ঠিত কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলো যে অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি জীৱিত কালতে সন্মান জনাম। ৰাজ্যৰ ক্ৰীড়া বুৰঞ্জী আৰু ৰাজ্যৰ হ×তিহাসত প্ৰথমবাৰৰ বাবে এজন জীৱন্ত ব্যক্তিৰ নামত এটা অনুষ্ঠান উৎসৰ্গা কৰিছোঁ। এয়া অসমৰ ৰাইজৰ অৰ্জুন ভেগেশ্বৰ বৰুৱালৈ এক সশ্ৰদ্ধ আৰু কৃতজ্ঞতাৰ উপহাৰ।’

তেওঁ কয় যে এই পদক্ষেপে নিঃসন্দেহে ৰাজ্যৰ নৱ-প্ৰজন্মৰ ক্ৰীড়াবিদ সকলক ক্ৰীড়াৰ জগতখনত তেখেতৰ পদাংক অনুসৰণ কৰিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব। সমগ্ৰ অসমে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰা বুলি তেওঁ মন্তব্য কৰে।

উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় গেমছত অসমৰ খেলুৱৈসকলে ৭৪টটা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি ইতিমধ্যে চৰকাৰী কৰ্মক্ষেত্ৰত নিয়োজিত নোহোৱা ২৩ গৰাকী পদক বিজয়ীক আজি ৰাজ্য চৰকাৰৰ তৃতীয় শ্ৰেণীৰ পদত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। বাকী ৫১ গৰাকী সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ক্ৰমে ৫০ হাজাৰ, ৪০ হাজাৰ আৰু ৩০ হাজাৰ টকাকৈ নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হৈছে।

তেওঁ কয় যে ৰাজ্যিক ক্ৰীড়া বঁটাও আজিৰ দিনটোতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ অনবদ্য বৰঙণি যোগোৱা  ব্যক্তিসকললৈ আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে নিয়মীয়া ক্ৰীড়া পেন্সনো আজিৰ সভাতে দুগৰাকী ক্ৰীড়াবিদলৈ আগবঢ়োৱা হৈছে। ইতিমধ্যে ৰাজ্যত ৩৪৮ গৰাকী ক্ৰীড়াবিদে ক্ৰীড়া পেঞ্চন লাভ কৰি আছে।

বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছ, ২০২৫-ত অসমে ৩১টা পদক লাভ কৰি পুনৰবাৰ জিলিকি উঠাৰ প্ৰসংগ উল্লেখ কৰি ড° শৰ্মাই কয় যে এই প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক ক্ৰমে ২৫ হাজাৰ, ১৫ হাজাৰ আৰু ১০ হাজাৰ টকাকৈ নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হৈছে। ৫৫ কেজি শাখাত ভাৰোত্তোলনত মুঠ ১৮৩ কেজি উত্তোলনেৰে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা আইছেংফা গগৈকো বিশেষভাৱে স্বীকৃতি প্ৰদান কৰা হৈছে।

ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত অনুশাসন আৰু নেতৃত্বৰ কৌশল বিকশিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ৰাজ্যৰ এন চি চি কেডেটসকলৰ বাবে আগবঢ়োৱা অন্যতম সৰ্বোচ্চ স্বীকৃতি বীৰ চিলাৰায় বঁটাও আজি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চাৰিগৰাকী উৎকৃষ্ট কেডেটক আজি পুৰস্কৃত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ)ৰ অধীনত ব্যতিক্ৰমী সেৱাক স্বীকৃতি দিবলৈ দুখন বিশ্ববিদ্যালয়, ৯ গৰাকী কাৰ্যসূচী বিষয়া আৰু ১৭ গৰাকী স্বেচ্ছাসেৱকক ৰাজ্যিক এন-এছ-এছ বঁটাৰ প্ৰদান কৰা হৈছে।

যোৱা ২৮ আগষ্ট তাৰিখে গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলটোৱে অসমৰ বাবে এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় বায়ুসেনাৰ উদ্যোগত আয়োজিত সন্মানীয় সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক (১৭ বছৰ অনুৰ্ধ) সংস্কৰণৰ ফাহ×নেলত পশ্চিমবংগৰ নন্দঝাৰ আদিবাসী পাশিলী হাইস্কুলক ৩-১ গ’লত পৰাস্ত কৰি  এই দলটোৱে ইতিহাস ৰচনা কৰিলে।

আজিৰ সভাতে খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়। মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ তৰফৰ পৰা দলটোৰ প্ৰতিগৰাকী খেলুৱৈক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক উজ্জীৱিত কৰিবলৈ অসম চৰকাৰে ‘খেল মহাৰণ’ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ প্ৰথম সংস্কৰণত ৭৬ লাখ পঞ্জীয়ন আৰু দ্বিতীয় সংস্কৰণত প্ৰায় ৪০ লাখ অংশগ্ৰহণকাৰীৰ সৈতে এই কাৰ্যসূচী তৃণমূল পৰ্যায়লৈ নিবলৈ চৰকাৰ সক্ষম হৈছে।

নতুন খেলুৱৈ বিচাৰি উলিওৱা আৰু নতুন খেলুৱৈ সৃষ্টি কৰাৰ বাবে ভোগেশ্বৰ বৰুৱাই দিয়া পৰামৰ্শৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ক্ৰীড়া বিভাগ, ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰশিক্ষকসকলে অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা ক্ৰীড়াৰ প্ৰতিভাক বিচাৰি উলিয়াই প্ৰশিক্ষণ প্ৰদান আৰু অনুপ্ৰেৰণা যোগাই জগত সভালৈ নিয়াৰ বাবে আজিৰ দিনটোতে পুনৰবাৰ সংকল্প গ্ৰহণ কৰা উচিত।

অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপ, এ আই পি এফৰ সভাপতি কল্যাণ চৌবে, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!