অসমঅসমীয়াক্ৰীড়ামুখ্যপৃষ্ঠা

সুব্ৰত কাপ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবলত অসমৰ অভিযান

Spread the love

আৰ্মিৰ বিৰুদ্ধে অসমৰ ড্ৰ

DD TIMES গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা চলিত বৰ্ষৰ ৬৪ সংখ্যক আন্তৰ্জাতিক স্কুল ফুটবল সুব্ৰত কাপৰ অন্তিমখন প্ৰতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে৷

ইতিমধ্যে ১৭ বছৰ অনূধ্বৰ্ ছোৱালী আৰু ১৫ বছৰ অনূধ্বৰ্ ল’ৰাৰ প্ৰতিযোগিতা সফলতাৰে সামৰণি পৰাৰ পাছত মঙলবাৰৰ পৰা দেশৰ ৰাজধানীত ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাখন আৰম্ভ হৈছে৷

ঐতিহাসিক এই প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলে মঙলবাৰে গ্ৰুপৰ প্ৰথম মেচখনত আৰ্মি বয়জ স্কুলৰ বিৰুদ্ধে ২-২ গলত ড্ৰ খেলি পইণ্ট ভগাই লয়৷

পিণ্টো পাৰ্ক ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত অসম দলৰ হৈ খেলৰ ২৭ মিনিটত পাৰ্থ ডেকা বৰুৱাই প্ৰথমটো গল কৰাৰ বিপৰীতে ৬৬ মিনিটত আকাশ লোহাৰে দ্বিতীয়টো গল কৰি অসমক এক পইণ্ট দিয়াত সহায় কৰে৷

উল্লেখ্য, প্ৰতিযোগিতাত যোগ্যতা ভিত্তিত অংশ লোৱা দলসমুহক আঠটা গ্ৰুপত ভাগ কৰা হৈছে আৰু গ্ৰুপৰ শীৰ্ষ দলটো কোৱাৰ্টাৰ ফাইনেললৈ উত্তৰণ কৰিব৷

অসমে বুধবাৰে আন্দামান নিকোবৰৰ মুখামুখি হোৱাৰ বিপৰীতে গ্ৰুপৰ আন দুটা দল নবোদয় বিদ্যালয়ৰ বিৰুদ্ধে ১৮ ছেপ্টেম্বৰত আৰু তেলেংগনাৰ বিৰুদ্ধে ১৯ ছেপ্টেম্বৰত খেলিব৷

উল্লেখ্য, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত দেউকন সোঁৱৰণী ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰফী লাভ কৰি নুমলিগড় হাইস্কুলে প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছিল৷

এইবাৰৰ সুব্ৰত কাপত ইতিহাস গঢ়ি গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে অসমৰ প্ৰথমটো দলৰূপে ১৭ বছৰ অনূধ্বৰ্ খিতাপ জয় কৰিছে৷

কিন্তু ১৫ বছৰ অনূধ্বৰ্ ল’ৰাৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলৰ দলটো বয়স বৃদ্ধিৰ বাবে নেখেলাকৈয়ে বাহিৰ হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!