সাতগাঁও শতদল শাখা সাহিত্য সভাৰ শিক্ষকক সম্বৰ্ধনা
DD TIMES গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ সাতগাঁও শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লাচিত পুথিভঁৰাল তথা স্বেচ্ছাসেৱী সংগঠন মহাবাহুৰ সহযোগত সোমবাৰে গুৱাহাটীৰ সাতগাঁও লাচিত পুথিভঁৰাল প্ৰেক্ষাগৃহত ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন আৰু সাতগাঁও শতদল শাখা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ আজীৱন সদস্যভুক্ত শিক্ষক সকলক সম্বৰ্ধনা শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পীজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰাৰ লগতে অঞ্চলটোৰ পুৰুষ মহিলা নিৰ্বিশেষে একেস্বৰে ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাৱে’ শীৰ্ষক গানটো পৰিবেশন কৰা হয়।
ভূপেন্দ্ৰ সংগীত প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰি অহা স্বেচ্ছাসেৱী সংস্থা ‘মহাবাহু’ৰ সভাপতি ইন্দ্ৰপ্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাতগাঁও শতদল শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকা, সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাস আৰু লেখক, স্থপতিবিদ টিকেন্দ্ৰজিত শইকীয়া।

সভাত টিকেন্দ্ৰজিত শইকীয়াই সুধাকন্থ ড: ভূপেন হাজৰিকাৰ কলকতাবাসী ৰাইজৰ অকৃতিম মৰম, শ্ৰদ্ধা আৰু তেওঁলোকৰ হিয়াৰ কোহে কোহে সুমুৱাই লব পৰা ভক্তি আৰু সন্মান শীৰ্ষক বিষয়সমূহৰ চাক্ষুক অভিজ্ঞতা বৰ্ণনা কৰে।
প্ৰসঙ্গত তেওঁ কয় যে তেখেতৰ মৃত্যুৰ সময়ত বা পৰবৰ্তী পৰ্যায়ত আজি অসমবাসীয়ে তেখেতক বহু সন্মান দিছে যদিও জীয়াই থাকোঁতে জীৱনৰ বিভিন্ন সময়ছোৱাত শিল্পীজনে যথোচিত সন্মান লাভ কৰা নাছিল। ইয়াৰ পৰিবৰ্তে পশ্চিমবংগ, মহাৰাষ্ট্ৰ বা দেশ বিদেশৰ অন্য প্ৰান্তত তুলনামুলকভাৱে শিল্পীজনে বহু বেছি সন্মান লাভ কৰিছিল।
সভাৰ আন এক ব্যতিক্ৰম কাৰ্য্যসূচী হিচাপে সাতগাঁও অঞ্চলৰ লাচিত পুথিভঁৰালৰ অন্তৰ্গত শিক্ষক সমাজৰ লগতে অসম সাহিত্য সভাৰ আজীৱন সদস্য সকলক একোখন ফুলাম গামোচা, স্মাৰক পত্ৰ আৰু উপহাৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত সাতগাঁও অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি সাতগাঁও শতদল শাখা সাহিত্য সভাৰ লগতে ‘ মহাবাহু’ ৰ সম্পাদক, লেখক, সাংবাদিক উৎপল শইকীয়াই কয় যে ” শিক্ষকসকল সমাজৰ আন সকল ব্যক্তিতকৈ পৃথক নহয় যদিও তেখেতসকলৰ কাম কাজ, চিন্তা ধাৰাৰ ওপৰত সমাজৰ দৃষ্টি নিৱদ্ধ থাকে। অঞ্চলটোৰ ভাষা, সাহিত্যৰ উন্নতিৰ লগতে সমাজখনৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো তেখেত সকলে গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
সেয়েহে আজি সাতগাঁও শাখা সাহিত্য সভাই অঞ্চলটোৰ এই শিক্ষক সমাজক সম্বৰ্ধনা জনাবলৈ পাই যথেষ্ট আনন্দিত আৰু গৌৰৱান্বিত’। প্ৰসঙ্গত অঞ্চলটোৰ অতি পুৰণি আৰু সামাজিক অনুষ্ঠান লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাসে বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰম্ভণিতে এজন শিক্ষকেই আছিল আৰু সেয়েহে আজিৰ দিনটোত শিক্ষকক সম্বৰ্ধনা প্ৰদানৰ জৰিয়তে আমাৰ হিয়াৰ আমথো ভূপেন হাজৰিকাক বিশেষ শ্ৰদ্ধা জনোৱা হ’ল বুলি মন্তব্য প্ৰদান কৰে।
ইন্দ্ৰপ্ৰসাদ শৰ্মাই ভাষণ প্ৰসঙ্গত বছৰটোত ভূপেন্দ্ৰ সংগীত আৰু তেখেতৰ জীৱন কীৰ্তি সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বছৰজোৰা উদ্যোগ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে।
অন্যহাতে শাখাৰ সভাপতি ফুলেশ্বৰ ডেকাই শিক্ষক সমাজক অঞ্চলটোৰ সৰ্বতু প্রকাৰৰ উন্নতি আৰু বিকাশৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। কালিৰ অনুষ্ঠানত সম্বৰ্ধনা প্ৰদান কৰা শিক্ষক সকল আছিল ক্ৰমে হেমপ্ৰভা বৰদলৈ, হৰেশ্বৰ গোস্বামী, মিনামনি দেৱী, ৰাম চন্দ্ৰ কলিতা, নলিনী তালুকদাৰ, প্ৰদীপ শৰ্মা, দীপক দত্ত, ধৰ্ম কলিতা, দিগন্ত লহকৰ, ৰত্নেশ্বৰ পাঠক , স্বৰ্ণলতা ডেকা, নবজিত শৰ্মা আৰু বিনোদ তালুকদাৰ।
গণশিল্পী ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনা অনুষ্ঠিত এই সভাত সম্বৰ্ধনা লাভ কৰি শিক্ষক সমাজ আহ্লাদিত হোৱাৰ লগতে সাতগাঁও শাখা সাহিত্য সভাই যৌথ সহযোগত গ্ৰহণ কৰা উদ্যোগক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদান কৰে।

