সমাজকৰ্মী প্ৰাণেশ্বৰ শৰ্মাক ‘ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা’ প্ৰদান
DD TIMES উত্তৰ গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ “আৰোহণ আৰ্টিষ্ট গীল্ড” অসমৰ আগশাৰীৰ শিক্ষা, সাহিত্য, সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এক আগশাৰীৰ অনুষ্ঠান।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৮ ছেপ্টেম্বৰত অসমৰ সামাজিক ক্ষেত্ৰকে আদি কৰি বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।
গুৱাহাটী উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা গাম্ভিয্যপুৰ্ণ অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী প্ৰাণেশ্বৰ শৰ্মাক আৰোহণ আৰ্টিষ্ট গীল্ডৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানতেই জি এইচ আৰ পি এফ ইঞ্চটিটুউটৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
বঁটা লাভ কৰি শৰ্মাই আৰোহণ আৰ্টিষ্ট গীল্ডৰ লগতে জি এইচ আৰ পি এফ ইঞ্চটিটুউটৰ এনেধৰণৰ প্ৰশংসনীয় কৰ্মসূচীৰ ভুয়সী প্ৰশংসা কৰাৰ লগতে তেওঁ লোকে প্ৰদান কৰা এনেধৰণৰ সন্মানে নিশ্চিত ভাৱে এজন ব্যক্তিক সমাজখনৰ বাবে আৰু অধিক দায়বদ্ধ হবলৈ প্ৰেৰণা যোগাব।