সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ উদ্যোগত যোৰহাটত সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ
DD TIMES গুৱাহাটী, ১১ ছেপ্তেম্বৰঃ সত্ৰীয়া সংস্কৃতিৰ যৌথ মঞ্চ
সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ অসমৰ উদ্যোগত যোৰহাটৰ, ৰজাবাৰীস্থিত অসম সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত ৬ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ কৰা সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ ২০২৪-২০২৫ৰ সফল সামৰণ পৰে৷

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তই মহাসমাৰোহৰ ধ্বজা উত্তোলন কৰাৰ পাছত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ আৰম্ভণি হয়।

৭ ছেপ্টেম্বৰৰ দিনা পুৱা প্ৰয়াত প্ৰথিত যশা শিল্পী সকলক স্মৰণ কৰাৰ পাছত বৰগীত প্ৰতিযোগিতাৰ আৰম্ভণি হয়।
প্ৰথম দিনা সন্ধিয়া ৰসেশ্বৰ শইকীয়া সোৱঁৰণী মঞ্চ উদ্বোধন কৰে পুৰণা কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মাই।

সাংস্কৃতিক সন্ধিয়া মিনু স্বৰ্ণকাৰৰ দলৰ বৰগীতেৰে আৰম্ভ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত বৰহোলাৰ গায়ন-বায়ন, গোলাঘাটৰ সত্ৰীয়া নৃত্য, যোৰহাট জিলা মইনা পাৰিজাতৰ ভোৰতাল নৃত্য আৰু মাজুলীৰ হৰিচৰণ ভূঞাৰ দলৰ সত্ৰীয়া নৃত্য পৰিবেশন কৰা হয়।
৮ ছেপ্টেম্বৰত পুৱা খোলবাদন আৰু গায়ন-বায়ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।সেইদিনা সন্ধিয়া মণিৰাম গায়ন মুক্তিয়াৰ সোৱঁৰণী মঞ্চ উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই। সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়া নৰেন বৰগায়নৰ বৰগীতেৰে আৰম্ভ কৰা হয়।

নাৰায়ণপুৰৰ প্ৰভাত কাকতিৰ দলৰ গায়ন-বায়ন, দুলীয়াজান, দেৰগাঁও আৰু মুদৈজান কমলাবাৰী সত্ৰৰ সত্ৰীয়া নৃত্য পৰিবেশন কৰা হয়।
৯ ছেপ্টেম্বৰৰ দিনা পুৱা ১১ বজাত সত্ৰীয়া নৃত্য বিষয়ক আলোচনা চক্ৰ, আবেলি ৩ বজাত মুকলি অধিৱেশন আৰু সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ গুৱাহাটীৰ মূল কাৰ্যালয়ৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷