সত্যৰ শপত ’২৬ৰ নিৰ্বাচনত কমলপুৰত জিকিবই
বৃহৎ ৰেলীৰে আদৰণী ৰাজীৱ ভৱনলৈ জিলা কংগ্ৰেছৰঃ বহুসংখ্যক অগপ কৰ্মীৰ যোগদান
DD TIMES বাইহাটা চাৰিআলি, ১৬ ছেপ্টেম্বৰঃ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি চৌদিশে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও দীৰ্ঘম্যাদী আঁচনিৰ শুভাৰম্ভ কৰে।

উক্ত পৰিৱেশৰ স্মৃতি মানসপটৰ পৰা মাৰ নৌযাওঁতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ কংগ্ৰেছত ইতিমধ্যে যোগদান কৰাৰ পিছতে সোমবাৰে চাংসাৰীৰ পৰা এক বৃহৎ বাইক ৰেলীৰে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলে বাইহাটা স্থিত ৰাজীৱ ভৱনলৈ আদৰি আনে। সৃষ্টি হয় অন্য এক উখল মাখল পৰিবেশৰ।
এই কাৰ্যসূচীৰ পিছতে গঠনমূলক দৃষ্টিভংগীৰে ৰাজীৱ ভৱনত এখন সভা অনুষ্ঠিত হয়। জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সত্যব্ৰত কলিতাই কয় যে মুখ্যমন্ত্ৰীজনৰ চক্ৰবেহুত প্ৰবেশ কৰি ঐতিহ্যমণ্ডিত আঞ্চলিক দলটোৱে তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে।
আঞ্চলিক দলটোৰ বৰ্তমানৰ সভাপতি জনৰো মন মগজু বিক্ৰী হোৱা বুলি তীব্ৰ বাক্যবান নিক্ষেপ কৰে সদ্য দলত্যাগী নেতাজনে।
উল্লেখ্য, দিনচেৰেক পূৰ্বেও এখন সভাত ন কংগ্ৰেছী জনে গৰু চোৰৰ পক্ষ লোৱা মুখ্যমন্ত্ৰীজনৰ পক্ষত নাথাকো বুলি কৈছিল। একেখন সভাতে ‘ভোট চোৰ গাদী এৰক’ শীৰ্ষক শ্ল’গানেৰে এক গণ স্বাক্ষৰ অভিযানো মুকলি কৰে।
জিলা সভাপতি জনে এই অভিযানত প্ৰতিজন শিক্ষাবিদ, সমাজ সচেতন ব্যক্তিক স্বাক্ষৰ দিবলৈ মুকলি আহ্বান জনায়। সভাত বহুসংখ্যক অগপ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।
কমলপুৰ, বিহদিয়া, বেজেৰা ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে লাৱণ্য বৈশ্য, সতীশ শৰ্মা,ৰমজান আলী, NSUIৰ সভাপতি চাকিল আহমেদ,এপিচিচি কাৰ্যনিৰ্বাহক সদস্য মকিব আলী, কমলপুৰ বিধান পৰিষদৰ সভাপতি নিজামুদ্দিন আহমেদকে প্ৰমুখ্য কৰি সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।