অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

POEM: সকলো কথাই পাহৰা যায়

Spread the love

সকলো কথাই পাহৰা যায়


DD TIMSEৰ আজিৰ কবি কুলদীপ মেধি

আমি পাহৰি যাওঁ
আমি পাহৰিবই লাগে
সময়ে আমাক পাহৰাই দিয়ে।
যি ফোন নাম্বাৰ মোবাইলৰ কন্টেক্ট লিষ্টত বৰ হেঁপাহেৰে ৰখা হৈছিল, মগজুৰ শিৰাই-উপশিৰাই প্ৰতিফলিত হৈছিল যাৰ প্ৰতিচ্ছবি,
নতুন মোবাইলটোত সেই নাম্বাৰৰ বাবে ঠাই নৰ’ই, সময়ৰ ব্যৱধানত ধূসৰ হৈ পৰে সেই স্মৃতি।

যি মানুহ আছিল প্ৰতিদিনে ভাললগা, মধুৰ কথা-বতৰা, কাজিয়া আৰু আড্ডাৰ সঙ্গী,
সময়ৰ তুলাচনীত সেই মানুহ, সেই আড্ডাৰ থলি, সকলো হৈ পৰে পাহৰণি।
কেতিয়াবা কোনোবা অৱসৰত সেই সময়, সেই মানুহলৈ পৰেও যদি মনত ৰিণিৰিণি,
তেতিয়াও বৰ্তমানৰ দৌৰাত্মতাত, অতি ব্যস্ততাত নিমিষতে শেষ হয় হৃদয়ৰ পোৰণি।


হয়তো সেই সকলো স্মৃতি, সকলো ভাললগা, ভালেথকা ক্ষণবোৰ সময়ৰ পৰিৱৰ্তনে আমাক পাহৰাই দিব।
আকৌ এই সময়খিনিকো আৰু নতুন সময়ে আহি মচি নিব।
এনেকৈয়ে পৃথিৱীয়ে এদিন আমাক পাহৰি যাব।

সকলো কথাই পাহৰা যায়, কিন্তু কি কি পাহৰিলোঁ, এদিন সেয়াও পাহৰি যোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!