অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZG AND PLANTATION: সংগীত মহাৰথী জুবিন গাৰ্গৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আৰু জন কল্যাণ বাৰ্তাৰ নাহৰ গছৰ পুলি ৰোপন, বিতৰণ

Spread the love

সংগীত মহাৰথী জুবিন গাৰ্গৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থা আৰু জন কল্যাণ বাৰ্তা অসমৰ নাহৰ গছৰ পুলি ৰোপন আৰু বিতৰণ


DD TIMES উত্তৰ গুৱাহাটী, ১৯ অক্টোবৰঃ ছেপ্টেম্বৰ মাহৰ আজিৰ দিনটোতে অসমবাসীলৈ আহিছিল কাল ধুমুহাৰ অতি কৰুণ খবৰ। বনজুইৰ দৰে বিয়পি পৰিছিল ভয়ংকৰ খবৰটো।

কোনেও কল্পনা কৰিব নোৱাৰা খবৰটো আহিল অসমীয়াৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গ আৰু নাই। সাগৰৰ তলিত শুব বিচৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ চিৰদিনৰ বাবে হেৰাই গৈছিল সাগৰৰ বুকুত।


যোৱা এমাহ ধৰি সমগ্ৰ অসমৰ প্ৰতি জন অসমীয়াই প্ৰাণৰ শিল্পী জুবিনৰ স্মৃতি বুকুত বান্ধি শোকস্তব্ধ হৈ আছে । জুবিনৰ স্মৃতিয়ে সকলোকে বাৰে বাৰে আমনি কৰিছে ।কোনেও সহজ ভাৱে ল’ব পৰা নাই প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ ঘটনাটো ।ৰহস্য জনক ভাৱে মৃত্যুক আঁকোৱালি লোৱা জুবিনৰ ন্যায় বিচাৰি সকলোৱে ৰাজপথলৈ ওলাই আহিছে।‌ শিল্পী জুবিন গাৰ্গৰ অমৰ সৃষ্টি “মায়াবিনী ৰাতিৰ বুকুত” প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে অসমৰ আকাশে বতাহে।


সুধাকণ্ঠ জুবিন গাৰ্গ বিহীন এমাহ হোৱা উপলক্ষে আজি ৰাজ্য জুৰি বিস্তৃত কাৰ্য্যসূচী হাতত লোৱা হৈছে। আজি ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে কামৰূপ জিলা সাংবাদিক সন্থাৰ আহ্বান মৰ্মে উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, জন কল্যাণ বাৰ্তা অসমৰ উদ্যোগত আৰু জ্ঞান বিকাশ পুথিভঁৰালৰ সহযোগত গণ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ গুৱাহাটী দিহিংসত্ৰ থানত আৰু অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত নাহৰ গছৰ পুলি ৰোপন কৰাৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰিয় অতি মূল্যবান গছ নাহৰৰ পুলি বহু কেইজনমান বিশিষ্ট ব্যক্তিক প্ৰদান কৰে।

লগতে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত অতি ক্ষীপ্ৰতাৰে কৰি শিল্পী গৰাকী, শিল্পী গৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ অসম বাসীক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

গছ পুলি ৰোপন কাৰ্য্যসূচীত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ, সম্পাদক ৰূপক ডেকা, সহকাৰী সম্পাদক উৎপল তামুলী, সদস্য মধু মাধৱ দাস, জন কল্যাণ বাৰ্তাৰ সম্পাদক কুমুদ নাথ,জ্ঞান বিকাশ পুথিভঁৰালৰ সভাপতি ধন কলিতা, সদস্য নৃপেন ডেকা অংশগ্ৰহণ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!