শ্বহীদ অঞ্জনা কাপত বদতি এফ চূড়ান্ত বিজয়ী
গোগামুখৰ মিংমাঙত শিক্ষক দিৱস পালন
গোগামুখ,৬ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ দৰে শুক্ৰবাৰে গোগামুখৰ মিংমাঙত মিংমাং আঞ্চলিক টি এম পি কেৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদ্যাপন কৰা হয় ৷

ধেমাজি জিলাৰ গোগামুখ মিংমাঙৰ কঠালগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত শিক্ষক দিৱসত চিত্ৰাংকন প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
বিয়লি ৩ বজাৰ পৰা মিচিং সমাজৰ প্ৰথম জাতীয় শ্বহীদ অঞ্জনা পেগুৰ সোঁৱৰণিত প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৷ খেলখনৰ কিক্ অফ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷
খেলখনত বদতি এফ চিয়ে ঘুনাসূঁতি এফ চিক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷
উল্লেখ্য, টি এম পি কেৰ মিংমাং আঞ্চলিক সমিতিয়ে এমাহজোৰা কাৰ্যসূচী লৈ শিক্ষক দিৱসৰ প্ৰস্তুতি চলাইছিল ৷ ইয়াতে কাবাদী, ভলীবল আদি প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছিল ৷
কালি অনুষ্ঠিত হোৱা মুকলি সভাত দেশপ্ৰেমমূলক নৃত্য-গীত প্ৰদৰ্শন কৰাৰ লগতে আৰু পেঞ্চাক চিলাটৰ কলা-কৌশল প্ৰদৰ্শন কৰা হয় ৷
সন্ধিয়া মুকলি আৰু বঁটা বিতৰণি সভাত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় উপসভাপতি টুনিৰাম পাংগিং, সম্পাদক ছান কুমাৰ পাংগিং, গোগামুখ জিলা পৰিষদৰ সদস্য জ্যোতিপ্ৰভা পেগু দলে, এম এ চিৰ জি এম ৰাজু পেগু আদিয়ে ৷
মুকলি সভা সামগ্ৰীকভাৱে আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় ক্ৰীড়া কোষৰ সম্পাদক তথা যুৱ নেতা সঞ্জীৱ মিলিয়ে ৷