অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টি ৰৌমাৰীত প্ৰদীপ নাৰ্জাৰীৰ প্ৰচাৰ

Spread the love

শান্তি লাগিলে ইউপিপিএলত ভোট দিয়ক আৰু অশান্তি লাগিলে বিজেপিক ভোট দিয়কঃ প্ৰদীপ নাৰ্জাৰী

DD TIMES গোৰেশ্বৰ, ১৬ ছেপ্টেম্বৰঃ তামুলপুৰ জিলাৰ ২৯নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত বিজেপি, বিপিএফৰ দলৰ সমান্তৰালকৈ ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠিছে।

সোমবাৰে সমষ্টিৰ ১নং, ২নং আৰু ৩নং ৰৌমাৰীৰ লগতে বকুলগুৰী, গোৱালপাৰা ধৰি ১০ ঠাইত ইউপিপিএলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

সভাত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী তথা যুৱ সমাজকৰ্মী প্ৰদীপ নাৰ্জাৰীয়ে কয় যোৱা ১৭ বছৰ বিপিএফ আৰু ৫ বছৰ বিজেপিয়ে শাসন কৰিলে। কিন্তু সমষ্টিত কি উন্নয়ন কৰিলে। সমষ্টিত ৰাস্তা, ঘাট, দলং নিৰ্মাণ কৰিব নোৱাৰিলে।

ৰাইজৰ সেৱক, ৰাইজৰ প্ৰতিনিধি ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মোবাইল চুইচ অফ কৰি লুকাই থাকে। বিপদে আপদে ৰাইজৰ পৰা পলাই থাকে, তেনে এজন ব্যক্তিক পুনৰ নিৰ্বাচন কৰা মানে নিজৰ বিপদ নিজে মাতি অনা। বি জে পি মিছলীয়া ৰাজনৈতিক দল বুলি আখ্যা দিয়ে ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীয়ে।

তদ্ৰুপ বি পি এফৰ ১৭ বছৰ কাৰ্যকালত হত্যা, হিংসা, অপহৰণ, ধন দাবী আৰু গোষ্ঠী সংঘৰ্ষ অশান্তিৰ সৃষ্টি হৈছিল। সন্ধিয়াৰ লগে লগে মানুহৰ ভয় আৰু শঙ্কাই নিশা উজাগৰে কটাবলগীয়া হৈছিল। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব লাগিলে পৰিয়ালৰ লোকে চিন্তা কৰিবলগীয়া হৈছিল।

এতিয়া সেই ভয় নাইকীয়া হৈছে। ২০২০ চনৰ প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল চৰকাৰে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এই শান্তি চিৰ যুগমীয়া কৰাৰ বাবে পুনৰ প্ৰমোদ বড়োৰ চৰকাৰ অনাৰ বাবে আহ্বান জনায়। সভাত প্ৰায় শতাধিক বি পি এফ আৰু বি জে পিৰ কৰ্মী ইউপিপিএলত যোগদান কৰে। সভাত মোমাই (কাৰ্তিক) বড়ো, আনন্দ বড়ো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!