শংকৰদেৱ শিশু নিকেতন, ফুলগুৰিত শিক্ষক দিৱস উদযাপন
প্ৰাচীৰ পত্ৰিকা ‘অৰ্ক’ উন্মোচন
DD TIMES
নগাঁও, ৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ ফুলগুৰি অঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ফুলগুৰি শংকৰদেৱ শিশু নিকেতনত শুকুৰবাৰে শিক্ষক দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি ঘটা অনুষ্ঠানত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সহঃসম্পাদক মোহন প্ৰসাদ শইকীয়াই।
দুৰ্গেশ্বৰ বৰকটকীয়ে সভাপতিত্ব কৰা শিক্ষক দিৱসৰ সভাতেই বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিকল্পনা আৰু সম্পাদনাৰে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা ‘অৰ্ক’ৰ উন্মোচন কৰে নিকেতনৰ প্ৰধান আচাৰ্য নৱজ্যোতি শৰ্মা বৰুৱাই৷
উন্মোচনী ভাষণত প্ৰধান আচাৰ্য গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাৰ শলাগ লোৱাৰ লগতে প্ৰাচীৰ পত্ৰিকাৰ তত্বাৱধায়ক আচাৰ্য অবিনাশ দাস আৰু আচাৰ্যা সুপ্ৰীতি শৰ্মাৰ শলাগ লয়।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন অনুষ্ঠানৰ লগতে দেৱশ্ৰী বৰাৰ সংস্কৃত ভাষণ, শিবানী ভৰালী, শিল্পা দেৱী, স্ৰোতস্বীনী বৰা, লক্ষ্মীপ্ৰিয়া বৰকটকী,জিতু বৰা, স্নেহা দাস, দিব্যানুষ বৰুৱাৰ ভাষণ, ভাস্বতী বৰকটকীৰ আবৃত্তি, মাধুৰ্য হীৰা, দ্বীপজ্যোতি পাটৰৰ বাঁহী বাদন, সপোন সৌৰভ ফুকন, বৰিষ্ঠা প্ৰীতম বৰা আৰু প্ৰতিক্ষা ডেকাৰ গীতেৰে অনুষ্ঠান মুখৰিত হৈ উঠে।
উল্লেখ্য, বহুকেইজন বিশিষ্ট অতিথিৰ অংশগ্ৰহণ তথা বিদ্যালয়ৰ আচাৰ্য-আচাৰ্যা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাৰ উপস্থিতিয়ে শিক্ষক দিৱসৰ কাৰ্যসূচী জীপাল হৈ উঠে৷