অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ পাৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন

Spread the love

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই এই জাহাজ যাত্ৰা আৰম্ভ হৈছিল সুধাকণ্ঠৰ জন্মস্থান শদিয়াৰ পৰা

ভূপেনদাৰ মোহনীয় ব্যক্তিত্ব, সুৰীয়া কণ্ঠত তিৰবিৰাই উঠিছিল দেশপ্ৰেমৰ অম্লান চেতনা, ভাৰতীয়ই বিশ্ব জয় কৰাৰ সপোন গাথাঃ ভিডিঅ’ বাৰ্তাত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

DD TIMES যোগীঘোপা, ১৮ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উলহ-মালহেৰে উদযাপন কৰা হৈছে।

যিহেতু ভাৰত ৰত্ন ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰ অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ-২ক কেন্দ্ৰ কৰি বহু অমৰ সৃষ্টিৰ মাজেৰে জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সমন্বয়ৰ বীজ ৰোপণ কৰি থৈ গৈছে, সেয়ে বৰলুইতৰ বুকুৰে ভূপেনদাৰ জন্মস্থান শদিয়াৰ পৰা এই ধুবুৰীৰ জলপথক সামৰি “বিস্তীৰ্ণ পাৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা” শীৰ্ষক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ পৰা ভূপেনদাৰ জন্মবাৰ্ষিকীৰ দিনা এই জাহাজ যাত্ৰা আৰম্ভ হৈছিল। ইতিমধ্যে তিনিচুকীয়াৰ গুইজান ঘাট, ডিব্ৰুগড়ৰ বগীবিল ঘাট, যোৰহাট, তেজপুৰৰ দেৱীসিং ঘাট, গুৱাহাটীৰ পাণ্ডু বন্দৰত এই জাহাজ যাত্ৰাক কেন্দ্ৰ কৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল।

ইয়াৰে ভিতৰত গুৱাহাটীৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত আছিল ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু পৰিয়ালবৰ্গ, ভাতৃ সমৰ হাজৰিকা আৰু পৰিয়ালবৰ্গ, ভাই-বোৱাৰী মনীষা হাজৰিকা প্ৰমুখ্যে বহু গণ্য-মান্য শিল্পী, সাহিত্যিক।

আজি যোগীঘোপাৰ আই ডব্লিউ টি জেটিত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে সৰ্বস্তৰৰ ৰাইজে।

অনুষ্ঠানটি কুশান গান, গোৱালিনী, গোৱালপৰীয়া লোকগীত, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশনেৰে মুখৰিত হৈ পৰে। গৌতম কোঁৱৰ, মিঠুন ধৰ আদি শিল্পীয়ে ভূপেনদাৰ গীতৰ শৰাই আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ বাৰ্তাত কয়, “ভাৰত ৰত্ন, সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱ ভাৰতী আইৰ এক সুযোগ্য সন্তান, যাৰ হৃদয়স্পৰ্শী কণ্ঠ আৰু অমূল্য সৃষ্টিসম্ভাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চলৈ লৈ গৈছিল। সুধাকণ্ঠৰ সমন্বয়ৰ সাংগীতিক পৰিক্ৰমা দেশবাসীৰ বুকুত প্ৰতিধ্বনিত হৈ ৰ’ব চিৰকাল। ভূপেনদাৰ মোহনীয় ব্যক্তিত্ব, সুৰীয়া কণ্ঠত তিৰবিৰাই উঠিছিল দেশপ্ৰেমৰ অম্লান চেতনা, ভাৰতীয়ই বিশ্ব জয় কৰাৰ সপোন গাথা।

ভাৰতৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱৰ কালজয়ী সৃষ্টিৰাজিৰ যোগেদি প্ৰতিধ্বনিত হৈ আহিছে একতা, মানৱতা আৰু ভাতৃত্ববোধৰ বাৰ্তা। অসমৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ লহৰেৰে বিশ্ব মঞ্চত চিনাকি কৰাই দিয়া ভূপেনদা প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু।

সংগীত সূৰ্যৰ জন্ম শতবৰ্ষ উদযাপনৰ এই গৌৰৱময় ক্ষণত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। গংগা-ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ পাৰৰ অগণন জনতাৰ বলিষ্ঠ কণ্ঠ ভূপেনদাৰ অমৰ সৃষ্টিৰাজি, জীৱন দৰ্শন আৰু সুৰৰ মূৰ্চ্ছনা দেশবাসীৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব।

মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ভূপেনদাই বহু অমৰ সৃষ্টি কৰি থৈ গৈছে। বিস্তীৰ্ণ পাৰৰে শীৰ্ষক শদিয়াৰ পৰা ধুবুৰীলৈ এই জাহাজ যাত্ৰাই সমন্বয়ৰ জয়গানেৰে ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিক উদযাপন কৰিছে আৰু নতুন প্ৰজন্মৰ মাজত ভূপেনদাৰ চৰ্চা, প্ৰসাৰ ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী।”

উক্ত অনুষ্ঠানত উপস্থিত থাকি শোভাবৰ্ধন কৰে পশ্চিম গোৱালপাৰাৰ সম-জিলা আয়ুক্ত নৱজিৎ পাঠক, অভয়াপুৰীৰ সম-জিলা আয়ুক্ত শান্তা কাৰ্কি, বিজেপি বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰয়, বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদিকা মনালিছা কোচ, বিশিষ্ট সাংবাদিক অশোক ৰয়, ন-পুৰণি বহু শিল্পীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!