অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

যুৱ লেখক মানস প্ৰতিম দত্তলৈ ‘প্ৰকৃতি বন্ধু সন্মান”

Spread the love

ডি ডি টাইমছ্, গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ জনপ্ৰিয় ডিজিটেল মেডিয়া ASSAM FLASH NATIONALৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে নিৰ্বাচনী প্ৰক্ৰিয়াৰে ‘প্ৰকৃতি বন্ধু’ সন্মানৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় প্ৰকৃতি লেখক, কবি, অনুবাদক, শিক্ষক তথা পৰিৱেশকৰ্মী মানস প্ৰতিম দত্ত। সংবাদ প্ৰতিষ্ঠানটোৰ CEO ৰীয়াৰানী দত্তই সামাজিক মাধ্যমযোগে এই সন্মানৰ কথা আজি অৱগত কৰে।


উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ৰ এজন সক্ৰিয় পৰিৱেশকৰ্মী, শিক্ষক মানস প্ৰতিম দত্তৰ জন্ম ১৯৯৪ চনত ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জিয়ামৰীয়া গাঁৱত। বৰ্তমান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষক হিচাপে কৰ্মৰত দত্তই শিক্ষাৰ্থীৰ মনত বিজ্ঞানৰ প্ৰতি কৌতূহল জগোৱাৰ লগতে পৰিৱেশৰ প্ৰতি সচেতনতাৰ বীজ সিঁচিছে।


মানসে বৰপাক জিয়ামৰীয়া প্ৰাথমিক শিক্ষা সাং কৰি বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক শিক্ষা সাং কৰে। ২০০৯ চনত মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয়। ২০১১ চনত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। ২০১৪ চনত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে । ২০২০ চনত ডিগবৈ বি এড কলেজৰ পৰা তেওঁ বি.এড ডিগ্ৰী লাভ কৰে।

স্নাতক শিক্ষা সমাপ্ত কৰিয়ে তেওঁ এটা বছৰ (২০১৪-১৫) শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষকতা কৰিছিল। পৰৱৰ্তী সময়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি (২০১৫-১৭) শংকৰদেৱ শিশু নিকেতন মাছখোৱা আৰু বাল্মিকী বিদ্যা কানন কনিষ্ঠ মহাবিদ্যালয়ত (২০১৭-১৮) শিক্ষকতা কৰে।

তাৰ পাছত তেওঁ কিছু দিনৰ বাবে মাকুমৰ জাতীয় বিদ্যালয়, বাৰেকুৰিত (২০১৮) শিক্ষকতা কৰে। ২০২০-২২ বৰ্ষলৈ তেওঁ কাইজেন একাডেমি, ঢকুৱাখনাৰ উপাধ্যক্ষৰ দায়িত্ব পালন কৰিছিল।


তেওঁৰ কৰ্মৰ মূল লক্ষ্য হৈছে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থসমূহে পৰিৱেশৰ সৌন্দৰ্যৰ লগতে ইয়াৰ সংকটৰ কথাও সহজ ভাষাত তুলি ধৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা আদি।


এই গ্ৰন্থসমূহে পাঠকৰ মনত পৰিৱেশৰ প্ৰতি গভীৰ চিন্তাৰ সৃষ্টি কৰিছে আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিছে।


কবি হিচাপেও মানস প্ৰতিম দত্তৰ আছে সুকীয়া পৰিচয়। নিবিড় অনুৰাগ মানস নামেৰে কাব্যচৰ্চা কৰে মানসৰ কবিতা প্ৰান্তিক, সাদিন, জনমভূমি, দৈনিক অসমকে আদি কৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। মানসৰ প্ৰকাশিত কবিতা সংকলনসমূহৰ ভিতৰত কুঁৱলীৰ আখৰ এথুপি, তোমাক ভালপাওঁ বাবেই, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা, মই বৰষুণ হ’ম, এই সময় আমাৰ আদি অন্যতম।


মানস প্ৰতিম দত্তই কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নাথাকি, হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। তেওঁ ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু বিমান সন্দিকৈৰ সৈতে মিলি পৰিৱেশ সংৰক্ষণ গোট পিয়’ৰ এনভাইৰণমেণ্ট ফ’ৰ ৱাইল্ডলাইফ’ (PuNFoWild) প্ৰতিষ্ঠা কৰিছে। এই সংগঠনৰ জৰিয়তে তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰি পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে।


WeNaturalistৰ কেম্পাছ চেম্পিয়ন হিচাপে সেৱা আগবঢ়োৱা মানসে অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰিছিল।


২০২০ বৰ্ষত স্থাপিত দুৱাৰ ফাউণ্ডেচন আৰু ২০২২ বৰ্ষত স্থাপিত পু এন ফ’ ৱাইল্ডৰ জৰিয়তে বিজ্ঞান জনপ্ৰিয়কৰণ আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি ব্যৱহাৰিক সজাগতা সভা আয়োজন কৰি আহিছে। বিভিন্ন স্থানত পৰিৱেশ সজাগতামূলক ব্যৱহাৰিক অনুষ্ঠান আয়োজন কৰি আহিছে।


ইয়াৰ উপৰিও, তেওঁ পৰিৱেশৰ প্ৰতি সজাগতা জগাবলৈ পাৰিপাৰ্শ্বিক কবিতা ৰচনা কৰিছে, যিবোৰে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।


পৰিৱেশ বিষয়ক বিভিন্ন কাৰ্যসূচীসমূহৰ জৰিয়তে মানস প্ৰতিম দত্তই যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ পাঠ শিকাইছে, যি গুৰু পূৰ্ণিমাৰ দিনটোত আমাৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ।


মানস প্ৰতিম দত্তৰ কৰ্ম কেৱল পৰিৱেশৰ কাৰ্যসূচীতেই সীমাবদ্ধ নহয়। তেওঁ শিক্ষাৰ্থীৰ বাবে পৰিৱেশ আৰু বিজ্ঞান বিষয়ক গ্ৰন্থৰ অনুবাদ কৰি শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ অনুবাদিত গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হৈছে কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে। কেওখন গ্ৰন্থ নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা প্ৰকাশিত।


ইয়াৰ উপৰিও, তেওঁ বিদ্যাঃ দ্য লিভিং স্কুলৰ বাবে “সুখী জীৱনৰ বাবে পৰিৱেশ শিক্ষা” বিষয়ক এক বিশেষ পাঠ্যসূচী প্ৰস্তুত কৰিছে। এই পাঠ্যসূচীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশৰ প্ৰতি সচেতন হোৱাৰ লগতে সুখী আৰু সুস্থ জীৱনৰ গুৰুত্ব শিকাইছে।


মানস প্ৰতিম দত্তই নিয়মীয়াকৈ নিয়মীয়া বাৰ্তাৰ অকণি আৰু বিশ্ব বিচিত্ৰাত পৰিৱেশ বিষয়ক লেখাৰ জৰিয়তে পৰিৱেশ চৰ্চা অব্যাহত ৰাখিছে। তদুপৰি, সাদিন, দৈনিক অসম, দৈনিক জনমভূমি, অন্যযুগ, আলোকপ্ৰভঞ্জন, আৰু দৈনন্দিন বাৰ্তাৰ দৰে বিভিন্ন কাকত-আলোচনীত তেওঁৰ লেখাই পৰিৱেশৰ প্ৰতি সজাগতা বিয়পোৱাত সহায় কৰিছে।


মানসে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত অনুষ্ঠিত হোৱা প্ৰথমখন ‘পৰিৱেশ সাহিত্য সন্মিলন’ত অংশগ্ৰহণ আৰু সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে বনলতাৰ উদ্যোগত অনুষ্ঠিত অসমৰ দ্বিতীয়খন পৰিৱেশ সাহিত্য সন্মিলনতো অংশগ্ৰহণ কৰিছিল।

২০২২ বৰ্ষত মাধবদেৱ বিশ্ববিদ্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় আলোচনা সন্ত্ৰত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰা মানসে সৃজনী সৰভোগৰ কবি সন্মান, বাটৰ কেনভাচৰ বিশেষ উদগনি বঁটাৰ লগতে তেজত গজা দুপৰীয়াটো কাব্য সংকলনৰ বাবে প্ৰচেষ্টাৰ ‘শ্ৰেষ্ঠ কাব্য সংকলন’ বঁটা লাভ কৰিছিল।


ড° অজিত ভৰালী সম্পাদিত এশ বছৰৰ নিৰ্বাচিত অসমীয়া কবিতাত মানসৰ কবিতা অন্তৰ্ভুক্ত হৈছে। অৰিন্দম বৰকটকী আৰু নীতা শৰ্মা সম্পাদিত যাত্ৰাৰ নিৰ্বাচিত কবিতাত কবিতা অন্তৰ্ভুক্ত হৈছে।


২০২২ বৰ্ষৰ অনিৰ্বাণ য়ুথ এচিভমেণ্ট এৱাৰ্ড
সন্মানেৰে সন্মানিত মানসৰ পাৰিপাৰ্শ্বিক কবিতা প্ৰকল্প ৰঞ্জন ভাগৱতী সম্পাদিত ‘পাৰিপাৰ্শ্বিক কবিতা’ত অন্তৰ্ভুক্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!