মৰিগাঁও জিলা উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতিৰ বৈঠক
মৰিগাঁও, ৬ ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতিৰ (DISHA) এখনি গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাখনৰ DISHA অধ্যক্ষ তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয়।

লগতে জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে সভাখনৰ আৰম্ভনি বক্তব্য আগবঢ়ায়।সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ মূৰব্বীসকলে নিজৰ দায়িত্বাধীন আঁচনিৰ অগ্ৰগতি প্ৰতিবেদন উপস্থাপন কৰে।

সাংসদগৰাকীয়ে বিশেষকৈ জনসাধাৰণলৈ আঁচনিৰ সুফল সময়মতে প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়নমূলক আঁচনিৰ সঠিক মূল্যমান তেতিয়াহে বৃদ্ধি পায়, যেতিয়া সাধাৰণ মানুহে ইয়াৰ সুফল যথাসময়ত লাভ কৰে।

সেই বাবে সকলো বিভাগীয় কৰ্মচাৰীয়ে দায়িত্বশীলভাৱে কাম কৰি সময়মতে পৰিকল্পনা সম্পূৰ্ণ কৰাৰ দিশে মনোযোগী হ’ব লাগিব বুলি উল্লেখ কৰে।
সভাত মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণিতা কলিতা ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জিলা উন্নয়ন আয়ুক্ত অ’ৰ্পা বাগ্লাৰী, অতিৰিক্ত জিলা আয়ুক্ত অনুসুয়া শৰ্মা, খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।