অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মৰাণত চুতীয়া ছাত্র সন্থাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰম্ভ

Spread the love

DD TIMES ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ মৰাণৰ ডোমৰ দলঙৰ বীৰাংগনা সতী সাধনী ক্ষেত্ৰত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ (Chutia Student Union) বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।

ডিব্ৰুগড় আৰু চৰাইদেউ জিলা চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত, মৰাণ আঞ্চলিক চুতীয়া ছাত্র সন্থা আৰু মৰাণবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আজি পুৱা মূল তোৰণ মুকলি কৰি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শুভাৰম্ভ কৰে সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ উপদেষ্টা কীৰ্তি চুতীয়াই।

পতাকা উত্তোলন কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাই। স্মৃতি তর্পণ কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, ৰাজু চুতীয়াই। বীৰাঙ্গনা সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষিৰোদ শইকীয়াই।

জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়াই। মঞ্চ মুকলি কৰে উদযাপন সমিতি কাৰ্যকৰী সভাপতি হেমন্ত চুতীয়াই।

ছাত্ৰ-ছাত্ৰী মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে মৰাণ বাৰ্ণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভি লতা চুতীয়াই। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে চুতীয়া জনগোষ্ঠীয় কৃষ্টি প্রদর্শন আৰু স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

কাইলৈ মুকলি সভাত কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰী-বিধায়ক, জাতীয় সংগঠনৰ বিষয়ববীয়া, সমাজকর্মী, বিশিষ্ট নাগৰিকে বিশিষ্ট অতিথিৰূপে ভাগ ল’ব।

জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত অসমৰ বিভিন্ন জনগোষ্ঠীৰ গীত-নৃত্যৰ পৰিবেশন হ’ব। দ্বিতীয় দিনা মুকলি সভাত, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ দীৰ্ঘদিনীয়া দাবী ‘চুতীয়া সকলক জনজাতিকৰন প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচিৰ আধাৰত স্বায়ত্ত শাসন প্ৰদান কৰা’ বিষয় উত্থাপন কৰা হ’ব বুলি জানিবলৈ দিছে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ বিষয়-ববীয়াসকলে।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা দাবী উত্থাপন কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অন্যথা চুতীয়া জনগোষ্ঠীক চৰকাৰে চৰম প্ৰতাৰণা কৰা বাবে বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰিব চুতীয়া জনগোষ্ঠীটোয়ে।

এই হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষিৰোদ শইকীয়াৰ। নিশালৈ আমন্ত্ৰিত জনপ্ৰিয় কন্ঠশিল্পীয়ে সংগীনুষ্ঠান পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!