মৰনৈ-বেবেজীয়াত চুতীয়া জনগোষ্ঠীৰ ৩২গৰাকী কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা
DD TIMES ঢকুৱাখনা, ৩১ আগষ্টঃ “তোমালোকক আজি সম্বৰ্ধনা জনোৱা হৈছে শৈক্ষিক কৃৰ্তীত্বৰ বাবে; অনাগত দিনত একোগৰাকী মানৱ সম্পদ হৈ উঠিব লাগিব তোমালোক; আৰু তোমালোকৰ দৰে উঠি অহা প্ৰজন্মই এসময়ত দেশ তথা জাতিক নেতৃত্ব দি আগুৱাই নিব লাগিব।” -এই মন্তব্য চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াৰ।

আজি ঢকুৱাখনাৰ সোৱণশিৰীত চুতীয়া জাতি সন্মিলনে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰোক্ত মন্তব্য কৰাৰ লগতে যুৱ নেতা চুতীয়াই আৰু কয় যে- “তোমালোকৰ মাজৰ পৰাই ভৱিষ্যতে আমাৰ জাতিক নেতৃত্ব দিব পৰা, জাতিৰ বাবে অহা বিভিন্ন প্ৰতিবন্ধকতাৰ মাজতো আগুৱাই লৈ যাব পৰা উপযুক্ত ব্যক্তিৰ সৃষ্টি হ’ব লাগিব।
তোমালোকে জাতিক সময় দিলে জাতিয়েও তোমালোকক বহুত কিবাকিবি দিব।প্ৰথমে জাতিৰ স্বাৰ্থত কাম কৰিব লাগিব। তাৰ পিছতহে ৰাজনীতিৰ কথা।কাৰণ জাতি নেথাকিলে আমি কাক লৈ ৰাজনীতি কৰিম।”
সোৱণশিৰী আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়।
সোৱণশিৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানৰ সঞ্চালনা কৰে সোৱণশিৰী আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সভাপতি বাবুলা চুতীয়াই।
সোৱণশিৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধাশিক্ষয়িত্ৰী কল্পনা সেনাপতি বৰুৱাই উদ্ধোধন কৰা এই সভাত নিৰ্দিষ্ট বক্তাৰূপে বক্তব্য আগবঢ়াই চুতীয়া জাতি সন্মিলনৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নিপেন শইকীয়াই।
ইয়াৰ পিছতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়াই চুতীয়া যুৱ সন্মিলন,অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই।
আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ক্ৰমে- ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰ,সম্পাদক গৌৰৱ বৰুৱা, সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ যুটীয়া সম্পাদিকা বৰ্ণালী চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য ক্ৰমে-ৰত্নেশ্বৰ চুতীয়া, চিত্ৰৰঞ্জন দাস, ৰূপাঞ্জলী চুতীয়া,চুতীয়া যুৱ সন্মিলন,অসমৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দিগন্ত চুতীয়াকে প্ৰমুখ্যে কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি কৃৰ্তী শিক্ষাৰ্থী সকলক উদ্দেশ্যি বহুমূলীয়া পৰামৰ্শ আগবঢ়াই।
উল্লেখ্য, কেইবাগৰাকীও শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত গীত, নৃত্য আদি পৰিৱেশন কৰে।

