মুকুল শৰ্মাৰ মোৰ দৃষ্টি… প্ৰকৃতিৰ সৃষ্টি, এক প্ৰয়াস
DD TIMSES
গ্ৰন্থবাৰ্তাত লিখিছে মানস প্ৰতিম দত্তই
প্ৰকৃতিৰ অপৰূপ সৌন্দর্য আৰু জীৱজগতৰ বিচিত্ৰতা মানৱ জাতিৰ বাবে সদায়েই আকৰ্ষণৰ বিষয় হৈ আহিছে। প্ৰকৃতিৰ মাজত মুক্তভাৱে জীৱন-যাপন কৰা জীৱজন্তুৰ জীৱনশৈলী, পৰিৱেশৰ প্ৰতি অৱদান আৰু মানুহৰ সৈতে জীৱকুলৰ সম্পৰ্কৰ জটিলতাই সদায় গৱেষক, লেখক আৰু পৰিৱেশপ্ৰেমীসকলক মুগ্ধ কৰি আহিছে। এনে এক প্ৰেক্ষাপটত অৱসৰী বন-বিষয়া মুকুল শৰ্মাৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘মোৰ দৃষ্টি প্ৰকৃতিৰ সৃষ্টি, এটি প্ৰয়াস’ নামৰ পৰিৱেশ বিষয়ক গ্ৰন্থখন এক গভীৰ দৃষ্টিভংগীৰে ৰচিত তথ্যসমৃদ্ধ মনোৰম সংকলন।

তিনিচুকীয়াৰ পৰমানন্দ জাতীয় বিদ্যালয়ে প্ৰকাশ কৰা এই গ্ৰন্থখনে পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লগতে জীৱজন্তুৰ সৈতে মানুহৰ সহাৱস্থানৰ গুৰুত্ব বুজোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি ক’ব পাৰি।
এই গ্ৰন্থখন পৰিৱেশ-প্ৰকৃতিৰ বিষয়ে লেখকৰ পৰ্য্যৱেক্ষণ আৰু অভিজ্ঞতাৰ এক সুন্দৰ নিদৰ্শন। বিভিন্ন থলুৱা চৰাইৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি বান্দৰ, হাতী আৰু বাঘৰ সৈতে মানুহৰ সংঘাতৰ কাৰণ সম্পৰ্কীয় বিষয়বোৰে এই গ্ৰন্থখনক পৰিৱেশপ্ৰেমীৰ বাবে এক মূল্যৱান সম্পদ হিচাপে গঢ়ি তুলিছে।
গ্ৰন্থখন দুটা মূল খণ্ডত বিভক্ত: চৰাই আৰু জন্তু। প্ৰথম খণ্ডত থলুৱা চৰাইৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। টোকোৰা চৰাইৰ পৰা আৰম্ভ কৰি ঘৰচিৰিকা, শগুন, ধনেশ, ফেঁচা, বুলবুলি, ভাটো, সাতভনী, শালিকা, কাউৰী, মৌপিয়া, বালিমাহী, পাতসিয়া, কেতেকী, হাড়গিলা, চেক চেকী, কপৌ আদি বিভিন্ন চৰাইৰ জীৱনশৈলী, আচৰণ আৰু পৰিৱেশৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে লেখকে সুন্দৰভাৱে বিশ্লেষণ কৰিছে। প্ৰতিটো চৰাইৰ বিষয়ে লিখা প্ৰবন্ধবোৰ তথ্যসমৃদ্ধ আৰু পাঠকৰ মনত চৰাইৰ প্ৰতি এক স্নেহৰ ভাৱ জগাই তুলিব পৰা ধৰণৰ। ‘কৃষকৰ বন্ধু ফেঁচা’ বা ‘নীৰৱ পৰিৱেশ সুৰক্ষা কৰ্মী হাড়গিলা’ৰ দৰে প্ৰবন্ধই চৰাইৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত পোহৰ পেলাইছে।
দ্বিতীয় খণ্ডত লেখকে প্ৰকৃতিৰ অন্যান্য জীৱ যেনে— কাছ, ভালুক, হলৌ বান্দৰ, বাঘ আৰু হাতীৰ সৈতে মানুহৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে। বিশেষকৈ ‘বাঘ মানুহৰ সংঘাত’, ‘হাতী-মানুহৰ সংঘাত’ আৰু ‘বান্দৰ মানুহৰ সংঘাত’ৰ দৰে প্ৰবন্ধবোৰে জীৱজন্তু আৰু মানুহৰ মাজৰ সংঘাতৰ কাৰণ, পৰিণাম আৰু সমাধানৰ সম্ভাৱনীয় পথৰ বিষয়ে গভীৰ বিশ্লেষণ আগবঢ়াইছে। ‘অস্তিত্বৰ সংকটত কাছ’ আৰু ‘কাজিৰঙাৰ ভালুক’ৰ দৰে প্ৰবন্ধই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে, কিয়নো ইয়াত জীৱৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

মুকুল শৰ্মাৰ লেখনীৰ শৈলী সৰল, স্পষ্ট আৰু প্ৰাঞ্জল। তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু জ্ঞান প্ৰতিটো প্ৰবন্ধতে প্ৰতিফলিত হৈছে। তেওঁৰ বন-বিষয়া হিচাপে অভিজ্ঞতাৰ ফলত প্ৰবন্ধবোৰত বৈজ্ঞানিক তথ্যৰ লগতে ব্যক্তিগত পৰ্যবেক্ষণৰ এক মনোৰম সংমিশ্ৰণ ঘটিছে। গ্ৰন্থখনৰ ভাষা সাধাৰণ পাঠকৰ বাবে সহজবোধ্য, আৰু প্ৰকৃতিৰ প্ৰতি আগ্ৰহী পাঠকৰ বাবে ই এক তথ্যভাণ্ডাৰ।
কিছুমান জীৱৰ বিষয়ে আৰু গভীৰ গৱেষণামূলক তথ্য সন্নিবিষ্ট কৰিলে গ্ৰন্থখনৰ আৰু অধিক আকৰ্ষণীয় হ’লহেঁতেন। সেয়া যি কি নহওক, সামগ্ৰিকভাৱে, ‘মোৰ দৃষ্টি প্ৰকৃতিৰ সৃষ্টি’ প্ৰকৃতিপ্ৰেমী, জীৱবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিৰ সৌন্দর্যৰ প্ৰতি আকৰ্ষিত সকলোৰে বাবে এক মনোগ্ৰাহী গ্ৰন্থ।
এই গ্ৰন্থই পাঠকক প্ৰকৃতিৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু জীৱজগতৰ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰিব। পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত এই গ্ৰন্থখন অসমীয়া সাহিত্যত মূল্যৱান সংযোজন।