অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

Spread the love

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দক্ষিণপাট আঞ্চলিক সমিতিৰ উদ্যোগ

DD TIMES

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দক্ষিণপাট আঞ্চলিক সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো শিক্ষক দিৱসটি দক্ষিণপাট অঞ্চলৰ অন্যতম শিক্ষানুস্থান মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰে।

কাৰ্য্যসূচী অনুসৰি পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে পৰিষদৰ দক্ষিণপাট আঞ্চলিক সমিতিৰ সভাপতি ইজমত মৰীয়াই, শ্বহীদ তৰ্পণ কৰে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ শইকীয়াই,সৰ্ব্বপল্লী ৰাধা কৃষ্ণনৰ প্ৰতিচ্চবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্লাৱিতা বৰাই।

সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক দেৱাৰ্শীষ দাসে।

সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বিজয়ানন্দ বৰাই।উক্ত অনুষ্ঠানতে প্ৰায় ২৬ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!