অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভ

Spread the love

বিদ্যায়তনিক বক্তৃতা, আলেখ্য, নৱাৰুণৰ বিশেষ সংখ্যাৰ উন্মোচন

নগাঁও, ৯ ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়তো কালি দিনজোৰাকৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ৷

Oplus_131072

বিশ্ববিদ্যালয় সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে৷

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ শিল্পী, শিক্ষক ৰঞ্জন বেজবৰুৱাই ভূপেন হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে হাজৰিকাৰ গীতক সংস্কৃতলৈ অনুবাদ কৰি শিল্পীজনাৰ গীতসমূহ আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেই কথা সোঁৱৰি কেইবাটাও গীত পৰিৱেশন কৰে।

Oplus_131072

ইয়াৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়ৰ সাবিত্ৰী তেৰংপি, দিক্ষীতা কাকতি, সুদৰ্শনা কাশ্যপ, কুন্দলিনি শইকীয়াৰ লগতে কণমানি শিল্পীদ্বয় মহৰ্ষিৰাজ দাস আৰু দেৱৰ্ষিৰাজ দাসে ভূপেন্দ্ৰ সংগীত, অনুসূয়া বৰাই কবিতা পাঠ কৰে৷

উল্লেখযোগ্য, নগাঁৱৰ সন্তান, ভূপেন হাজৰিকাৰ একান্ত সুহৃদ কমল কটকিয়ে বিশ্ববিদ্যালয়খনে আয়োজন কৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ শুভবাৰ্তা প্ৰেৰণ কৰা এটা ভিডিঅ’ প্ৰদৰ্শন কৰোৱা হয়৷

তদুপৰি শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত ছাত্ৰ কীৰ্তন গায়নৰ ৰচনা-পৰিচালনাত ‘প্লাৱন’ নামেৰে ভূপেন হাজৰিকাৰ জীৱন সম্পৰ্কত ৰচিত এখন চুটি নাট আৰু সহকাৰী অধ্যাপক গৌৰৱ প্ৰতিম হাজৰিকাৰ তত্ত্বাৱধানত ‘মৰমৰ ভূপেন দা’ নামৰ এখন আলেখ্যও প্ৰদৰ্শন কৰে।

ছাত্ৰ হিৰক জ্যোতি বৰা আৰু কৰিশ্মা গগৈয়ে আঁতধৰা অনুষ্ঠানৰ শেষত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সমস্বৰে অসম আমাৰ ৰূপহী শীৰ্ষক গীতটি পৰিৱেশন কৰে।

ইংৰাজী বিভাগৰ ড° জয়ন্ত মাধৱ তামুলীয়ে শৰাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটি সফল ৰূপায়নৰ বাবে আয়োজক সমিতিৰ সভাপতি ড° ত্ৰিৱেণী শইকীয়া, সম্পাদয়ত্ৰয় লিজা কাশ্যপ বৰা, অভিনৱ বৰা, নয়ন নিলিম দাসে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ স্মতৰ্ৱ্য, সন্ধিয়া ৬ বজাত বিশ্ববিদ্যালয়খনৰ চৌহদত শতবৰ্ষ উপলক্ষে ১০০ গছি মাটিৰ চাকি প্ৰজ্বলন কৰা হয়৷

এই দিৱসৰ লগতে সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ নৱাৰুণৰ সংখ্যাটিও উন্মোচন কৰা হয়।

ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি প্ৰকাশ কৰা এইবাৰৰ নৱাৰুণ উন্মোচন কৰে বিভাগটোৰ মুৰব্বী অধ্যাপক ড° শ্যামলী দলৈয়ে। অনুষ্ঠানত বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!