অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: মনীষা শৰ্মাৰ ভ্ৰমণ সাহিত্যবিষয়ক গ্ৰন্থ ‘ব্ৰজভূমিৰ বৈভৱ’ উন্মোচন

Spread the love

মনীষা শৰ্মাৰ ভ্ৰমণ সাহিত্যবিষয়ক গ্ৰন্থ ‘ব্ৰজভূমিৰ বৈভৱ’ উন্মোচন

DD TIMES গুৱাহাটী, নৱেম্বৰ ১২ঃ দিছপুৰ প্ৰেছ ক্লাবত আজি আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত কেইবাখনো গ্ৰন্থৰ লেখিকা, সমাজকৰ্মী মনীষা শৰ্মাৰ গৱেষণাধৰ্মী তথা ভ্ৰমণ সাহিত্যবিষয়ক গ্ৰন্থ ‘ব্ৰজভূমিৰ বৈভৱ’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, লেখক সমালোচক ড° দয়ানন্দ পাঠকে৷

গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট নিৱন্ধকাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ-পূৱ ভাৰতৰ বৌদ্ধিক প্ৰচাৰ প্ৰমুখ শংকৰ দাস, সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰা, সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা প্ৰাপক বিশিষ্ট অনুবাদক কবি তথা বনফুল প্ৰকাশনৰ প্ৰকাশন উপদেষ্টা বিপুল দেউৰী উপস্থিত থাকি সাৰুৱা বক্তব্য প্ৰদান কৰে৷


লেখিকা মনীষা শৰ্মাৰ গৱেষণাধৰ্মী তথা ক্ষেত্ৰভিত্তিক অধ্যয়নৰে ৰচিত গ্ৰন্থখন লেখিকাই পাছ বছৰে মথুৰা, বৃন্দাবন, গোকুললৈ বহুবাৰ গৈ গোটোৱা তথ্যৰ ফচল৷

গ্ৰন্থখন প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে৷
গ্ৰন্থখন উন্মোচন কৰি ড° দয়ানন্দ পাঠকে কয় যে-লেখিকাই যথেষ্ট কষ্ট কৰি, শ্ৰম কৰি, গৱেষণা কৰি “ব্ৰজভূমিৰ বৈভৱ”গ্ৰন্থখন লিখিছে৷ গভীৰ বিষয় বস্তুৰ গ্ৰন্থখন পাঠকে পঢ়ি উপকৃত হ’ব৷ লেখিকাই যথেষ্ট কষ্ট কৰি,শ্ৰম কৰি, গৱেষণা কৰি “ব্ৰজভূমিৰ বৈভৱ”গ্ৰন্থখন লিখিছে৷ গভীৰ বিষয় বস্তুৰ গ্ৰন্থখন পাঠকে পঢ়ি উপকৃত হ’ব৷ আজিৰ নাৰীয়ে মোৰ দৃষ্টিত ত্ৰিনয়নেৰে জনা যায়।এই ক্ষেত্ৰত মনীষা শৰ্মা ব্যতিক্ৰম নহয়।


বৌদ্ধিক প্ৰমুখ আৰু নিবন্ধকাৰ শংকৰ দাসে কয় যে-
বিজ্ঞান দৰ্শন আৰু আধ্যাত্মিকতাৰ মাজেৰে কিদৰে জীৱনক অনুধাৱন কৰিব সেই সম্পৰ্কে এক মনস্তাত্বিক বিশ্লেষণ আগবঢ়োৱাৰ লগতে‌ ব্ৰজভূমিৰ বৈভৱ অসমীয়া সাহিত্যলৈ এক উল্লেখনীয় অৱদান হৈ পৰিব বুলিও মন্তব্য আগবঢ়ায়।

নিজৰ ভাষণ প্ৰসংগত তেওঁ কয় অসমৰ পাঠক সমাজে নিশ্চিয় লেখিকাৰ পূৰ্বৰ গ্ৰন্থসমূহৰ দৰে এইখনৰো আকোৱালি ল’ব।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাডেমি বঁটা বিজয়ী লেখক জয়ন্ত মাধৱ বৰাই কয় যে অতি সম্প্ৰতি মহিলা সকলৰ কোনো ক্ষেত্ৰতে পিছ পৰি ৰোৱা নায়।

সাহিত্য -সংস্কৃতিৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলা সকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিছে। এই ক্ষেত্ৰত মনীষা শৰ্মাই একেই গতিৰে আগবাঢ়ি আছে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিপুল দেউৰীয়ে নিজৰ বক্তব্যত ব্ৰজভূমিৰ বৈভৱ গ্ৰন্থখন এখন ডকুমেণ্টৰী লিটাৰেছাৰ বুলি উল্লেখ কৰে৷”


সাংবাদিক লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতে নিশা চক্ৰৱৰ্তী, ড° মঞ্জুলা গোস্বামী আৰু ডাঃ তামান্না গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে৷

সভাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত দেৱেশ্বৰ মালাকাৰকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!