অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ভুমিকম্পৰ সময়ত নগাঁৱৰ দুগৰাকী নাৰ্ছৰ প্ৰশংসনীয় পদক্ষেপঃ ৰক্ষা পৰিল তিনিটা নৱজাতক শিশু

Spread the love

DD TIMES নগাঁও, ১৬ ছেপ্টেম্বৰঃ দেওবাৰে বিয়লি হোৱা ভুমিকম্পৰ সময়ত নগাঁৱৰ দুগৰাকী নাৰ্ছৰ সাহসৰ বাবেই নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ তিনিটাকৈ নৱজাতক শিশু ৰক্ষা পৰে।

এই খবৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। দেওবাৰে ভুমিকম্পৰ প্ৰৱল জোকাৰণিৰ সময়ত নগাঁৱৰ আদিত্য নামৰ চিকিৎসালয়খনৰ দুগৰাকী নাৰ্ছ ক্ৰমে পৰিস্মিতা বৰা আৰু লক্ষিমণি দাসে নিজৰ জীৱনকো তুচ্ছ কৰি সাহসিকতাৰ পৰিচয় দি নৱজাতক তিনিটাক সুৰক্ষা দিবলৈ সক্ষম হয়।

দুখন বিচনাত থকা তিনিটা নৱজাতকৰ দুটাক এগৰাকী নাৰ্ছে আৰু আনটো নৱজাতকক আনগৰাকী নাৰ্ছে সুৰক্ষা দিয়ে।

উল্লেখ যে কিছুদিন পুৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটালত নাৰ্ছ আৰু চিকিৎসা মহাবিদ্যালয় কতৃপক্ষৰঅৱহেলাৰ বাবে এটি শিশুৰ মৃত্যু হৈছিল।

ইয়াৰ বিপৰীতে নগাঁৱৰ এই দুগৰাকী নাৰ্ছৰ কৰ্তব্য আৰু দ্বায়িত্ব এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে।নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই নাৰ্ছ দুগৰাকীক কৃতজ্ঞতা জনাই কয় তেওঁলোকৰ সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাই আমাক অভিভূত কৰিলে।

চিকিৎসালয়খনৰ কৰ্তৃপক্ষই দুয়োগৰাকী নাৰ্ছক ফুলাম গামোচা পৰিধান কৰি কৃতজ্ঞতা জনাই। নাৰ্ছ দুগৰাকীয়ে কয় যে, সেই সময়ত আমাৰ ভয় লাগিছিল যদিও আমি নিজৰ কৰ্তব্য আৰু দ্বায়িত্বৰ প্ৰতি সজাগ আছিলো।

আমি নৱজাতক তিনিটাক ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা চলাই সফল হোৱাত অতিশয় আনন্দিত হৈছো।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!