Maritime Amrit Kaal Vision 2047: ভাৰতৰ পুনৰুজ্জীৱিত সামুদ্ৰিক খণ্ডত যথেষ্ট বৃদ্ধি পাইছে নিয়োগৰ সংখ্যাঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
“তিনি লাখ নাৱিকৰ সৈতে ভাৰত হৈছে বিশ্বৰ শীৰ্ষ তিনিখন সামুদ্ৰিক নাৱিক যোগানকাৰী দেশৰ অন্যতম”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ সৰ্বানন্দ সোণোৱালে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ দশম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰেঃ “ভাৰতৰ পুনৰুজ্জীৱিত সামুদ্ৰিক খণ্ডত যথেষ্ট বৃদ্ধি পাইছে নিয়োগৰ সংখ্যা”: সোণোৱাল
DD TIMES চেন্নাই, ২৬ ছেপ্টেম্বৰ, ২০২৫ঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ (আই এম ইউ) দশম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডত সূচনা হোৱা উল্লেখযোগ্য পৰিৱৰ্তন আৰু এই খণ্ডত প্ৰৱেশ কৰা যুৱক-যুৱতীসকলৰ বাবে উপলভ্য ব্যাপক কৰ্মসংস্থানৰ সুযোগ-সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।

২,১৯৬ গৰাকী স্নাতকধাৰী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই সৰ্বানন্দ সোণোৱালে কয়, “আপোনালোক এনে এটা খণ্ডত প্ৰৱেশ কৰিছে যিয়ে বিগত এটা দশকত নৱজাগৰণৰ সাক্ষী হৈছে আৰু এই সামুদ্ৰিক খণ্ড ভাৰতৰ অৰ্থনৈতিক, কৌশলগত উত্তৰণ আৰু ক্ষিপ্ৰ অগ্ৰগতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমি বিশ্বৰ শীৰ্ষ সামুদ্ৰিক খণ্ডৰ দেশসমূহৰ ভিতৰত এখন হ’বলৈ ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছোঁ। ভাৰতত জাহাজ পৰিবহণ, বন্দৰ, জাহাজ নিৰ্মাণ, লজিষ্টিক, গৱেষণা আৰু সেউজ সামুদ্ৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰৰ সুযোগ পূৰ্বে কেতিয়াও ইমান বৈচিত্ৰ্যময় আৰু চাহিদাযুক্ত হোৱা নাছিল।

২০১৪ চনৰ পৰা ভাৰতৰ বন্দৰসমূহত ব্যাপক আধুনিকীকৰণ আৰু যান্ত্ৰিকীকৰণৰ ফলত টাৰ্ণএৰাউণ্ড টাইম মাত্ৰ ০.৯ দিনলৈ হ্ৰাস পাইছে, যিয়ে আমেৰিকা, অষ্ট্ৰেলিয়া, বেলজিয়াম, কানাডা, জাৰ্মানী আৰু ছিংগাপুৰৰ দৰে উন্নত সামুদ্ৰিক দেশৰ বন্দৰসমূহকো অতিক্ৰম কৰিছে। নটা ভাৰতীয় বন্দৰ এতিয়া বিশ্বৰে শীৰ্ষ এশটা বন্দৰৰ ভিতৰত স্থান লাভ কৰিছে। তদুপৰি ৭৬,০০০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মীয়মান মহাৰাষ্ট্ৰৰ ৱধাবন বন্দৰ বিশ্বৰ আটাইতকৈ ডাঙৰ কণ্টেইনাৰ বন্দৰৰ ভিতৰত এটা হ’ব। অভ্যন্তৰীণ জলপথৰ জৰিয়তে মালবাহী পৰিবহণ সাতগুণ বৃদ্ধি পাইছে আৰু উপকূলীয় জাহাজ পৰিবহণৰ পৰিমাণ বিগত দশকত ১৫০%ৰো অধিক বৃদ্ধি পাইছে।”

‘মেৰিটাইম অমৃতকাল ভিজন ২০৪৭’এ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক দীৰ্ঘম্যাদী পথ-নিৰ্দেশনাৰ কাম কৰিছে। বন্দৰ পৰিকাঠামো, উপকূলীয় জাহাজ পৰিবহণ, অভ্যন্তৰীণ জলপথ, জাহাজ নিৰ্মাণ আৰু সেউজ জাহাজ পৰিবহণৰ পদক্ষেপৰ বাবে মুঠ ৮০ লাখ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। চৰকাৰে সেউজ কৰিডৰ, প্ৰধান বন্দৰসমূহত সেউজ হাইড্ৰ’জেন বাংকাৰিং স্থাপন, আৰু মিথানল-ইন্ধনযুক্ত জাহাজৰ প্ৰচলনৰ জৰিয়তে বহনক্ষম সামুদ্ৰিক কাৰ্যকলাপৰ প্ৰসাৰ কৰিছে।

সোণোৱালে কয়, “কেন্দ্ৰীয় চৰকাৰে জাহাজ নিৰ্মাণ আৰু জাহাজ পুনঃচক্ৰীকৰণৰ বাবে ৭০,০০০ কোটি টকাৰ এক ঐতিহাসিক পেকেজ ঘোষণা কৰিছে। ২৫,০০০ কোটি টকাৰ সামুদ্ৰিক উন্নয়ন পুঁজি (এম ডি এফ)ৰ জৰিয়তে ভাৰতৰ টনেজ আৰু জাহাজ নিৰ্মাণ ক্ষমতা বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰা হ’ব। বিশাখাপট্টনমত ৩০৫ কোটি টকাৰ বিনিয়োগেৰে ভাৰতীয় জাহাজ প্ৰযুক্তি কেন্দ্ৰই (আই এছ টি চি) ডিজাইন, গৱেষণা আৰু উন্নয়ন, অভিযান্ত্ৰিক আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে কাম কৰিব।
ভাৰতৰ সামুদ্ৰিক নাৱিক তথা কৰ্মচাৰীৰ সংখ্যা বিগত এটা দশকত আগৰ ১.২৫ লাখৰ পৰা বৃদ্ধি পাই বৰ্তমান ৩ লাখৰো অধিক হৈছে, যাৰ ফলত ভাৰতে বিশ্বৰ শীৰ্ষ তিনিখন প্ৰশিক্ষিত সামুদ্ৰিক নাৱিক তথা কৰ্মচাৰী যোগানকাৰী দেশৰ ভিতৰত স্থান লাভ কৰিছে। ইয়াৰ ফলত নেভিগেচন, জাহাজ পৰিচালনা, লজিষ্টিক আৰু সামুদ্ৰিক সংশ্লিষ্ট উদ্যোগসমূহত বিপুল সুযোগৰ সৃষ্টি হৈছে।
সৰ্বানন্দ সোণোৱালে এই পদক্ষেপসমূহৰ ফলত সূচনা হোৱা কৰ্মসংস্থানৰ সম্ভাৱনাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয়, “এই ৰূপান্তৰমুখী পদক্ষেপসমূহৰ ফলত দেশখনৰ জাহাজ নিৰ্মাণ, বন্দৰ, জাহাজ পৰিবহণ, লজিষ্টিক আৰু সংশ্লিষ্ট উদ্যোগসমূহত ২৫-৩০ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পুনৰুজ্জীৱিতকৰণ কেৱল অৰ্থনৈতিক বৃদ্ধিৰ বিষয়ে নহয়, ই আমাৰ যুৱক-যুৱতীসকলৰ বাবে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতত অৰ্থপূৰ্ণ কেৰিয়াৰ সৃষ্টিৰ বিষয়েও।”
সোণোৱালে আৰু কয়, “এই খণ্ডত প্ৰৱেশ কৰা স্নাতকধাৰী ছাত্ৰ-ছাত্ৰীয়ে নৈতিকতা বজাই ৰাখি, নতুনত্ব গ্ৰহণ কৰি, প্ৰযুক্তিগত আৰু পৰিৱেশগত প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ দায়িত্ব বহন কৰিব লাগিব, যিয়ে ভাৰতক সামুদ্ৰিক শক্তি আৰু নীল অৰ্থনীতিৰ বিশ্বৰ আগশাৰীৰ শক্তি হিচাপে উত্থানৰ ক্ষেত্ৰত প্ৰত্যক্ষ অৰিহণা যোগাব।”