ভাৰতীয় জাতীয় বিজ্ঞান একাডেমীৰ সহযোগী (ফেল’) হিচাপে নিৰ্বাচিত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ সত্য সুন্দৰ ভট্টাচাৰ্য
মাটিৰ গুণাগুণ, আৱৰ্জনাৰ পুনঃব্যৱহাৰ, নেনো সাৰৰ উন্নয়ন, কেঁচু সম্পর্কীয় জীৱবিজ্ঞান তথা বহনক্ষম কৃষি বিষয়ক কামকাজৰ বাবে মান্যতা
DD TIMES তেজপুৰ, ১৬ ছেপ্টেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰফেছৰ সত্য সুন্দৰ ভট্টাচাৰ্য ভাৰতীয় জাতীয় বিজ্ঞান একাডেমী চমুকৈ ‘আইএনএছএ’ৰ এগৰাকী সহযোগী (Fellow) হিচাপে নির্বাচিত হৈছে।

অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ভট্টাচাৰ্যক সহযোগী (Fellow) হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি ‘আইএনএছএ’ৰ তৰফৰ পৰা অতিশেহতীয়াকৈ প্ৰেৰণ কৰা বাৰ্তাই বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
উল্লেখ্য যে, মাটিৰ গুণাগুণ, আৱৰ্জনাৰ পুনঃব্যৱহাৰ, নেনো সাৰৰ উন্নয়ন, কেঁচু সম্পর্কীয় জীৱবিজ্ঞান তথা বহনক্ষম কৃষিৰ ওপৰত তেখেতে গৱেষণাসহ অব্যাহত ৰখা কামকাজৰ বাবে ভাৰতীয় বিজ্ঞানৰ ক্ষেত্ৰখনৰ এক অন্যতম এই সম্মান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰকাশ যে, প্ৰফেছৰ ভট্টাচার্যৰ তত্ত্বাৱধানত পৰিচালিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূমি আৰু কৃষি-জৈৱ অভিযান্ত্রিক গৱেষণাগাৰটোত পৰিৱৰ্তিত জলবায়ুৰ পৰিপ্ৰক্ষিতত কি ধৰণে কৃষিক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰএক জৈৱিক সমাধান উলিয়াব পাৰি সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি আহিছে ৷
বিজ্ঞান ক্ষেত্ৰখনত আগবঢ়োৱা ভট্টাচাৰ্যৰ অৱদানে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত তেখেতে গান্ধীয়ান যুৱ প্ৰযুক্তিগত উদ্ভাৱন বঁটা লাভ কৰিছিল আৰু ২০২৪ বর্ষত “নেচনেল একাডেমী অফ চায়েন্স”ৰ সহযোগী (Fellow) হিচাবে নির্বাচিত হৈছিল।
তেখেতে ছিউলৰ হানয়াগ বিশ্ববিদ্যালয়ত এগৰাকী গৱেষক অধ্যাপক হিচাবেও সেৱা আগবঢ়াইছিল। তদুপৰি আন্ত:ৰাষ্ট্ৰীয় গৱেষণাৰ সম্বন্ধ সুদৃঢ় কৰাৰ বাবে তেওঁ চুইডেনৰ অ’ৰেৱ’ বিশ্ববিদ্যালয়ৰ সৈতেও সক্রিয়ভাৱে জড়িত আছিল।
উল্লেখ্য, তেওঁ বর্তমানলৈ প্রায় ১০০খনৰো অধিক গৱেষণা পত্র প্ৰকাশ কৰি উলিয়াইছে যাৰ ভিতৰত ৮৯খন প্রতিষ্ঠিত জার্নেলত প্রকাশিত হৈছে আৰু তেখেতৰ এটা নভেল চইল কণ্ডিছনাৰ (২০২০), শীর্ষক পেটেন্ট যিটো বর্তমান ঔদ্যোগিক ব্যৱহাৰৰ বাবে আগবঢ়াই দিয়া হৈছে ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰফেছৰ হিচাপে কৰ্মৰত সত্য সুন্দৰ ভট্টাচাৰ্যক এই সফলতাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচার্য প্ৰফেছৰ শম্ভু নাথ সিঙে শুভেচ্ছা জ্ঞাপন কৰিছে ৷