ভাদমহীয়া নামঘৰত নাম-কীৰ্তনৰ মাজতে পৰি আহত হোৱা ধৰ্মপ্ৰাণ মহিলা ৰেণু মাই দেৱীৰ মৃত্যু
DD TIMES নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সৰবৰহী তথা ধৰ্মপ্ৰাণ মহিলা ৰেণু মাই দেৱীৰ (৭২) কালি বিয়লি পূব জামুগুৰিৰ হাতীচোং নামঘৰত ভাদ মহীয়া নাম গাই থাকোতে সেৱা কৰিব লওঁতেই নামঘৰৰ মজিয়াত ঢলি পৰি আহত হোৱাৰ পিছত নিশালৈ আকস্মিক মৃত্যুৰ ঘটনাই গাওঁ খনতে শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে কালি বিয়লি নামঘৰত মহিলাগৰাকীয়ে নাম-কীৰ্তন শেষ কৰি গোপিনী সকলে সেৱা কৰা সময়তে মহিলা গৰাকীয়ে নামঘৰৰ পকা মজিয়াত ঢলি পৰে । মুখমণ্ডলত ফটা ছিঙা হোৱাত মহিলা গৰাকীক লগে লগে নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।
প্ৰাথমিক চিকিৎসাৰ প্ৰদানৰ পিছত মহিলা গৰাকী সুষ্ঠ হোৱাত নিশা ন মান বজাত নিজা গৃহলৈ পৰিয়ালৰ লোকে লৈ আহে। কিন্ত পৰবৰ্তী সময়ত নিশা এঘাৰ মান বজাত মহিলা গৰাকীৰ আকস্মিক মৃত্যু ঘটে । আজি পুৱাৰ ভাগত মহিলা গৰাকী মৃত্যুৰ খবৰ বিয়পি পৰাত গাৱঁৰ গোপিনী সমাজ আৰু পূব জামুগুৰি হাতীচোঙ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, সম্পাদক লক্ষেশ্বৰ নাথ আৰু বিভিন্ন গণ্য মান্য ব্যক্তিসকলে মহিলা গৰাকীৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।
উল্লেখ্য যে অমায়িক, সাদৰী,সহজ সৰল মহিলা ৰেণুমাই দেৱীয়ে মৃত্যুৰ সময়ত স্বামী তথা অগপৰ প্ৰবীণ জেষ্ঠ নেতা বীৰচিং নাথ, দুজন বিবাহিত পুত্ৰ-বোৱাৰী সহিতে নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় ।
ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, পূৱ-জামুগুৰিৰ হাতীচোং নামঘৰ পৰিচালনা সমিতি তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে ।