ভক্তি ৰসত বুৰ গ’ল কলংপাৰৰ পুৰণি চকীয়াল নামঘৰ
পূৱ-দীঘলদৰি শংকৰী কলাকৃষ্টি কেন্দ্ৰত গৰুড়পক্ষী-দহফুট উচ্চতাৰ শৰাইৰ মূৰ্তি উন্মোচন
DD TIMES নগাঁও, ১৭ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ পূৱ-দীঘলদৰি শংকৰী কলাকৃষ্টি কেন্দ্ৰ (পুৰণি চকীয়াল নামঘৰ)ত আজি ভাদ মাহৰ সংক্ৰান্তি উদযাপনৰ লগতে দুগৰাকী বিশিষ্ট ব্যক্তিৰ বদন্যতাত এযোৰ গৰুড় পক্ষী আৰু এখন দহফুট উচ্চতাৰ শৰাই শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।

সেই উপলক্ষে গাঁওখনত উখল-মাখল পৰিবেশত পুৱা প্ৰাত:প্ৰসংগ আৰু তাৰ পিছত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী তপন কুমাৰ নাথে। পৰৱৰ্তী কীৰ্ত্তন পাঠ, নাম প্ৰসংগ অনুষ্ঠিত হয়৷

উল্লেখ্য, স্বৰ্গীয় গুণেন্দ্ৰ নাথৰ সোঁৱৰণত তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ নাথ বৰাই দুটি গৰুড় পক্ষীৰ মূৰ্তি আৰু স্বৰ্গীয় বুদুৰাম নাথৰ সোঁৱৰণত পুত্ৰ সমাজকৰ্মী ভূপেন চন্দ্ৰ নাথে আগবঢ়োৱা দহফুট উচ্চতাৰ এখন শৰাই আগবঢ়াই।

উক্ত গৰুড় পক্ষীৰ শৰাইৰ মূৰ্তিৰ শুভ উন্মোচন কৰে শংকৰী কলা-কৃষ্টিৰ সাধক মধুকান্ত নাথে। ইয়াৰ পিছতে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিকক দেৱজিৎ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট অতিথিৰ ভাষণত সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে গুৰুজনাই নামঘৰ স্থাপনৰ মূলতে ঈশ্বৰ উপসনাই নহয়, সমন্বয়ৰো পথ প্ৰদৰ্শন কৰিছিল।

শিক্ষাবিদ তথা সমাজকৰ্মী ভূপেন চন্দ্ৰ নাথে আঁতধৰা অনুষ্ঠানটিত হোজাই জিলা মীন বিভাগৰ মীন বিষয়া ভৱানী প্ৰসাদ নাথেও গুৰুজনাৰ সৃষ্টিৰাজি আৰু ভাদমাহৰ গুৰুত্ব সম্পৰ্কে সাৱলীল ভাষণ প্ৰদান কৰে।
আজিৰ এই মাংগলিক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ, সম্পাদক ভূপেন নাথ, সত্তৰ-আশী উৰ্ধৰ ব্যক্তি থানুৰাম নাথ, ডিম্ব নাথ, বকুল চন্দ্ৰ নাথ, দেৱেন চন্দ্ৰ নাথ, উমাকান্ত নাথ, হাঁহেশ্বৰ নাথ, মোহন নাথ, পূৰ্ণকান্ত নাথ, মুনীন্দ্ৰ নাথ, বগীৰাম নাথ, ভূধৰ নাথ, দধি চন্দ্ৰ নাথ, নগেন নাথকে ধৰি আইমাতৃসকল আৰু প্ৰায় পাঁচশতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে।
বিয়লিৰ পৰা নিশালৈ আইমাতৃসকলৰ দ্বাৰা মহানাম অনুষ্ঠিত হয়।

