বৰ্ষীয়ান নৃত্যশিল্পী ৰবীন দাসক ‘শংকৰী সংস্কৃতি সাধনা বঁটা’ প্ৰদান
DD TIMES নগাঁও, ১৫ ছেপ্টেম্বৰঃ নগাঁও আমোলাপট্টি নিবাসী বৰ্ষীয়ান নৃত্যশিল্পী ৰবীন দাসক শনিবাৰে প্ৰদান কৰা হয় ‘শংকৰী সংস্কৃতি সাধনা বঁটা’।

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ নগাঁও জিলা সমিতি আৰু ভাৰতীয় গণনাট্য সংঘৰ কলংপাৰ শাখাৰ যুটীয়া উদ্যোগত নৃত্যশিল্পী গৰাকীক তেওঁৰ বাসগৃহতেই এই সন্মান প্ৰদান কৰা হয়।
কথক নৃত্যৰ প্ৰশিক্ষণ লৈ পৰৱৰ্তী সময়ত ভাৰত নাট্যমৰ দীক্ষাগ্ৰহণ কৰা তথা অসমৰ লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় স্বীকৃত বিভিন্ন লোকনৃত্য প্ৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য পৰিচালক, শংকৰী নৃত্য প্ৰদৰ্শনৰে উজ্বলি উঠা বৰ্তমান ৯২ বছৰীয়া এইগৰাকী বাৰ্ধক্যই কোঙা কৰা নৃত্যশিল্পীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত নৃত্যৰ প্ৰাৰম্ভিক দীক্ষা গ্ৰহণ কৰিছিল।
শিল্পীগৰাকীয়ে তেওঁৰ অস্পষ্ট ভাষাৰে নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে উদ্যোক্তাসকলৰ অনুৰোধ মৰ্মে নৃত্যৰ মুদ্ৰা প্ৰদৰ্শনেৰে সন্মোহিত কৰে।