বৰপেটা সত্ৰত নন্দোৎসৱ পালন
DD TIMES বৰপেটা, ১৬ ছেপ্টেম্বৰঃ বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বণ সমুহৰ ভিতৰত নন্দোৎসৱ অন্যতম৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷

গোপাল আতাৰ দ্বাৰা ৰচিত “জন্মযাত্ৰা” নাটকৰ আধাৰত বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ।
নন্দোৎসৱক বৰপেটাত ‘পেকযাত্ৰা’ বুলিহে কোৱা হয়৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ টুপৰ চোতালত শিশুসকলে বোকাখেলি আনন্দত আপ্লুত হৈ পৰে৷
নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসঙ্গত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ গান কৰে৷
ইপিনে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিচত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকাভাওণা হয়৷ গায়ন বায়ন সহ নাম প্ৰসঙ্গত বহু ভকতে অংশগ্ৰহন কৰাৰ লগতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে৷
ইপিনে বৰপেটা সত্ৰৰ গুৰুআসনৰ পিছ পিনে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা কৰে ৷ ইয়াৰ পিছতে সত্ৰৰ গায়ন- বায়ন প্ৰমুখ্যে ভকত সকলে নাম গাই বৰপেটা সত্ৰৰ গুৰুআসনৰ চাৰি পিনে ৫ পাক ঘুৰি সত্ৰৰ পশ্চিম দুৱাৰেদি বাহিৰলৈ আহি সত্ৰৰ মুল কীৰ্ত্তন ঘৰৰ চাৰিফালে ৭ত পাক ঘুৰি মঠৰ চোতালত নামৰ সামৰণি পেলায়৷
ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰে ৷